ETV Bharat / international

ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে আয়াৰলেণ্ডে

author img

By

Published : Apr 29, 2021, 1:22 PM IST

কৰ'ণাসৃষ্ট সংকট কালত ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে আয়াৰলেণ্ডে
কৰ'ণাসৃষ্ট সংকট কালত ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে আয়াৰলেণ্ডে

কৰ'ণাসৃষ্ট সংকট কালত ভাৰতলৈ সহায়ৰ হাত আগবঢ়াইছে আয়াৰলেণ্ডে । জৰুৰীকালীন অনুদান হিচাপে বুধবাৰে আয়াৰলেণ্ডে ভাৰতলৈ ৭০০ অক্সিজেন কনচেনট্ৰেটৰ প্ৰেৰণ কৰে ।

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: বৰ্তমান ভাৰতত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ অভাৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই সংকটৰ সময়ত ইতিমধ্যে বিভিন্ন দেশে সহায়ৰ আশ্বাস দিছে ভাৰতক । বুধবাৰে আয়াৰলেণ্ডে জৰুৰীকালীন অনুদান হিচাপে ভাৰতলৈ ৭০০ অক্সিজেন কনচেনট্ৰেটৰ প্ৰেৰণ কৰে । ছিনহুৱা সংবাদ গোষ্ঠীয়ে প্ৰকাশ কৰিছে আইৰিছ চৰকাৰৰ ৱেবছাইটত প্ৰকাশিত এক বিবৃতি ।

এই বিবৃতিত উল্লেখ কৰা হৈছে যে, মহামাৰীৰে মোকাবিলা কৰাৰ বাবে চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে স্বাস্থ্য সেৱা কাৰ্যবাহীয়ে ক্ৰয় কৰা ষ্টকৰ পৰা অক্সিজেন কনচেনট্ৰেটৰ দান কৰা হৈছে । স্বাস্থ্য সেৱা কাৰ্যবাহী হৈছে আয়াৰলেণ্ডৰ জন স্বাস্থ্য সেৱাৰ দায়িত্বত থকা এক ৰাজ্যিক সংস্থা । বিবৃতিত উল্লেখ কৰা মতে, পুনৰ স্বাস্থ্য সেৱা কাৰ্যবাহীয়ে আৰু আয়াৰলেণ্ডৰ জনসাধাৰণে বিপদৰ সময়ত ভাৰতক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে ।

ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে বৰ্তমান মহামাৰীৰ সংক্ৰমণ বেছি হোৱা দেশৰ প্ৰতি আগবঢ়াই থকা সহযোগিতামূলক সঁহাৰিৰ সমন্বিত প্ৰচেষ্টাৰ এক অংশ হিচাপে আয়াৰলেণ্ডে জৰুৰীকালীন সাহায্য আগবঢ়াইছে । উল্লেখ্য যে, অতি কমেও এটা অক্সিজেন জেনেৰেটৰ আৰু ৩৬৫টা ভেণ্টিলেটৰৰ উপৰিও অধিক জীৱন ৰক্ষাকাৰী সা-সঁজুলিৰ আগবঢ়োৱাৰ বাবে আইৰিছ চৰকাৰ সন্মত হৈছে আৰু পৰিবহণৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: ক'ভিড আক্ৰান্ত হৈ মৃত্যু এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.