ETV Bharat / international

আফগানিস্তান দখলৰ পাছত প্ৰথমবাৰলৈ আমেৰিকাৰ মুখামুখি তালিবান

author img

By

Published : Oct 9, 2021, 1:54 PM IST

US Taliban meeting
আফগানিস্তান দখলৰ পাছত প্ৰথমবাৰলৈ আমেৰিকাৰ মুখামুখি তালিবান

আমেৰিকা আৰু তালিবানৰ শীৰ্ষ নেতাৰ মাজত হ'ব বৈঠক । দোহাত হ'ব গুৰুত্বপূৰ্ণ বৈঠকখন । কোনবোৰ বিষয়ক লৈ অনুষ্ঠিত হ'ব এই বৈঠক ?

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ অক্টোবৰ : তালিবানে (Taliban) আফগানিস্তান দখল কৰাৰ পাছত বহুতে আমেৰিকাক সমালোচনা কৰা দেখা গৈছিল । আফগানিস্তানৰ পৰা আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । আফগানিস্তানৰ এনে পৰিস্থিতিৰ বাবে এতিয়াও বহুতে আমেৰিকাকে দোষাৰোপ কৰিব বিচাৰে । কিন্তু ইয়াৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ ।

আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰলৈ তালিবানৰ সৈতে আলোচনা কৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ । আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে আমেৰিকাই জ্যেষ্ঠ তালিবানী নেতাসকলৰ (Taliban leader) সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত বহিব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শনিবাৰ আৰু দেওবাৰে কাটাৰৰ ৰাজধানী দোহাত বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

আমেৰিকা আৰু আন বিদেশী নাগৰিকক সুৰক্ষিতভাৱে নিজ নিজ দেশলৈ যোৱাৰ অনুমতি যাতে তালিবানী সকলে প্ৰদান কৰে সেয়া হ'ব এই বৈঠকৰ মূল বিষয়বস্তু । সেই লোকসকলৰ ভিতৰত কাবুলত আমেৰিকাৰ সেনাৰ বাবে কাম কৰা আফগান নাগৰিকসকলো থাকিব ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে আমেৰিকাই তালিবানক মহিলাকে ধৰি সকলো আফগানৰ অধিকাৰক সন্মান জনাবলৈ আৰু ব্যাপক সমৰ্থনৰ সৈতে এক অন্তৰ্ভুক্ত চৰকাৰ গঠন কৰিবলৈ হেঁচা দিব । কিয়নো আফগানিস্তানে এক গুৰুতৰ অৰ্থনৈতিক সংকট আৰু এক সম্ভাৱ্য মানৱীয় সংকটৰ সম্ভাৱনাৰ সন্মুখীন হৈছে । অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই জোৰ দি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত তালিবান শাসনক এতিয়াও স্বীকৃতি দিয়া নাই ।

লগতে পঢ়ক :সাংবাদিক মাৰিয়া ৰেছা আৰু দিমিত্রি মুৰাটভলৈ শান্তিৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.