ETV Bharat / international

ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব ম'টেৰা ষ্টেডিয়াম

author img

By

Published : Feb 23, 2020, 11:27 PM IST

ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব ম'টেৰা ষ্টেডিয়াম
ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব ম'টেৰা ষ্টেডিয়াম

সোমবাৰে ভাৰত যাত্ৰাৰ বাবে আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আহমেদাবাদস্থিত ম'টেৰা ষ্টেডিয়াম উদ্বোধন কৰিব ৷ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম হিচাপে পৰিগণইত হৈছে মটেৰা ষ্টেডিয়াম ৷

নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰীঃ বিগত কেইবা মাহ ধৰি ম'টেৰা ষ্টেডিয়াম বিভিন্ন কাৰণত চৰ্চিত হৈ আছে ৷ এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম ৷ সোমবাৰে ভাৰত যাত্ৰাৰ বাবে আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আহমেদাবাদস্থিত ম'টেৰা ষ্টেডিয়াম উদ্বোধন কৰিব ৷

ম'টেৰা ষ্টেডিয়ামত 1 লাখ 10 হাজাৰ লোক বহিব পৰা ব্যৱস্থা আছে ৷ এই ষ্টেডিয়াম 2015 চনৰে পৰা নিৰ্মামৰত অৱস্থাত আছে আৰু ইয়াৰ নিৰ্মাণত 100 মিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰা হৈছে ৷ এই ষ্টেডিয়াম তিনিটা প্ৰবেশ পইন্টৰ লগতে 63 একৰ ভূমি আগুৰি আছে ৷

ম'টেৰা ষ্টেডিয়ামত এটা অলিম্পিক আকাৰৰ ছুইমিং পুল, চাৰিটা ড্ৰেছিং ৰুম আৰু 75 টা কৰ্প'ৰেট বক্স আছে ৷ ষ্টেডিয়ামটোত অত্যাধুনিক ড্ৰেছিং ৰুম, ফুড কোৰ্ট আৰু আতিথ্য ক্ষেত্ৰও আছে ৷

বাহনৰ পাৰ্কিঙৰ ক্ষেত্ৰত, 3 হাজাৰৰো অধিক চাৰিচকীয়া গাড়ী আৰু 10 হাজাৰ দুচকীয়া বাহন সহজতে ষ্টেডিয়াম পৰিসৰৰ ভিতৰত ৰাখিব পৰা ব্যৱস্থা আছে ৷ ইয়াত প্ৰায় 60,000 লোকে একেলগে চলাচলৰ সুবিধাৰ বাবে এটি বিশাল ৰেম্পৰো ব্যৱস্থা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.