ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

author img

By

Published : Oct 9, 2020, 4:54 PM IST

বিশ্বত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 36,761,333 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পায় 10,66,956 গৰাকীতকৈয়ো অধিক লোকলৈ ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 9 অক্টোবৰ: বিশ্বজুৰি 36,761,333 তকৈয়ো অধিক লোকলৈ সংক্ৰমিত হৈছে কৰ'ণা মহামাৰী ৷ আনহাতে 10,66,956 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীত আক্ৰান্ত হৈ সাৱটি লৈছে মৃত্যুক ৷ অৱশ্যে বৰ্তমানলৈ 27,673,862 গৰাকীতকৈয়ো অধিক লোকে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷

বিশ্বৰ ভিতৰতে কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ 9 অক্টোবৰলৈ পোৱা তথ্য অনুসৰি আমেৰিকাত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 78,33,763 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পাইছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 2,17,738 গৰাকীলৈ ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰণালয় কৰ্তৃপক্ষই শুকুৰবাৰে দেশখনত বৰ্ধিত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে বাৰ, ৰেষ্টুৰেণ্ট, কেচিনো, নাইটক্লাৱ, স্পা আদি আদি বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

ভাৰতত বিগত 24 ঘণ্টাত পোৱা 70,496 গৰাকী আক্ৰান্তৰ সংখ্যাৰে মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 6.9 মিলিয়ন লোকলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত 24 ঘণ্টাত 964 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ লগে লগে ভাৰতত মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 106,490 তকৈয়ো অধিক লোকলৈ ৷

লগতে পঢ়ক: ফ্ল'ৰিডা আৰু পেনচিলভেনিয়াত ট্ৰাম্পতকৈ আগত বিডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.