ETV Bharat / entertainment

Nayanthara on Casting Couch: অভিনেত্ৰী নয়নতাৰাই কিয় প্ৰত্যাখ্যান কৰিছিল গুৰুত্বপূৰ্ণ চৰিত্ৰৰ অফাৰ ?

author img

By

Published : Feb 3, 2023, 5:39 PM IST

Nayanthara on Casting Couch : শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘জোৱান’ৰ মুখ্য অভিনেত্ৰী নয়নতাৰাই কাষ্টিং কাউচ সন্দৰ্ভত প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য । জানো আহকচোন এই ছুপাৰহিট দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে কি ক’লে-

Nayanthara
নয়নতাৰাই প্ৰত্যাখ্যান কৰিছিল গুৰুত্বপূৰ্ণ চৰিত্ৰৰ অফাৰ

চিটাৰা ডেস্ক, 3 ফেব্ৰুৱাৰী : ভাৰতীয় চলচ্চিত্ৰ জগত আৰু টিভিৰ জগতৰ অভিনেত্ৰীসকলে উদ্যোগটোত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ প্ৰায়ে যৌন নিৰ্যাতনৰ সন্মুখীন হয় ৷ অভিনেত্ৰীসকলৰ ওপৰত যৌন অনুগ্ৰহৰ চাপৰ বহু কথা ইতিমধ্যে পোহৰলৈ আহিছে ৷ কাষ্টিং কাউচৰ লেতেৰা খেলখনে ভিতৰৰ পৰাই চলচ্চিত্ৰ জগতখনক কোঙা কৰি তুলিছে । দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ অভিনেত্ৰী নয়নতাৰাও সন্মুখীন হৈছিল এই পৰিস্থিতিৰ ৷ এক ডাঙৰ চাঞ্চল্যকৰ প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত এই কথা প্ৰকাশ কৰিছে তেওঁ । বলীউডৰ কিং শ্বাহৰুখ খানৰ সৈতে প্ৰথমবাৰৰ বাবে জোৱান ছবিখনত দেখা যাব এই গৰাকী অভিনেত্ৰীক । এইবছৰেই মুক্তি পাব ছবিখন ।

কাষ্টিং কাউচ সন্দৰ্ভত কি ক’লে নয়নতাৰাই

সংবাদ মাধ্যমৰ আগত নয়নতাৰাই কৈছে, তেওঁক এখন চলচ্চিত্ৰত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে পৰিচালকৰ পক্ষপাতী হ'বলৈ কোৱা হৈছিল, কিন্তু অভিনেত্ৰীগৰাকীয়ে এই লেতেৰা প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছিল (Nayanthara on Casting Couch)। "ইয়াত মই বহুতো কথা শিকিছোঁ আৰু বহুতো বস্তু অতিক্ৰম কৰিছো, কিন্তু সকলো ভালেই হৈছে, মই যি ভুল কৰিছিলো, ভাল আৰু বেয়া, মই সেই পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছিলো, এতিয়া সকলো ঠিকেই আছে, এই সকলোবোৰ কথা পৰা বহুত শিকিলো, 18 ৰ পৰা 19 বছৰ চলচ্চিত্ৰ উদ্যোগত থকাটো ইমান সহজ নহয় । কিন্তু অনুৰাগী আৰু ঈশ্বৰৰ মৰমে মোক আৱৰি আছিল, মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ, মই এই সকলোবোৰ কথা কেনেকৈ শব্দত প্ৰকাশ কৰিব লাগে নাজানো", এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে নয়নতাৰাই ।

স্বামী ৱিগনেশ্বক লৈ কি ক’লে নয়নতাৰাই

এই সাক্ষাৎকাৰত দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ চলচ্চিত্ৰ নিৰ্মাতা স্বামী ৱিগনেশ্ব শিৱানৰ বিষয়েও কয় । অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই ভাবো এতিয়া মই একো চিন্তা কৰিব নালাগে । মই অনুভৱ কৰোঁ যে যদি তেওঁ মোৰ লগত থাকে তেন্তে সকলো ঠিকেই থাকিব" । বিগত বছৰৰ 9 জুনত নয়নতাৰা ৱিগনেশ্বৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ৷ এতিয়া দুয়ো যমজ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে ।

নয়নতাৰাৰ আগন্তুক ছবি

নয়নতাৰাৰ ৱৰ্ক ফ্ৰণ্টৰ বিষয়ে ক’বলৈ গ’লে সম্প্ৰতি শ্বাহৰুখ খানৰ ছবি জোৱানৰ বাবে আলোচনাত আছে তেওঁ । শ্বাহৰুখে এই ছবিখনৰ শ্বুটিং পুনৰ আৰম্ভ কৰিছে । এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে নয়নতাৰা । আপোনালোকক জনাও, ‘জোৱান’ হৈছে এখন পান ইণ্ডিয়া ছবি, যিখন ছবি নিৰ্মাণ কৰিছে দক্ষিণৰ ছবি পৰিচালক আটলীয়ে । ইয়াৰ উপৰিও, অভিনেত্ৰীগৰাকী 'ইৰাইভান' নামেৰে নিৰ্মাণ কৰা এখন তামিল চলচ্চিত্ৰখনৰ অংশ হ'ব ।

লগতে পঢ়ক : Shah Rukh Khan news: পাঠানৰ সফলতাৰ পিছত অনুৰাগীলৈ ফ্লায়িং কিছ বাদশ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.