ETV Bharat / international

আফগানিস্তানৰ বাবেই ম'টেৰাৰ ভাষণত পাকিস্তানৰ প্ৰতি নৰম হ'ল নেকি ট্ৰাম্পৰ স্থিতি ?

author img

By

Published : Feb 25, 2020, 4:54 PM IST

AFGAN ON HIS MIND, TRUMP GOES SOFT ON PAK IN MOTERA
আফগানিস্তানৰ বাবেই ম'টেৰাৰ ভাষণত পাকিস্তানৰ প্ৰতি নৰম হ'ল নেকি ট্ৰাম্পৰ স্থিতি

"বিগত এবাছৰৰ পৰা আফগানিস্তাৰ সম্পৰ্কত আমেৰিকাই পাকিস্তানৰ পৰা সহায় বিচাৰি আছে আৰু ইছলামাবাদেও যঠেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে ৷ গতিকে ট্ৰাম্পে গুজৰাটত কোৱা কথাখিনি আচৰিত হ'বলগীয়া একো নাই ৷"

2019 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামে ভাৰতৰ সাহৰ্যৰে নিৰ্মিত আফগানিস্থানৰ সংসদ ভৱনটোক এটা পুথিভৰালত লগত তুলনা কৰি তাচ্ছিল্য কৰিছিল ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে আফগানিস্তানৰ পৰা সৈন্য ঘূৰাই লৈ যোৱা সম্পৰ্কে এখন সংবাদমেল সম্বধণ কৰি কৈছিল যে, " সেয়া এক পুথিভড়াল স্থাপন কৰাৰ লেখিয়া কথা ৷"

AFGAN ON HIS MIND, TRUMP GOES SOFT ON PAK IN MOTERA
মই নাযনো কোনে সেই পুথিভড়ালটো ব্যৱহাৰ কৰি আছে - ট্ৰাম্প

"মই নাযনো কোনে সেই পুথিভড়ালটো ব্যৱহাৰ কৰি আছে ৷"- ট্ৰাম্পে তাচ্ছিল্য কৰি কৈছিল ৷ ট্ৰাম্পৰ মন্তব্যই স্বাভাৱিকতে নতুন দিল্লীক যথেষ্ঠ ব্যথিত কৰিছিল ৷ সেয়া যি কি নহওঁক, প্ৰধনমন্ত্ৰী মোডীয়ে 2015 চনত তিনি নিযুত ডলাৰ ব্যয়ৰে নিৰ্মিত আফগানিস্তানৰ সংসদ ভৱন নিৰ্মানটো যুদ্ধ বিধ্বস্ত আফাগানিস্তানৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতৰ দ্বায়িত্ববোধ হিচাপে অভিহিত কৰিছিল ৷

ৰাষ্ট্ৰপতি ট্ৰাম্পে যোৱাকালি গুজৰাটত থকা পৃথিৱীৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত "নমস্তে ট্ৰাম্প" শীৰ্ষক অনুষ্ঠানত বক্তৃতা দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰে যদিও তেওঁক পাকিস্তানৰ প্ৰতি যথেষ্ট নৰম মন্তব্য দিয়াটো পৰিলক্ষিত হয় ৷ "আমেৰিকা আৰু ভাৰত সন্ত্ৰাসবাদ বন্ধ কৰা আৰু সন্ত্ৰাসবাদী আদৰ্শ বিৰুদ্ধে কাম কৰাৰ বাবে দায়বদ্ধ ৷ এইকাৰনেই মই দ্বায়িত্ব লোৱাৰ পাছৰ পৰা আমি পাকিস্তানৰ সৈতে যথেষ্ট ধনাত্মক নীতিৰে কাম কৰি আছোঁ যাতে দেশখনৰ পৰা সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীসকলৰ ঘাটি উৎখাত কৰিব পাৰো ৷"

AFGAN ON HIS MIND, TRUMP GOES SOFT ON PAK IN MOTERA
তেওঁ পাকিস্তানে আশ্বাস দিয়া আমেৰিকা-তালিবান শান্তিৰ চুক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে

ট্ৰম্পৰ কথাৰ পৰা এয়া নিশ্চিত যে, তেওঁ পাকিস্তানে আশ্বাস দিয়া আমেৰিকা-তালিবান শান্তিৰ চুক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে ৷ "পাকিস্তানৰ লগত আমাৰ সম্পৰ্ক যথেষ্ট ভাল আৰু আমাৰ কিছু পদক্ষেপৰ কাৰণে দেশখনৰ লগত শেহতীয়াভাৱে আমাৰ সম্পৰ্কৰ উন্নতি ঘটিছে ৷ আমি ভাৱো ই গোটেই দক্ষিণ এছিয়াত শান্তি প্ৰতিষ্ঠা আৰু সুস্থিৰতাৰ সৃষ্টি কৰিব ৷"

AFGAN ON HIS MIND, TRUMP GOES SOFT ON PAK IN MOTERA
ডনাল্ড ট্ৰাম্পে আফগানিস্তানৰ লগত হ'বলগীয়া শান্তি চুক্তিৰ বাবে আশাবাদী

"ডনাল্ড ট্ৰাম্পে আফগানিস্তানৰ লগত হ'বলগীয়া শান্তি চুক্তিৰ বাবে আশাবাদী ৷ এয়া তেওঁৰ পুনঃ নিৰ্বাচনৰ বাবেও জৰুৰী ৷ 2020চনৰ নৱেম্বৰ মাহত হ'বলগীয়া নিৰ্বাচনৰ আগে-আগে আফগানিস্তাৰ পৰা মৰ্কিন সৈন্য ঘূৰাই অনা আৰু আন প্ৰতিশ্ৰুতি সমূহ পূৰ্ণকৰাটো ট্ৰম্পৰ বাবে যথেষ্ট জৰুৰী" RAWৰ প্ৰাক্তন বিশেষ সচিব আনন্দ শূৰীয়ে কয় ৷

"বিগত এবাছৰৰ পৰা আফগানিস্তাৰ সম্পৰ্কত আমেৰিকাই পাকিস্তানৰ পৰা সহায় বিচাৰি আছে আৰু ইছলামাবাদেও যঠেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে ৷ গতিকে ট্ৰাম্পে গুজৰাটত কোৱা কথাখিনি আচৰিত হ'বলগীয়া একো নাই ৷ যেতিয়ালৈকে আমেৰিকা আফগানিস্তান বিষয়ত পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল তেতিয়ালৈ দেশখনৰ বিৰুদ্ধে কঠিন স্থিতি লোৱা সম্ভৱ নহয় ৷

AFGAN ON HIS MIND, TRUMP GOES SOFT ON PAK IN MOTERA
ভাৰতে এই সকলোবোৰ আশংকা ট্ৰাম্পৰ লগত হ'বলগীয়া আলোচনাত উত্থাপন কৰাৰ সম্ভাৱনা আছে

আমেৰিকা আৰু তালিবানৰ মাজত হ'বলগীয়া শান্তিচুক্তি আৰু যুদ্ধবিধ্বস্ত দেশখনৰ পৰা মাৰ্কিন সৈন্য ঘূৰাই লৈ যোৱাটো ভাৰতৰ কাৰণে যথেষ্ট আশংকাৰ কাৰণ ৷ ভাৰতে আশংকা কৰে যে, লস্কৰ-ই-তৈবা আৰু আন সন্ত্ৰাসবাদী সংগঠনসূহে তেওঁলোকৰ শিবিৰসমূহ আফগান সীমান্তলৈ স্থানান্তৰ কৰিব পাৰে আৰু ই কাশ্মীৰক অনিশ্চয়তাৰ দিশে ঠেলি দিব পাৰে ৷ ভাৰতে এই সকলোবোৰ আশংকা ট্ৰাম্পৰ লগত হ'বলগীয়া আলোচনাত উত্থাপন কৰাৰ সম্ভাৱনা আছে ৷ ভাৰতে আৰু লক্ষ্য ৰাখিব লাগে যাতে ট্ৰাম্পে ইছলামাবাদক সন্তুষ্ট কৰিবলৈ কাশ্মীৰ সম্পৰ্কত মধ্যস্থতা কৰিবলৈ আগবাঢ়ি নাহে, যিটো ভাৰতবৰ্ষই বাৰে-বাৰে নাকচ কৰি আহিছে ৷

স্মিতা শৰ্মা,নতুন দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.