ETV Bharat / international

খ্ৰীষ্টমাছ পাৰ্টী কৰি 100 গৰাকী কৰ্মচাৰী অসুস্থ

author img

By ANI

Published : Dec 26, 2023, 9:08 AM IST

100 Airbus employees fall ill in France after company Christmas party
খ্ৰীষ্টমাছ পাৰ্টী কৰি 100 গৰাকী কৰ্মচাৰী অসুস্থ

খ্ৰীষ্টমাছ পাৰ্টীত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিচতে খাদ্যৰ বিষক্ৰিয়া হৈ প্ৰায় 100 গৰাকী এয়াৰবাছৰ কৰ্মচাৰী অসুস্থ হৈ পৰে (100 Airbus employees fall ill ) ৷

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : ডিচেম্বৰ মাহৰ আৰম্ভণিতে ফ্ৰান্সৰ এখন এয়াৰবাছ সহায়ক প্ৰতিষ্ঠানত খ্ৰীষ্টমাছৰ পাৰ্টী কৰি 100 গৰাকী কৰ্মচাৰী অসুস্থ হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে ৷ এই ঘটনা সন্দৰ্ভত ইউৰোপীয় এৰ’নেটিক্স কোম্পানীৰ মুখপাত্ৰগৰাকীয়ে জনোৱা অনুসৰি, কোম্পানীটোৰ দ্বাৰা আয়োজিত এটা খ্ৰীষ্টমাছ পাৰ্টীত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিচতে খাদ্যৰ বিষক্ৰিয়া হৈ প্ৰায় 100 গৰাকী এয়াৰবাছৰ কৰ্মচাৰী অসুস্থ হৈ পৰে ৷ মুখপাত্ৰগৰাকীয়ে কি খাদ্য গ্ৰহণৰ বাবে এই ঘটনা সংঘটিত হয় তাৰ সবিশেষ জানিবলৈ দিয়া নাই ৷

যোৱা 15 ডিচেম্বৰত এই ঘটনাটো সংঘটিত হৈছিল ৷ অৱশ্যে এয়াৰবাছৰ কৰ্মচাৰীসকলে কোনো গুৰুতৰ ৰোগত ভোগা নাছিল ৷ মুখপাত্ৰজনে নিশ্চিত কৰা অনুসৰি যোৱা 18 ডিচেম্বৰৰ পৰা কিছু কৰ্মচাৰীয়ে পুনৰ কাৰ্যালয়ত যোগদান কৰিছে যদিও ইয়াৰে কিছু কৰ্মচাৰী এতিয়াও অসুস্থ হৈয়েই আছে ৷

2022 চনৰ জানুৱাৰীত স্থাপন কৰা হৈছিল এয়াৰবাছ আটলাণ্টিক নামৰ এই প্ৰতিষ্ঠানখন ৷ এইটো সম্পূৰ্ণ মালিকানাধীন এয়াৰবাছ সহায়ক প্ৰতিষ্ঠান । মুঠ 5 খন দেশত এয়াৰবাছ আটলাণ্টিকৰ শাখা কাৰ্যালয় আছে ৷ পাঁচখন দেশত এতিয়ালৈ প্ৰায় ১৩,০০০ কৰ্মচাৰী কৰ্মৰত হৈ আছে ৷ ফ্ৰান্সস্থিত মুখ্য কাৰ্যালয়টোত দুৰ্ভাগ্যজনকভাৱে বৰদিন উদযাপনত মধ্যাহ্ন ভোজন গ্ৰহণৰ পিচত এই ঘটনা সংঘটিত হয় ৷ ফ্ৰান্সৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা অনুসৰি কৰ্মচাৰীসকলক পৰীক্ষা কৰি কি খাদ্য খোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে তাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

এয়াৰবাছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, "আমাৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য সন্দৰ্ভত আমি চিন্তিত ৷ আমি এই খাদ্য বিষক্ৰিয়াৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা কৰি আছো ৷ ভৱিষ্যতে এনে ঘটনা যাতে পুনৰাই নহয় তাৰ বাবে আমি চকু ৰাখিম ৷ আমি এআৰএছ স্বাস্থ্য সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছো ।"

লগতে পঢ়ক: প্ৰতি বছৰে সমগ্ৰ বিশ্বতে উদযাপন কৰা বৰদিনৰ আঁৰৰ কাহিনী কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.