ETV Bharat / international

ফ্ৰান্সৰ কেথলিক গীৰ্জাত যোৱা 7 দশকত যৌন উৎপীড়নৰ বলি ৩ হাজাৰৰো অধিক শিশু

author img

By

Published : Oct 5, 2021, 11:51 AM IST

Updated : Oct 6, 2021, 10:51 AM IST

পবিত্ৰ কেথলিক গীৰ্জাত প্ৰকৃততে কি চলে ? ফ্ৰান্সৰ কেথলিক গীৰ্জাত যোৱা ৭ দশকত কিমান শিশু যৌন উৎপীড়নৰ বলি হৈছে ? শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্যই বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে ।

Catholic Church
ফ্ৰান্সৰ কেথলিক গীৰ্জাত যৌন উৎপীড়নৰ এক ভয়ংকৰ তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ অক্টোবৰ : ফ্ৰান্সৰ এক স্বতন্ত্ৰ আয়োগৰ ভয়ংকৰ তথ্য । যোৱা সাতটা দশকত ফ্ৰান্সৰ কেথলিক গীৰ্জাৰ ভিতৰত হাজাৰ হাজাৰ শিশু যৌন উৎপীড়নৰ বলি হৈছে । আয়োগে দাখিল কৰা ২,৫০০ পৃষ্ঠাৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে । বিশ্বৰ আন প্ৰান্তৰ লগতে ফ্ৰান্সৰ গীৰ্জাৰ এই খবৰে সম্প্ৰতি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

আয়োগৰ সভাপতি জিন-মাৰ্ক চাউভে ফ্ৰান্সৰ এক সংবাদ মাধ্যমত কোৱা মতে আনুমানিক ৩ হাজাৰ শিশু উৎপীড়কে যোৱা ৭০ বছৰত গীৰ্জাত কাম কৰিছে । তাৰ ভিতৰত দুই-তৃতীয়াংশই হৈছে গীৰ্জাৰ পাদ্ৰী । ইফালে আয়োগৰ অনুসন্ধানত সহায় কৰা ভুক্তভোগীসকলৰ সংগঠন "পাৰলাৰ এট ৰিভাইভৰে"ৰ মুৰব্বী অলিভিয়েৰ চাভিগনাকে সংবাদমাধ্যমত কোৱা মতে ভুক্তভোগীৰ আনুমানিক সংখ্যা ২,১৬,০০০ ।

তেওঁ লগতে কয় যে, যদি এই সংখ্যা ২,১৬,০০০ হয় তেনেহ'লে গড় হিচাপত ৭০ গৰাকী ভুক্তভোগীৰ বিপৰীতে আছে এজন উৎপীড়ক । তেওঁৰ মতে এয়া ফৰাচী সমাজ লগতে কেথলিক গীৰ্জাৰ বাবে অতি ভয়ংকৰ খবৰ ।

আয়োগে প্ৰায় আঢ়ৈ বছৰ অনুসন্ধান কৰিছে ভুক্তভোগী আৰু সাক্ষীৰ মন্তব্য গ্ৰহণ কৰিছে আৰু ১৯৫০ দশকৰ পৰা আৰম্ভ কৰি গীৰ্জা,আদালত,আৰক্ষী আৰু প্ৰেছ আৰ্কাইভ অধ্যয়ন কৰিছে । অনুসন্ধানটো আৰম্ভ কৰাৰ সময়তে আয়োগে ভুক্তভোগী অথবা ভুক্তভোগীক চিনি পোৱা বুলি কোৱা প্ৰায় ৬,৫০০ হাজাৰ লোকে ফোনযোগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল । আয়োগৰ সভাপতি জিন-মাৰ্ক চাউভে কোৱা মতে এনে প্ৰায় ২২ টা ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

আনহাতে, ৪০ টাতকৈও অধিক অতি পুৰণি ঘটনাৰ তদন্ত এতিয়াও হোৱা নাই যদিও সেই ঘটনাত জড়িত অপৰাধী জীয়াই আছে । সেয়ে সেই অপৰাধীসকলৰ তথ্য গীৰ্জা কতৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে । অপৰাধ নিৰ্মূলৰ বাবে আয়োগে প্ৰায় ৪৫ টা পৰামৰ্শ জাৰি কৰিছে । ইয়াৰ ভিতৰত আছে পাদ্ৰী আৰু অন্যান্য ধৰ্মগুৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰা, কেনন আইনৰ সংশোধন কৰা আৰু ভুক্তভোগীসকলক চিনাক্ত কৰি ক্ষতিপূৰণ দিয়াৰ বিশেষ আইন প্ৰস্তুত কৰা আদি ।

শেহতীয়াকৈ ফ্ৰান্সৰ এটা কেথলিক চাৰ্চৰ পুৰোহিত বাৰ্ণাৰ্ড প্ৰেনাট তেনে এক ঘটনাত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পাছতে দেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল । নাবালক শিশুক যৌন উৎপীড়ন কৰাৰ অভিযোগত দোষী সাব্যস্ত হৈ পাঁচ বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰা হৈছিল পুৰোহিত বাৰ্ণাৰ্ড প্ৰেনাটক । তেওঁ দশকজুৰি ৭৫ তকৈ অধিক কিশোৰক যৌন উৎপীড়ন কৰাৰ কথা স্বীকাৰ কৰিছিল । তাৰ পাছতে আয়োগে এই সমগ্ৰ বিষয়টোত তদন্ত আৰম্ভ কৰিছিল ।

ইফালে আয়োগৰ এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে । যোৱা দেওবাৰে ধৰ্মগুৰুসকলে প্ৰতিবেদনখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । এই সত্য সকলোৱে স্বীকাৰ কৰাৰ লগতে পৰৱৰ্তী সময়ত এনেধৰণৰ ঘটনা সংঘটিত নহ'বলৈ উচিত ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰে তেওঁলোকে । পবিত্ৰ গীৰ্জাৰ ভিতৰত উৎপীড়নৰ বলি হোৱা সকলৰ ওচৰত তেওঁলোক সদায় থকাৰ প্ৰতিশ্ৰুতি দি ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ।

লগতে পঢ়ক:সেৱা ব্যাহত হোৱাৰ বাবে সকলোকে ক্ষমা বিচাৰিলে মাৰ্ক জাকাৰবাৰ্গে

Last Updated :Oct 6, 2021, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.