ETV Bharat / international

Mexico bus crash : শোকাৱহ বাছ দুৰ্ঘটনাত নিহত ১৯ গৰাকী যাত্ৰী

author img

By

Published : Nov 27, 2021, 2:08 PM IST

মেক্সিকোত শুকুৰবাৰে পুৱাই সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা (Mexico bus crash)। দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰৰ বাবে এয়াৰ লিফ্টৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

Mexico bus crash
শোকাবহ দুৰ্ঘটনাত নিহত ১৯ গৰাকী যাত্ৰী

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ নৱেম্বৰ : দক্ষিণ আমেৰিকাৰ মেক্সিকোত এক শোকাবহ বাছ দুৰ্ঘটনা (Mexico bus crash) । শুকুৰাবাৰে পুৱাই হোৱা এই বাছ দুৰ্ঘটনাত প্ৰায় ১৯ গৰাকী লোকৰ মৃত্যু হয় আৰু প্ৰায় ২৫ গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় । তীব্ৰবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা ঘৰত খুন্দা মৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মিচাওকান ৰাজ্যৰ পৰা মেক্সিকোৰ এটা মন্দিৰলৈ বুলি যাত্ৰা কৰি আছিল বাছখন ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আঘাতপ্ৰাপ্তসকলক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ৰেডক্ৰছে দুৰ্ঘটনা সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰাৰ লগতে টুইট কৰি কয় (Red Cross tweet on Mexico bus crash) যে সেই স্থানলৈ ১০ খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে । লগতে অনুসন্ধান আৰু উদ্ধাৰকাৰী গোট গ্ৰুপো ৰেলাম্পাগোছে আহতসকলক বিমানেৰে নিয়াৰ বাবে দুখন হেলিকপ্তাৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: Bulgaria Bus crash : শিশুসহ মৃত্যু প্ৰায় ৪৫ গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.