ETV Bharat / bharat

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Oct 6, 2020, 12:30 PM IST

দেশত COVID-19 ত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা মুঠ 66,85,083 গৰাকীলৈ বৃদ্ধি পায় ৷ আনহাতে শেহতীয়াকৈ 884 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা 1,03,569 গৰাকীলৈ বৃদ্ধি পাইছে ৷

COVID-19 LIVE
COVID-19 LIVE

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: ভাৰতত বিগত 24 ঘণ্টাত 61,267 গৰাকী লোক নতুনকৈ COVID-19 ত আক্ৰান্ত হোৱাৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যা মুঠ 66,85,083 গৰাকীলৈ বৃদ্ধি পায় ৷ মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷

বৰ্তমান দেশত মুঠ 9,19,023 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে এই মহামাৰীৰ কবলৰ পৰা সম্প্ৰতি আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে মুঠ 56,62,491 গৰাকীলৈ ৷

আনহাতে শেহতীয়াকৈ 884 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা 1,03,569 গৰাকীলৈ বৃদ্ধি পাইছে ৷

কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক প্ৰভাৱ পেলাইছে মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰত সম্প্ৰতি 2,52,721 গৰাকী সক্ৰিয় আক্ৰান্ত থকাৰ লগতে 11,62,585 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনত 38,347 গৰাকী ৰোগীয়ে মৃত্যুক সাৱটি লৈছে ৷

ভাৰতৰ আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা থকা তালিকাখনৰ দ্বিতীয়তে আছে কৰ্ণাটক ৷ কৰ্ণাটকত সম্প্ৰতি 1,15,496 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী থকাৰ বিপৰীতে 9,370 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ লগতে ৰাজ্যখনত 5,22,846 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

কেৰালাত 84,958 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷ আনহাতে ৰাজ্যখনত 859 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে 1,49,111 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷

একেদৰে অন্ধ্ৰ প্ৰদেশতো 51,060 গৰাকী সক্ৰিয় ৰোগী আছে ৷ 6,66,433 গৰাকী লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে আৰু 6,019 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত 2,63,938 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ দিল্লীত সম্প্ৰতি 23,080 গৰাকী সক্ৰিয় ৰোগী থকাৰ বিপৰীতে 5,542 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ দেশত মুঠ 8,10,71,797 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হোৱাৰ লগতে 5 অক্টোবৰৰ দিনটোত সম্পন্ন হৈছে 10,89,403 টা নমুনাৰ পৰীক্ষণ ৷

লগতে পঢ়ক: পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.