ETV Bharat / international

মিচিগানৰ গুদামৰ পৰা ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে বিতৰণ ফাইজাৰ ভেকচিন

author img

By

Published : Dec 14, 2020, 1:57 PM IST

আমেৰিকাত ব্যাপকভাৱে ব্যৱহাৰ কৰাৰ বাবে ফাইজাৰে প্ৰস্তুত কৰি উলিওৱা COVID-19ৰ ভেকচিন দেওবাৰে প্ৰথমবাৰৰ বাবে মিচিগানৰ এটা গুদামৰ পৰা উলিয়াই দিয়া হৈছে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ বিভাগে জৰুৰীকালীনভাৱে শুক্ৰবাবে ফাইজাৰৰ ভেকচিনত অনুমোদন জনায় ।

মিচিগানৰ ৱেৰহাউচৰ পৰা ৰোগীৰ চিকিত্সাৰ বাবে উলিয়াই দিয়া হৈছে ফাইজাৰৰ ভেকচিন
মিচিগানৰ ৱেৰহাউচৰ পৰা ৰোগীৰ চিকিত্সাৰ বাবে উলিয়াই দিয়া হৈছে ফাইজাৰৰ ভেকচিন

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ: প্ৰাণঘাতী মহামাৰীয়ে আমেৰিকাত ৩০০,০০০ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত দেওবাৰে ফাইজাৰে প্ৰস্তুত কৰি উলিওৱা COVID-19ৰ ভেকচিন প্ৰথমবাৰৰ বাবে মিচিগানৰ এটা গুদামৰ পৰা চিকিৎসাত ব্যৱহাৰ কৰাৰ বাবে উলিয়াই দিয়া হৈছে । ইউ এছ চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ'ল এণ্ড প্ৰিভেনচনৰ পৰামৰ্শ কমিটীয়ে ১৬ বছৰৰ ব্যক্তি আৰু বৃদ্ধ লোকৰ টীকাকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ শনিবাৰে পৰামৰ্শ আগবঢ়ায় ।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ বিভাগে শুকুৰবাৰে জৰুৰীকালীনভাৱে ব্যৱহাৰৰ বাবে ফাইজাৰৰ ভেকচিনত অনুমোদন জনায় । কৰ'ণা মহামাৰীয়ে আমেৰিকাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে ফাইজাৰৰ ভেকচিন এক ডাঙৰ সকাহ হিচাপে পৰিগণিত হৈছে । শনিবাৰে ধাৰাবাহিকভাৱে সপ্তম দিনৰ বাবে COVID-19ত আক্ৰান্তৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি হয় । শীতকালীন বন্ধ অব্যাহত আছে যদিও বিশেষজ্ঞই সতৰ্কবাণী জাৰি কৰিছে যে, টীকাকৰণ ব্যাপক হাৰত সম্পন্ন হোৱাৰ পূৰ্বে অসাৱধানতাৰ বাবে বহু লোক মহামাৰীত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে ।

মুঠ ৬৩৬ খন হাস্পতালত অহা সপ্তাহত ভেকচিন উপলব্ধ হ'ব । চি এন এনৰ মতে, প্ৰায় ১,৮৪,২৭৫ টা ভেকচিন থকা ১৮৯ টা বাকচ গুদামৰ পৰা বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ ৰা হৈছে । ৩,৯০০টা ভেকচিন দেওবাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ পোৱাৰ কথা আছিল । ৩,৯০,০০০টা ভেকচিন থকা ৪০০ টা বাকচ মঙলবাৰে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে । ফাইজাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ভেকচিনৰ এটা সৰু কণ্টেইনাৰত ৫ টা খোৰাক থাকে ।

টীকাকৰণ অভিযানৰ নেতৃত্বত থকা এগৰাকী পৰামৰ্শদাতা ড০ মনচেফ শ্লাউই ফক্স নিউজৰ এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে, চলিত বৰ্ষৰ শেষৰ ভাগলৈকে তেওঁলোকে ভেকচিনৰ প্ৰায় ১৪ মিলিয়ন খোৰাক উপলব্ধ আৰু বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে । ফাইজাৰ আৰু মডাৰ্নাই প্ৰস্তুত কৰি উলিয়াইছে এই ভেকচিন । আগন্তুক মাহত ৫০-৮০ মিলিয়ন খোৰাক বিতৰণ কৰা হ'ব । সমান সংখ্যক খোৰাক ফেব্ৰুৱাৰীত যোগান ধৰা হ'ব ।

১০০ মিলিয়ন লোকৰ টীকাকৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে । দীৰ্ঘদিন ধৰি অসুখত ভূগি থকা, মহামাৰীৰ সময়ত সেৱা আগবঢ়োৱাত অগ্ৰণী ভূমিকা লোৱা স্বাস্থ্য কৰ্মীক প্ৰথমে টীকাকৰণ কৰোৱাৰ কথা চিন্তা কৰা হৈছে । দেশখনৰ জনসংখ্যাৰ ৭৫-৮০ শতাংশ লোকক টীকাকৰণ কৰিব লাগিব । সমগ্ৰ বিশ্বতে ৭১ মিলিয়ন লোকক সংক্ৰমিত কৰা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ভেকচিন প্ৰস্তুত কৰি বৰ্তমান প্ৰকৃত যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু ফাইজাৰ ।

লগতে পঢ়ক:মাউন্ট কিলিমাঞ্জাৰোত স্থাপন হ’ব কেবল কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.