ETV Bharat / international

দক্ষিণ-পূৱ চীনত পুনৰ আৰম্ভ হৈছে ক'ভিড-১৯ ৰ সংক্ৰমণ

author img

By

Published : Sep 13, 2021, 11:21 AM IST

চীন(China)ত পুনৰ ক'ভিড-১৯(COVID-19)ৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ । দক্ষিণ-পূৱ চীনৰ ফুজিয়ান প্ৰদেশ(Fujian province)ত দেওবাৰৰ দিনটোত ২০ জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ৰ অৱস্থিতি । সমগ্ৰ দেশখনত দেওবাৰে ৪৬টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ।

Southeastern China reports new COVID-19 outbreak
দক্ষিণ-পূৱ চীনত পুনৰ আৰম্ভ হৈছে ক'ভিড১৯ৰ সংক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ : বিগত কেইদিনমান ধৰি চীনত বৃদ্ধি পাইছে ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ সংখ্যা । তুলনামূলকভাৱে দক্ষিণ-পূৱ চীনৰ ফুজিয়ান প্ৰদেশত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ । দেওবাৰে দিনটোত ফুজিয়ান প্ৰদেশত নতুনকৈ ২০ জন লোক মহামাৰীৰ কবলত পৰিছে । ইয়াৰে ১৯ জন লোক পুটিয়ানৰ আৰু ১ জন লোক কুৱানঝৌৰ ।

দেওবাৰে দিনটোত চীনত মুঠ আক্ৰান্ত হয় ৪৬ জন লোক । ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে এই কথা জানিবলৈ দিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ তথ্য অনুসৰি, মুঠ ৯৫,১৯৯ জন লোক এতিয়ালৈকে আক্ৰান্ত হৈছে আৰু ৪,৬৩৬ জন ৰোগীৰ মৃত্যু হৈছে । ১১,৭০,৩৩৯ জন লোকৰ সংক্ৰমিত ৰোগীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি চিনাক্ত কৰা হৈছিল ।

১২,১৪০ জন ৰোগীৰ এতিয়াও চিকিৎসা চলি আছে । সংক্ৰমিত ৰোগীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা প্ৰায় ৮৮৩ জন লোকক চিকিৎসকৰ পৰ্যবেক্ষণৰ পৰা মুক্ত কৰা হৈছে । চীনত দীৰ্ঘদিন ধৰি আক্ৰান্ত হোৱা লোকসকলৰ অধিকাংশই বিদেশৰ পৰা অহা লোক ।

যোৱা জুলাই মাহৰ মাজভাগত নানজিং চহৰত হোৱা মহামাৰীৰ সংক্ৰমণ আন কেইবাখনো চহৰলৈ বিয়পি পৰে । উল্লেখ্য যে, বিগত বৰ্ষত চীনতে প্ৰথম ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ আৰম্ভ হৈছিল । ক'ভিডৰ কাল ৰূপে ধ্বংস কৰিছে বহুতৰে জীৱন । বিশ্বৰ প্ৰায় সকলো দেশৰে অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছে মহামাৰীৰ বাবে ।

লগতে পঢ়ক: আন্তৰ্জাতিক প্ৰগ্ৰেমাৰ দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.