ETV Bharat / entertainment

অভিনেতাৰ জন্মদিন উদযাপন কৰিবলৈ গৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, আহত আন তিনি

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:43 PM IST

Updated : Jan 8, 2024, 1:50 PM IST

Fatal accident mars Yash's birthday: মৰ্মান্তিক ! কেজিএফ খ্যাত অভিনেতা যশৰ ৩৮ সংখ্যক জন্মদিন উদযাপন কৰিবলৈ গৈ মৃত্যু হ’ল তিনিগৰাকী অনুৰাগীৰ ৷ আনহাতে আহত হ’ল তিনিগৰাকী, ইয়াৰে দুগৰাকীৰ অৱস্থা সংকটজনক ৷ ঘটনাৰ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Fatal accident mars Yash's birthday celebration, three electrocuted in Karnataka
কেজিএফ খ্যাত অভিনেতা যশৰ ৩৮ সংখ্যক জন্মদিন উদযাপন কৰিবলৈ গৈ মৃত্যু হ’ল তিনিগৰাকী অনুৰাগী

চিটাৰা ডেস্ক, ৮ জানুৱাৰী: হৃদয়বিদাৰক ! কেজিএফ তাৰকা যশৰ জন্মদিন উদযাপন কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে তিনিজন ব্যক্তিয়ে ৷ ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন তিনিজন লোক ৷ কৰ্ণাটকাৰ গডাগ জিলাৰ লক্ষ্মেশ্বৰ চহৰৰ সমীপত অৱস্থিত সোৰানাগি গাঁৱত সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই কৰুণ ঘটনা । বৰ্তমান আহত ব্যক্তিসকলৰ স্থানীয় চিকিৎসালয়ত চিকিৎসা চলি আছে ।

উল্লেখ্য যে, প্ৰাণ হেৰুওৱা ব্যক্তিৰ ভিতৰত আছে হনুমন্ত হৰিজন, মুৰালী নাদুমণি আৰু ২০ বছৰীয়া নবীন গাজী । এই ঘটনাৰ সময়ত আহত হয় মঞ্জুনাথ হৰিজন, প্ৰকাশ ম্যাগেৰী আৰু দীপক হৰিজন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গাঁৱৰ এদল উৎসাহী যুৱক-যুৱতীয়ে ‘কে জি এফ’ ছুপাৰষ্টাৰ যশৰ প্ৰতি নিজৰ মৰমৰ চিন হিচাপে তাৰকাগৰাকীৰ কাট আউট তৈয়াৰ কৰিছিল ৷ যিহেতু ৮ জানুৱাৰীত অৰ্থাৎ আজি যশৰ জন্মদিন সেয়েহে জন্মদিন উদযাপন কৰিবলৈ অনুৰাগীয়ে নিৰ্মাণ কৰিছিল যশৰ কাট আউট ৷ কিন্তু দুৰ্ভাগ্যবশতঃ নিশাৰ আন্ধাৰৰ বাবে অনুৰাগীয়ে ওপৰেদি যোৱা উচ্চ প্ৰবাহৰ বৈদ্যুতিক তাঁৰৰ উপস্থিতিৰ উমান নাপালে । যাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ সংঘটিত হয় এনে ভয়ংকৰ ঘটনা ৷

ইফালে এই ঘটনাৰ পাচতে স্থানীয় বিধায়ক চন্দ্ৰ লামানীয়ে লক্ষ্মেশ্বৰৰ চিকিৎসালয়ত উপস্থিত হয়, য’ত আহতসকল চিকিৎসাধীন হৈ আছে । মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ।

এই ঘটনা সন্দৰ্ভত জিলা প্ৰভাৰী মন্ত্ৰী এইচ.কে.পাটিলে তথ্য সংগ্ৰহৰ বাবে উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰিছে । তেওঁ ইংগিত দিছে যে তেওঁ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ সৈতে এই বিষয়ত আলোচনা কৰি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিব ।

আৰক্ষী অধীক্ষক বি.এছ. নেমাগৌডে ঘটনা বিৱৰণ দি কয় যে যশৰ ফেন গ্ৰুপৰ প্ৰায় নজন সদস্যই লোহাৰ ফ্ৰেমৰ সৈতে এটা কাট-আউট স্থাপন কৰি আছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে গঠনটো বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় । আহত দুজনৰ অৱস্থা সংকটজনক বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: জাভেদ আখতাৰক উভতি ধৰিলে এনিমেলৰ নিৰ্মাতাই, ক’লে-প্ৰেমক লিংগ . . .

Last Updated :Jan 8, 2024, 1:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.