ETV Bharat / international

আফগানিস্তানলৈ বিত্তীয় সাহাৰ্য মুকলি কৰিবলৈ আমেৰিকাক আহ্বান তালিবানৰ

author img

By

Published : Oct 10, 2021, 4:44 PM IST

Taliban ask US to unfreeze Afghan financial assets
আফগানিস্তানলৈ বিত্তীয় সাহায্য মুকলি কৰিবলৈ আমেৰিকাক আহ্বান তালিবানৰ

আফগানিস্তানৰ কাবুল দখল কৰা পাছত প্ৰথমবাৰলৈ আমেৰিকাৰ সৈতে বৈঠকত মিলিত হৈছে তালিবান । এই বৈঠকত কোনবোৰ বিষয়ৰ ওপৰত হৈছে আলোচনা ?

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ অক্টোবৰ : কাবুল অধিগ্ৰহণৰ পাছত প্ৰথমবাৰলৈ বৈঠকত মিলিত হৈছে তালিবান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ । কাটাৰত অনুষ্ঠিত প্ৰথমখন বৈঠকত কেইবাটাও বিষয়কলৈ আলোচনা হয় । তাৰ ভিতৰত অন্যতম আছিল আফগানিস্তানৰ কেন্দ্ৰীয় বেংকৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা । এই বৈঠকতে আফগানিস্তানৰ কেন্দ্ৰীয় বেংকৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আতৰাবলৈ আমেৰিকাক অনুৰোধ জনাইছে তালিবানে ।

তালিবানৰ কাৰ্যকৰী বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে কয় যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে একত্ৰিত হৈ থাকিব বিচাৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দুয়োপক্ষৰ আলোচনাত প্ৰত্যেকে ইতিবাচক সম্পৰ্ক স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । আফগানিস্তানে সন্মুখীন হোৱা কঠিন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আফগান বিত্তীয় সম্পত্তিত থকা নিষেধাজ্ঞা আতৰোৱাৰ ক্ষেত্ৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

ইফালে মন্ত্ৰী আমিৰ খান মুত্তাকীয়ে কয় যে, তেওঁলোকে ইতিমধ্যে স্পষ্টকৈ কৈছে যে আফগানিস্তানৰ পৰা কোনেও লাভান্বিত নহয়, সেয়েহে কোনেও আফগানিস্তানৰ বৰ্তমানৰ চৰকাৰক দুৰ্বল কৰিবলৈ চেষ্টা কৰা উচিত নহয় বা ইতিমধ্যে অৰ্থনৈতিকভাৱে সংগ্ৰাম কৰি থকা আফগান লোকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰা উচিত নহয় ।

শেহতীয়াকৈ, আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (IMF) দেশখনৰ বৰ্ধিত অনিশ্চয়তাৰ মাজতে আফগানিস্তানক পুঁজি আৱণ্টন স্থগিত কৰি ৰাখিছে । আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে শেহতীয়াকৈ সদস্য দেশসমূহৰ বাবে ৬৫০ বিলিয়ন আমেৰিকান ডলাৰৰ স্পেচিয়েল ড্ৰয়িং ৰাইটছ (Special Drawing Rights) আৱণ্টনৰ ঘোষণা কৰিছে । কিন্তু এই মুহূৰ্তলৈ আফগানিস্তানক এই পুঁজি দিয়াৰ অনুমতি দিয়া হোৱা নাই । যোৱা মাহত, আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুখপাত্ৰ গেৰী ৰাইচে এক সংবাদমেলত কৈছিল যে আফগানিস্তানৰ চৰকাৰৰ ওপৰত অনিশ্চয়তাৰ বাবে আফগানিস্তানে এই অনুদান লাভ কৰিব নোৱাৰে ।

লগতে পঢ়ক :আফগানিস্তান দখলৰ পাছত প্ৰথমবাৰলৈ আমেৰিকাৰ মুখামুখি তালিবান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.