ETV Bharat / entertainment

Shehnaaz Gill father, শ্বেহনাজৰ পিতৃ সন্তোখ সিং সুখলৈ আহিছে মৃত্যুৰ ভাবুকি

author img

By

Published : Oct 8, 2022, 1:30 PM IST

শ্বেহনাজ গীলৰ পিতৃ সন্তোখ সিং সুখে ফোন কলৰ জৰিয়তে এজন অজ্ঞাত ব্যক্তিৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে । সুখ পঞ্জাৱৰ এজন ৰাজনীতিবিদ যাক 2021 চনতো হত্যা কৰাৰ চেষ্টাৰে আক্ৰমণ কৰা হৈছিল (Shehnaaz Gill father) ।

Shehnaaz Gil
শ্বেহনাজৰ পিতৃলৈ মৃত্যুৰ ভাবুকি

চিটাৰা ডেস্ক, 8 অক্টোবৰ : বিগবছ 13 খ্যাত অভিনেত্ৰী ও গায়িকা শ্বেহনাজ গীলৰ পিতৃ সন্তোখ সিং সুখক ফোন কলৰ জৰিয়তে এজন অজ্ঞাত ব্যক্তিয়ে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে । ফোন কৰি অজ্ঞাত ব্যক্তিজনে দীপাৱলীৰ পূৰ্বে শ্বেহনাজৰ পিতৃক হত্যা কৰিব বুলি ধম্কি দিয়ে ।

পঞ্জাৱৰ বিয়াছৰ পৰা টাৰন্তনলৈ গৈ থাকোঁতে শ্বেহনাজ গীলৰ দেউতাকে এই ফোনকলটো ৰিচিভ কৰে । প্ৰাপ্ত তথ্য অনুসৰি, ব্যক্তিজনে প্ৰথমে সন্তোখক অভব্য আচৰণ কৰে আৰু তাৰ পিছত দীপাৱলীৰ পূৰ্বেই তেওঁৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰিম বুলি কয় । ঘটনাৰ পিছতে সন্তোখে আৰক্ষীক এজাহাৰ দাখিল কৰে ।

Shehnaaz Gil
শ্বেহনাজৰ পিতৃলৈ মৃত্যুৰ ভাবুকি

পঞ্জাৱৰ ৰাজনীতিবিদ সুখক 2021 চনতো হত্যাৰ চেষ্টা চলোৱা হৈছিল । 2021 চনত সন্তোখে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে আৰু 25 ডিচেম্বৰত দুজন অচিনাক্ত লোকে তেওঁক আক্ৰমণ কৰে । অভিযুক্ত লোক দুজনে সন্তোখৰ ওপৰত গুলীচালনা কৰিছিল । তেতিয়া খবৰ প্ৰকাশ হৈছিল যে চাৰিটা বন্দুকৰ গুলী সন্তোখৰ গাড়ীত লাগিছিল আৰু তেওঁৰ বন্দুকধাৰীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ লৰালৰিকৈ সোমাই অহাৰ পিছতে অতি সোনকালেই আক্ৰমণকাৰীয়ে পলায়ন কৰে ।

কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে ছলমান খান নতুন ছবি Kisi Ka Bhai Kisi Ki Jaan ৰ জৰিয়তে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে শ্বেহনাজ । ফাৰহাদ সমজীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ভেংকটেশ ডাগগুবতী আৰু পূজা হেগড়েই । ছলমানৰ ভায়েক আয়ুষ শৰ্মাও ছবিখনৰ অংশ আছিল । অৱশ্যে তেওঁ ছবিখন নকৰাৰ সিদ্ধান্ত লৈছে বুলি বাতৰি আহিছে ।

বলীউডত অভিষেক ঘটোৱাৰ পূৰ্বেই শ্বেহনাজ গীলে দ্বিতীয়খন ছবি নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছে । জন আব্ৰাহামৰ পৰৱৰ্তী ছবি 100% ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক । ছবিখনত ৰিতেশ দেশমুখ আৰু নোৰা ফতেহীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব । প্ৰযোজক ভূষণ কুমাৰ আৰু অমৰ বুটালাই 100% ৰ বাবে হাত মিলাইছে যি হৈছে এখন পাৰিবাৰিক মনোৰঞ্জনকাৰী ।

লগতে পঢ়ক : Nora Fatehi FIFA 2022, ফিফা ৱৰ্ল্ডকাপত দেখিবলৈ পাব নোৰাৰ নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.