ETV Bharat / entertainment

ছলমান খানৰ পানভেল ফাৰ্ম হাউচত দুজন অচিনাকি লোকৰ প্ৰৱেশ

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 3:42 PM IST

Two people try to illegally enter Salman Khan's Panvel farmhouse
ছলমান খানৰ ফাৰ্ম হাউচত অচিনাকি লোকৰ প্ৰৱেশ

Salman Khan Panvel Farm House News: ছলমান খানৰ সৈতে জড়িত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে । অভিনেতাগৰাকীৰ পানভেলত ফাৰ্ম হাউচত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল দুজন অচিনাকি লোকে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে দুয়োকে ধৰি আৰক্ষীক গতাই দিয়ে ।

চিটাৰা ডেস্ক, 8 জানুৱাৰী: যোৱা বছৰ লৰেন্স গেঙে কেইবাবাৰো হত্যাৰ ভাবুকি দিছিল বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক । যাৰ বাবে তেওঁৰ নিৰাপত্তা বহু পৰিমাণে বৃদ্ধি কৰা হৈছিল । লগতে তেওঁক জেড প্লাছৰ নিৰাপত্তা দিয়া হৈছে । এই সকলোবোৰৰ মাজতে ছলমান খানৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে ৷ খবৰ অনুসৰি ছলমান খানৰ পানভেল ফাৰ্ম হাউচত দুজন সন্দেহজনক লোকে বলপূৰ্বকভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে । অৱশ্যে দুয়ো অভিযুক্ত ফাৰ্ম হাউচত প্ৰৱেশ কৰাৰ আগতেই নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক ধৰি আৰক্ষীক গতাই দিয়ে ।

আৰক্ষীয়ে দুয়ো অভিযুক্তৰ ভুৱা আইডি কাৰ্ড উদ্ধাৰ কৰিছে

আৰক্ষীৰ মতে, অভিযুক্তই ছলমান খানৰ ফাৰ্ম হাউচৰ তাঁৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । আৰক্ষীয়ে কয় যে অভিযুক্তই ছলমান খানৰ পানভেল ফাৰ্ম হাউচত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়ত অভিনেতাজন তাত উপস্থিত নাছিল । বৰ্তমান আৰক্ষীয়ে দুয়োটাকে গ্ৰেপ্তাৰ কৰিছে । দুয়োৰে কাৰ্যকলাপ সন্দেহজনক যদিও আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্তই নিজকে ছলমান খানৰ অনুৰাগী বুলি কয় । আৰক্ষীয়ে দুয়োজন অভিযুক্তৰ পৰা ভুৱা আইডি কাৰ্ডো উদ্ধাৰ কৰিছে যদিও তেওঁলোকৰ পৰা কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই । বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম অজেশ কুমাৰ গিল আৰু গুৰুসেৱক । জেৰাৰ সময়ত দুয়োজন পঞ্জাৱ আৰু ৰাজস্থানৰ বুলি কয় । বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জেৰা চলাই আছে আৰু ছলমান খানৰ ফাৰ্ম হাউচত প্ৰৱেশ কৰাৰ উদ্দেশ্য জানিবলৈ চেষ্টা চলাই আছে । এই সকলোবোৰৰ মাজতে আৰক্ষীয়ে দুয়োৰে বিৰুদ্ধে ভুৱা আধাৰ কাৰ্ড পোৱাৰ অভিযোগত বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে । বৰ্তমান বিষয়টো গুৰুতৰ আৰু আৰক্ষীয়ে প্ৰতিটো দিশৰ তদন্ত কৰি আছে । এতিয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব আচলত দুয়ো অনুৰাগী নে অপৰাধী ৷

লগতে পঢ়ক: অভিনেতাৰ জন্মদিন উদযাপন কৰিবলৈ গৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, আহত আন তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.