ETV Bharat / international

ক'ভিড-19 ৰ প্ৰতিষেধকৰ বাবে চুক্তি ঘোষণা অষ্ট্ৰেলিয়াৰ

author img

By

Published : Aug 19, 2020, 7:09 PM IST

মৰিছনে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে , " আমাৰ পেচিফিক পৰিয়ালৰ সহায়ৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷ "

Australia announces coronavirus vaccine deal
ক'ভিড-19 ৰ প্ৰতিষেধকৰ বাবে চুক্তি ঘোষণা অষ্ট্ৰেলিয়াৰ

নিউজ ডেস্ক, 19 আগষ্ট : অষ্ট্ৰেলিয়াই ব্ৰিটিছ-ছুৱেডিশ্ব ঔষধ কোম্পানী AstraZeneca দ্বাৰা বিকশিত কৰি থকা সম্ভাব্য কৰ‘ণা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে এক চুক্তিৰ ঘোষণা কৰে ৷

দেশখনৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে বুধবাৰে এক মন্তব্যত কয় যে, " এই চুক্তিৰ দ্বাৰা প্ৰত্যেকগৰাকী অষ্ট্ৰেলিয়াৰ নাগৰিকে বিনামূল্যে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কভিড-19 ভেকচিন লাভ কৰিবলৈ সক্ষম হ‘ব ৷ যদিহে পৰীক্ষণ সফল, সুৰক্ষিত আৰু প্ৰভাৱ পেলাব পৰা প্ৰমাণিত হয় ৷ "

তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অষ্ট্ৰেলিয়াত প্ৰস্তুত হোৱা ভেকচিন প্ৰতিৱেশী ৰাষ্ট্ৰসমূহকো বিলোৱা হ‘ব ৷ অলপতে ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতি জ‘কো উইডডো, পাপুৱা নিউ গিনীৰ প্ৰধানমন্ত্ৰী জেম্চ মাৰপে আৰু ফিজীৰ প্ৰধানমন্ত্ৰী ফ্ৰেংক বেনিমাৰামাৰ সৈতে উক্ত প্ৰতিষেধক সম্পৰ্কে আলোচনা কৰিছে ৷

মৰিছনে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে , " আমাৰ পেচিফিক পৰিয়ালৰ সহায়ৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷ "

লগতে পঢ়ক : চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ বৃদ্ধিৰ মাজতে বাংলাদেশ ভ্ৰমণ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.