ETV Bharat / international

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Oct 6, 2020, 1:21 PM IST

Global COVID 19 tracker Etv Bharat News
বিশ্বৰ বিভিন্ন দেশৰ সামগ্ৰিক তথ্য

বৰ্তমানলৈকে বিশ্বৰ প্ৰায় 3,56,98,655 গৰাকী লোক কৰ’ণা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 10,45,953 গৰাকীয়ে ৷ আক্ৰান্ত সকলৰ ভিতৰত 2,68,67,153 গৰাকীয়ে সুস্থ হোৱাৰো তথ্য লাভ কৰা গৈছে ৷

হায়দৰাবাদ,6 অক্টোবৰ: কৰ’ণা মহামাৰীয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰিছে একপ্ৰকাৰৰ বিভীষিকা ৷ বৰ্তমানলৈকে বিশ্বৰ প্ৰায় 3,56,98,655 গৰাকী লোক এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 10,45,953 গৰাকীয়ে ৷ আক্ৰান্ত সকলৰ ভিতৰত 2,68,67,153 গৰাকীয়ে সুস্থ হোৱাৰো তথ্য লাভ কৰা গৈছে ৷ কৰ’ণাত আক্ৰান্ত বিশ্বৰ দেশসমূহৰ তালিকাৰ শীৰ্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ দেশখনত এতিয়ালৈকে 76,79,644 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 2,15,032 গৰাকীয়ে ৷

Global COVID 19 tracker Etv Bharat News
আক্ৰান্ত দেশৰ দ্বিতীয় স্থানত ভাৰত

ইফালে আকৌ বৃটিছ চৰকাৰে 16,000 নতুনকৈ ভাইৰাছবিধত আক্ৰান্ত লোকৰ তথ্য পৰীক্ষাৰ বাবে অনুসন্ধান আৰম্ভ কৰিছে ৷ সম্প্ৰতি বিশ্বৰ প্ৰায় প্ৰতিখন দেশে এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে ৷

বিশ্বৰ বিভিন্ন দেশৰ সামগ্ৰিক তথ্য

লগতে চাওকঃ COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.