ETV Bharat / international

আফ্ৰিকাত আৰম্ভ ক'ভিড-১৯ৰ টীকাকৰণ অভিযান: বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Mar 2, 2021, 5:51 PM IST

আফ্ৰিকা মহাদেশৰ ঘানা আৰু কোট ডি আইভৰ দেশে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ পৰা এষ্ট্ৰাজেনেকা আৰু অক্সফ'ৰ্ডৰ প্ৰতিষেধক লাভ কৰিছে । ঘানাই ২৪ ফেব্ৰুৱাৰীত লাভ কৰিছে ৬ লাখ প্ৰতিষেধক আৰু কোট ডি আইভৰে লাভ কৰিছে ৫ লাখ ৪ হাজাৰ ক'ভিড-১৯ৰ প্ৰতিষেধক ।

আফ্ৰিকাত আৰম্ভ ক'ভিড-১৯ৰ টীকাকৰণ অভিযান:বিশ্ব স্বাস্থ্য সংস্থা
আফ্ৰিকাত আৰম্ভ ক'ভিড-১৯ৰ টীকাকৰণ অভিযান:বিশ্ব স্বাস্থ্য সংস্থা

নিউজ ডেস্ক,২ মাৰ্চ: বিশ্বৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ক'ভিড-১৯ ভাইৰাছৰ টীকাকৰণৰ কাৰ্যসূচী । বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰা মতে আফ্ৰিকা মহাদেশত প্ৰথমবাৰলৈ আৰম্ভ হৈছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । মহাদেশখনৰ ঘানা আৰু কোট ডি আইভৰ দেশত আৰম্ভ হৈছে এই প্ৰতিষেধক প্ৰদান অভিযান । বিশ্ব স্বাস্থ্য সংস্থাই সোমবাৰে এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা মতে যোৱা সপ্তাহত দুয়োখন দেশলৈ ৰপ্তানি কৰা হৈছিল প্ৰতিষেধকসমূহ । ঘানাই ২৪ ফেব্ৰুৱাৰীত লাভ কৰিছে ৬ লাখ প্ৰতিষেধক সমান্তৰালকৈ তাৰ থিক দুদিন পিছত কোট ডি আইভৰে লাভ কৰিছে ৫ লাখ ৪ হাজাৰ ক'ভিড-১৯ৰ প্ৰতিষেধক ।

দুয়োখন দেশে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ (এছআইআই) পৰা এষ্ট্ৰাজেনেকা আৰু অক্সফ'ৰ্ডৰ প্ৰতিষেধক লাভ কৰিছে । যাক ১৫ ফেব্ৰুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন ব্যৱহাৰ তালিকাত অন্তৰ্ভূক্ত কৰিছিল ।

দুয়োখন দেশলৈ প্ৰতিষেধক ৰপ্তানিৰ লগে লগে এতিয়া বিশ্বজুৰি প্ৰতিষেধক প্ৰদানৰ সৰ্ববৃহৎ আৰু দ্ৰুত টীকাকৰণৰ কথাও স্পষ্ট হৈ পৰিছে । এই প্ৰতিষেধক ২০২১ চনৰ শেষলৈ মুঠ দুই বিলিয়ন ৰপ্তানিৰ লক্ষ্য আগত ৰখা হৈছে । বিশ্বজুৰি প্ৰতিষেধকৰ প্ৰদান দেখি আনন্দিত বিশ্ব স্বাস্থ্য সংস্থা । বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানে জনোৱা মতে এই দিনটোৰ বাবে সংস্থাটোৱে প্ৰায় ১২ মাহ সময় অপেক্ষা কৰিবলগীয়া হৈছে । কিন্তু তেওঁ সফলতাকলৈ যথেষ্ট আশাবাদী কিয়নো যি প্ৰাপ্তিৰ বাবে ক'ভাক্স নিৰ্মাণ কৰা হৈছে এয়া মাত্ৰ তাৰ আৰম্ভণিহে । লগতে সংস্থাটোৱে প্ৰকাশ কৰে যে ক'ভাক্স প্ৰতিষেধকৰ জৰিয়তে আফ্ৰিকা মহাদেশত আৰম্ভ কৰা সৰ্ববৃহৎ টীকাকৰণ অভিযানে এটা কথা স্পষ্ট কৰে যে দেশখন মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ কি ধৰণে সাজু হৈছে ।

লগতে পঢ়ক: ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন মালালাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.