ETV Bharat / headlines

Karbi peace accord: শান্তি চুক্তিৰ দফা ২.৩ বাতিলৰ দাবীত ডিফুত প্ৰতিবাদ

author img

By

Published : Jan 18, 2022, 8:53 PM IST

Updated : Jan 19, 2022, 1:51 PM IST

karbinglang-organizations-opposing-clause-of-karbi-peace-accord
Karbi peace accord: শান্তি চুক্তিৰ দফা ২'৩ বাতিলৰ দাবীত ডিফুত প্ৰতিবাদ

কাৰ্বি শান্তি চুক্তিৰ পিছত কাৰ্বি পাহাৰলৈ শান্তি নামি অহাৰ ধাৰণা কৰা হৈছিল ৷ শান্তিচুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠন সমুহেও দাবী কৰিছিল পাহাৰীয়া জিলাখনত শান্তি নামি অহাৰ কথা ৷ পিছে এইবাৰ শান্তি চুক্তিৰ দফা ২.৩ বাতিলৰ দাবীত ডিফুত সাব্যস্ত কৰা হ’ল প্ৰতিবাদ (Protest against clause of Karbi peace accord) ৷ সবিশেষ জানো আহক ৷

ডিফু, ১৮ জানুৱাৰী : যোৱা চাৰি ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ছয়টাকৈ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে(Six extremist group of Karbianglang) অস্ত্ৰ সম্বৰণ কৰি ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰে ( Karbi peace accord ) ৷ এই শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা জিলাখনত শান্তি চুক্তিৰ দফা ২.৩কলৈ বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দেলন অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ চুক্তি স্বাক্ষৰিত কৰাৰ পিছত চুক্তিখনৰ পাহাৰীয়া খিলঞ্জীয়া লোকৰ সাংবিধানিক অধিকাৰ চুক্তিখনৰ উল্লেখিত ২.৩ নং দফাটোৱে খৰ্ব কৰিব বুলি শংকিত হৈ পৰিছে একাংশ দল-সংগঠন ৷

Karbi peace accord: শান্তি চুক্তিৰ দফা ২'৩ বাতিলৰ দাবীত ডিফুত প্ৰতিবাদ

ইয়াৰে অংশ হিচাপে শেহতীয়াকৈ গঠন হোৱা জইণ্ট কো'অৰ্ডিনেছন কমিটি ফৰ প্ৰটেকছন অফ অট'নমি চমুকৈ 'JCCPA' শীৰ্ষক সংগঠনটোৰ উদ্যোগত উক্ত দাবীৰ সন্দৰ্ভত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ মঙলবাৰে ডিফুৰ ছেমছনছিং ইংতি স্মৃতি উদ্যানত সংগঠনটোৰ ভালে সংখ্যক নেতা-কৰ্মী সমবেত হৈ চুক্তিখনৰ উক্ত দফা বাতিলৰ দাবী জনাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদকাৰী সকলে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সুৰক্ষাৰ লগতে শান্তি চুক্তিৰ ২.৩ নং দফা বাতিল কৰাৰ দাবীত বিভিন্ন শ্ল'গান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰাও পৰিলক্ষিত হয় (Protest against clause of Karbi peace accord) ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এএছডিচি দলৰ সভাপতি তথা জেচচিপিএৰ আহ্বায়ক চন্দৰ্কান্ত তেৰাঙে সাংবাদিকৰ আগত কয় যে, শান্তি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত পাহাৰীয়া জিলাখনৰ সকলো দল-সংগঠনক আস্থাতলৈ আগবঢ়াৰ পৰামৰ্শ দিয়া হৈছিল যদিও জিলাখনৰ দল-সংগঠন সমূহক সম্পূৰ্ণ আন্ধাৰত ৰাখি এই চুক্তি সম্পাদন কৰা হ'ল ৷

ইয়াৰোপৰি নেতা গৰাকীয়ে উগ্ৰপন্থী সংগঠনৰ সদস্য সকলে মূল সূঁতিলৈ উভতি অহা কাৰ্যক আদৰণি জনাইছে ৷ উল্লেখযোগ্যযে, শান্তিচুক্তি স্বাক্ষৰকাৰী উগ্ৰপন্থী সংগঠন সমুহে চুক্তি স্বাক্ষৰ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে জিলাখনৰ একাংশ দল সংগঠনে চুক্তিখনৰ উক্ত দফাৰ বিৰোধিতা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে (Karbinglang Organizations opposing clause of Karbi peace accord) ৷

লগতে পঢ়ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক’লে ABSU ৰ সভাপতিয়ে ?

Last Updated :Jan 19, 2022, 1:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.