ETV Bharat / headlines

চৰকাৰৰ দ্বাৰা প্ৰতাৰণাৰ অভিযোগেৰে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ মানৱ শৃংখল

author img

By

Published : Sep 29, 2020, 4:34 PM IST

Garia maria protest
চৰকাৰৰ দ্বাৰা প্ৰতাৰণাৰ অভিযোগেৰে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ মানৱ শৃংখল

গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ সুকীয়া জৰীপ আৰু উপগ্ৰহীয় স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত বৰপেটাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৷


বৰপেটা,২৯ ছেপ্টেম্বৰঃ বৰপেটাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সদস্যৰ দ্বাৰা মানৱ শ়ংখল কাৰ্যসূচী । ৰাজ্যত বসবাস কৰা গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলক উপগ্ৰহীয় স্বায়ত্ত্ব শাসন প্ৰদান কৰা, উন্নয়ন নিগম অতি শীঘ্ৰে কাৰ্যকৰী কৰা, জনগোষ্ঠীৰ লোক সকলৰ সুকীয়া জৰীপৰ দ্বাৰা চিনাক্তকৰণ আদি দাবীৰে সদৌ অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা চহৰত ৰূপায়ণ কৰে মানৱ শৃংখলৰ এই কাৰ্যসূচী ৷

ৰাজ্যত বসবাস কৰি অহা খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোক সকলক ৰাজ্য চৰকাৰে কৰি অহা প্ৰতাৰণাৰ অভিযোগ তুলি কৰা এই মানৱ শৃংখলৰ কাৰ্যসূচীত উপস্থিত থাকে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আলী, সভাপতি আতিকুল হ’ক, সাধাৰণ সম্পাদক চলমান হুছেইন, মফিদুল হকৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰতিবাদকাৰী সকল ৷ মানৱ শৃংখলেৰে কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভনিতে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰৰ বিয়োগত শোক প্ৰকাশ কৰি ১ মিনিটৰ মৌন প্ৰাৰ্থনা কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.