ETV Bharat / international

আমেৰিকা আৰু চীনে অনুসৰণ কৰিব টাইৱান চুক্তি

author img

By

Published : Oct 6, 2021, 11:01 AM IST

Taiwan agreement
আমেৰিকা আৰু চীনে অনুসৰণ কৰিব টাইৱান চুক্তি

টাইৱানৰ ওপৰত চীনে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । তাৰ মাজতে এক গুৰুত্বপূৰ্ণ খবৰ । আমেৰিকা আৰু চীনে এতিয়াৰে পৰা টাইৱান চুক্তি অনুসৰিহে কাম কৰিব ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ অক্টোবৰ : আমেৰিকা আৰু চীনে মানি চলিব টাইৱান চুক্তি (Taiwan agreement) । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমক জনাইছে এই কথা । হোৱাইট হাউচৰ এক সূত্ৰৰ মতে টাইৱানৰ ওপৰত চীনৰ সামৰিক কাৰ্যকলাপ সম্পৰ্কে ৰাষ্ট্ৰপতি জ' বাইডেনে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে আলোচনা কৰিছে । আলোচনাৰ পাছতে দুয়োপক্ষই টাইৱান চুক্তি মানি চলিবলৈ সন্মতি প্ৰদান কৰিছে ।

মঙলবাৰে জ' বাইডেনে এই বিষয়ে উল্লেখ কৰি কয় যে দুয়োপক্ষই টাইৱান চুক্তি মানি চলাৰ বাহিৰে আন বিকল্প নাই । ইফালে যোৱা শুকুৰবাৰৰ পৰা টাইৱানৰ আকাশ দেখা গৈছে চীনৰ প্ৰায় ১৫০ খন যুদ্ধ বিমান । টাইৱানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰা মতে টাইৱানৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰত প্ৰত্যক্ষ কৰা সেই বিমানবোৰৰ ভিতৰত আছিল পিপলছ লিবাৰেচন আৰ্মী এয়াৰক্ৰাফ্টৰ (PLAAF) ৩৪ খন শ্বেনিয়াং জে-১৬ যুঁজাৰু বিমান, দুখন SU-৩০ যুঁজাৰু বিমান, দুখন শানক্সি ৱাই-৮ এণ্টি-চাবমেৰিন যুদ্ধ বিমান , দুখন KJ-৫০০ বিমানবায়ু চালিত আগতীয়া সতৰ্কবাণী আৰু নিয়ন্ত্ৰণ বিমান (KJ-500 airborne early warning and control aircraft) আৰু ১২ খন জিয়ান H-৬ বোমাৰু ।

উল্লেখ্য যে, বেইজিঙে টাইৱানৰ ওপৰত সম্পূৰ্ণ সাৰ্বভৌমত্ব দাবী কৰি আহিছে । যাৰ বাবে বিভিন্ন প্ৰকাৰে টাইৱানক নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে চীনে । যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা বেইজিঙে টাইৱানৰ বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ ক্ষেত্ৰলৈ বিমান প্ৰেৰণ কৰি আহিছে । যাৰ বাবে দক্ষিণ-পশ্চিম অঞ্চলত তীব্ৰ উত্তেজনা বৃদ্ধি পাই আহিছে ।

লগতে পঢ়ক :ফ্ৰান্সৰ কেথলিক গীৰ্জাত যোৱা 7 দশকত যৌন উৎপীড়ন বলি ৩ হাজাৰৰো অধিক শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.