ETV Bharat / international

এপ্ৰিল মাহতে প্ৰিন্স উইলিয়াম আক্ৰান্ত হৈছিল কৰ'ণাত

author img

By

Published : Nov 2, 2020, 10:26 AM IST

বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডত চাৰি সপ্তাহৰ বাবে দ্বিতীয় পৰ্যায়ৰ ল'কডাউন কাৰ্যকৰী কৰা হ'ব ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হ'ব,হোটেল,ৰেষ্টোৰা সমূহৰ লগতে চেলুনৰ পৰা আৰম্ভ কৰি বৈদেশিক চুটী সমূহ কিছুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত ৷ অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ ৷

Duke tested positive for COVID-19 in April
এপ্ৰিল মাহতে প্ৰিন্স উইলিয়াম আক্ৰান্ত হৈছিল কৰ'ণাত

ইন্টাৰনেশ্য়নেলডেস্ক,2 নৱেম্বৰ : বিটিছ সংবাদ মাধ্যমে ৰবিবাৰে সদৰি কৰে যে,প্ৰিন্স উইলিয়াম,ডিউক অফ কেমব্ৰীজে এপ্ৰিল মাহতে তেওঁৰ পিতৃ প্ৰিন্স চাৰ্লচ COVID-19ত আক্ৰান্ত হোৱাৰ সময়তে পিতৃৰ সংস্পৰ্শলৈ আহিছিল | কেনসিংটন মহলত থকা প্ৰিন্স উইলিয়ামৰ ঘৰ আৰু অফিচত এই সন্দৰ্ভত আনুষ্ঠানিক ভাৱে সদৰি কৰিবলৈ বাধা দিয়া হৈছিল ৷

চানে কোৱা মতে, প্ৰিন্স উইলিয়ামে নিজৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পোৱাৰ পাছত আনক কষ্ট দিব বিচৰা নাছিল ৷ সেই বাবে নিজকে অকলশৰীয়াকৈ ৰাখিছিল ৷ ডাক্তৰৰ পৰামৰ্শ মতে চিকিৎসা কৰিছিল আৰু পৰিয়ালৰ লোকসকলক নৰফল্কত থকা আনমীৰ হলত আছুতীয়াকৈ ৰাখিছিল ৷ কিন্তু এইটো এতিয়াও স্পষ্ট নহয় যে প্ৰিন্স উইলিয়ামৰ অৱস্থা কিমান গুৰুতৰ আছিল ৷ কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডত চাৰি সপ্তাহৰ বাবে দ্বিতীয় পৰ্যায়ৰ ল'কডাউন কাৰ্যকৰী কৰা হ'ব ৷ নতুন নিয়ম মতে,অত্যাৱশ্যকীয় সামগ্ৰীৰ বাদে আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হ'ব ৷ হোটেল,ৰেষ্টোৰা সমূহৰ লগতে চেলুনৰ পৰা আৰম্ভ কৰি বৈদেশিক চুটী সমূহ কিছুদিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

জনচনে আশা কৰিছিল যে,অক্টোবৰ মাহৰ প্ৰথম অৱস্থাতে ৰোগীৰ সংখ্যা কমিব ৷ কিন্তু বিজ্ঞানীক সকলে চৰকাৰীভাৱে জনোৱা মতে,ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈ ৰোগীৰ সংখ্যা বহুত বেছি বঢ়াৰ আশংকা আছে ৷ গতিকে অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷

লগতে পঢ়ক: ড৹ কৰ্ণী সিং শ্বুটিং ৰেঞ্জৰ এথলেটৰ দেহত ক’ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.