ETV Bharat / international

আমেৰিকাৰ সৈতে ব্যক্তিগত সম্পৰ্ক বাহাল ৰখাৰ পোষকতা ৰাষ্ট্ৰপতি পুটিনৰ

author img

By

Published : Jun 14, 2021, 6:40 AM IST

Putin highlights urgency
আমেৰিকাৰ সৈতে ব্যক্তিগত সম্পৰ্ক বাহাল ৰখাৰ পোষকতা ৰাষ্ট্ৰপতি পুটিনৰ

আমেৰিকাৰ সৈতে ব্যক্তিগত সম্পৰ্ক বাহাল ৰাখিবলৈ কথা-বতৰা অব্যাহত ৰাখিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে । আমেৰিকা আৰু ৰাছিয়াৰ শীৰ্ষ সন্মিলনৰ তিনিদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য ।

ইণ্টাৰনেশ্যনেল ডেস্ক,14 জুন : আমেৰিকা আৰু ৰাছিয়াৰ শীৰ্ষ সন্মিলনৰ তিনিদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ গুৰুত্বপূৰ্ণ মন্তব্য । দুয়োখন দেশে গঠনমূলক চিন্তা আৰু তন্ত্ৰ স্থাপনৰ বিষয়ত আলোচনা কৰা উচিত যাতে ৱাশ্বিংটন আৰু মস্কোৰ বিষয় সন্নিৱিষ্ট হয় ।

এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক আৰু সম্বন্ধ বাহাল ৰাখিবলৈ বাস্তৱ ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে এক স্পষ্ট উদ্দেশ্য স্থাপন কৰিব লাগিব । ৰাষ্ট্ৰপতিগৰাকীৰ মতে কৌশলগত সম্পৰ্ক, আঞ্চলিক বিৰোধ, প্ৰকৃতি সংৰক্ষণৰ উপায় আৰু জলবায়ু আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ পাৰস্পৰিক স্বাৰ্থৰ বাবে কিমান প্ৰয়োজন সেই বিষয়ে আমেৰিকাই ভালদৰে জানে । কিছুমান এনেকুৱা বিষয় আছে য'ত তেওঁলোকে পৰস্পৰে একেলগে কাম কৰিব পাৰিব বুলিও তেওঁ আশাবাদী ।

লগতে পঢ়ক: পেলেস্তাইনী মহিলাক গুলীয়াই হত্যা ইজৰাইলী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.