ETV Bharat / entertainment

Sonam Kapoor In UK : ৰাজ অভিষেক কনচাৰ্টত নমস্কাৰৰে ব্ৰিটেইনক সম্ভাষণ জনালে সোণম কাপুৰে

author img

By

Published : May 8, 2023, 11:45 AM IST

Sonam Kapoor greets UK crowd with Namaste
তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠানত সোণম কাপুৰ

ব্ৰিটেইনৰ ৪০ সংখ্যক ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠানত সোণম কাপুৰে ৫৬ খন কমনৱেলথ দেশৰ শিল্পীৰ মাজত অনুষ্ঠান পৰিৱেশন কৰে । ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে নমস্কাৰৰে নিজৰ উপস্থাপন আৰম্ভ কৰে (Sonam Kapoor In UK)।

চিটাৰা ডেস্ক, 8 মে’: ব্ৰিটেইনৰ ৪০ সংখ্যক ৰজা হিচাপে তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠানত সমগ্ৰ বিশ্বৰ অতিথিসকলে অংশগ্ৰহণ কৰিছে (Sonam Kapoor In King Charles Coronation)। বলীউডৰ অভিনেত্ৰী সোণম কাপুৰেও ৱেষ্টমিনিষ্টাৰ এবেত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে । ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেকত অংশগ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে সোণম কাপুৰে (Sonam Kapoor) ৷

ইয়াৰ কমনৱেলথৰ দেশৰ শিল্পীসকলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে অভিনেত্ৰীগৰাকী (Sonam Kapoor greets UK crowd with Namaste)। ৫৬ খন কমনৱেলথ দেশৰ পৰা অহা গায়ক গ্ৰুপ, একক শিল্পী আৰু গ্ৰুপ শিল্পীৰ সন্মুখত আঁত ধৰোঁতা হিচাপে সোণমে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হয় । এই সময়ছোৱাত আইকন হিচাপে আত্মপ্ৰকাশ কৰে সোণম কাপুৰে (King Charles IIIs Coronation) ।

অভিনেত্ৰীগৰাকীয়ে অনুষ্ঠানটোত ষ্টিভ উইনউডকো চিনাকি কৰাই দিয়ে, যিয়ে ৭০ জনীয়া অৰ্কেষ্ট্ৰাৰ সৈতে তেওঁৰ জনপ্ৰিয় গীত ‘হায়াৰ লাভ’ৰ আধুনিক সংস্কৰণ পৰিবেশন কৰে (Showbiz side of enthronement) । এই অনুষ্ঠানটোৰ আটাইতকৈ বিশেষ কথাটো হ’ল যে অভিনেত্ৰীগৰাকীয়ে ভাৰতীয় সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰে ৷ হয় ‘নমস্কাৰ’ৰ জৰিয়তে অনুষ্ঠানটো আৰম্ভ কৰে সোণমে (Sonam Kapoor King Charles King Charles coronation)।

উল্লেখ্য যে অভিনেত্ৰীগৰকীক বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে গণ্য কৰা হৈছিল অনুষ্ঠানটোত । সুন্দৰী অভিনেত্ৰীগৰাকীয়ে ভাষণৰ সময়ত কমনৱেলথৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে জাতিটোৰ বৈচিত্ৰ্যক বান্ধি ৰখা ঐক্যৰ ওপৰতো আলোকপাত কৰে (Sonam Kapoor greets UK crowd with Namaste) ।

অনুষ্ঠানটোৰ পৰা সোণমৰ ভিডিঅ’টো শ্বেয়াৰ কৰিছে মাতৃ সুনীতা কাপুৰে (Sonam Kapoor took center stage at the Coronation) । তেওঁ কেপচনত লিখিছে, ‘ইমান গৌৰৱ ! এনেকুৱা সন্মান !' সোণমেও তেওঁৰ এই পোষ্টটোৰ উত্তৰ দিছে হাৰ্ট ইমোজিৰে, ‘লাভ ইউ’ বুলি । অৰ্জুন কাপুৰৰ পৰা সঞ্জয় কাপুৰলৈকে সুনীতাৰ পোষ্টত মহীপ কাপুৰ আৰু ভৱনা পাণ্ডেও কমেন্ট কৰে ৷ ঐতিহাসিক ক’ৰ’নেচন কনচাৰ্টত অভিনয় কৰাৰ পূৰ্বে সোণম কাপুৰে নিজৰ সাজ-পোছাকৰ আঁৰৰ ৰহস্য প্ৰকাশ কৰে । ফেশ্বনিষ্ট হিচাপে পৰিচিত অভিনেতাগৰাকীয়ে এই অনুষ্ঠানৰ বাবে ক্লাছি আৰু মাৰ্জিত বাৰ্ড’ট গাউন বাছি লৈছিল ।

ইফালে বিশেষ ফটো শ্বুটৰ কেইবাখনো ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে । সোণমে কেপচনত লিখিছে, ‘ঐতিহাসিক মুহূৰ্তবোৰে ফেশ্বন মুহূৰ্তৰ দাবী কৰে। দুয়োখন দেশৰ দুজন অবিশ্বাস্য ডিজাইনাৰ সহযোগিতামূলক দৃষ্টিভংগী পৰিধান কৰি মই সন্মানিত আৰু সৌভাগ্যৱান অনুভৱ কৰিছো, ৰাজ অভিষেক কনচাৰ্টৰ অবিস্মৰণীয় অনুষ্ঠানটোৰ উপলক্ষে ।’ পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে ডিজাইনাৰ অনামিকা খান্না আৰু এমিলিয়া উইকষ্টেড দুয়োকে টেগ কৰিছে। (ইনপুট-এনআই)

লগতে পঢ়ক: Cannes Film Festival : কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত প্ৰদৰ্শিত হ’ব মণিপুৰী ছবি ঈশানৌ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.