ETV Bharat / entertainment

ৰাঘৱ জুয়ালৰে প্ৰেমৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে শ্বেহনাজ গীলে

author img

By

Published : Aug 18, 2022, 12:04 PM IST

Updated : Aug 18, 2022, 2:26 PM IST

শ্বেহনাজ গীলে নৃত্যশিল্পী ৰাঘৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বাতৰি প্ৰসংগত মুখ খুলিছে ৷ সাংবাদিকৰ আগত জনালে ইয়াৰ প্ৰকৃত সত্য ৷

Shehnaaz Gill
প্ৰেমৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে শ্বেহনাজ গীলে

চিটাৰা ডেস্ক, 18 আগষ্ট : ‘পঞ্জাৱ কি কেটৰিণা কাইফ’ শ্বেহনাজ গীল পুুনৰ আহিল লাইমলাইটলৈ । কেতিয়াবা অভিনেত্ৰীগৰাকী নিজৰ শিশুসুলভ স্বভাৱৰ বাবে নতুবা কেতিয়াবা ষ্টাৰ পাৰ্টীত নিজৰ আকৰ্ষণীয় লুকৰ বাবে, মুঠতে বিভিন্ন কাৰণত শ্বেহনাজ বাতৰিৰ শিৰোনামত থাকে । শেহতীয়াকৈ শ্বেহনাজৰ বিষয়ে খবৰ ওলাইছিল যে তেওঁ কৰিঅ’গ্ৰাফাৰ ৰাঘৱ জুয়ালক ডেট কৰি আছে । এতিয়া সংবাদ মাধ্যমৰ সন্মুখত এই খবৰটোৰ সন্দৰ্ভত নিজেই সকলো কথা খোলাকৈ কৈছে শ্বেহনাজ গীলে ।

বুধবাৰে অনুষ্ঠিত এটা অনুষ্ঠানৰ সময়ত যেতিয়া সংবাদ মাধ্যমে শ্বেহনাজ গীলক ৰাঘৱৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে সোধা-পোছা কৰে, তেতিয়া শ্বেহনাজে নিজৰ নিৰ্দোষ শৈলীৰে কয় যে যদি কোনোবাই একেলগে থাকে, ঘূৰা ফুৰা কৰে তেন্তে তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ডেট কৰি আছে ।

ইয়াৰ পিছতে শ্বেহনাজে মিডিয়াক উভতি ধৰি প্ৰশ্ন কৰে, "মিডিয়াই কিয় মিছা কথা কয় ? মিডিয়াই প্ৰতিবাৰেই মিছা কথা কয় আৰু যিকোনো কথা কয় । যদি আমি কাৰোবাৰ কাষত থিয় দিওঁ বা কাৰোবাৰ লগত আড্ডা দিওঁ, তেন্তে আমি সম্পৰ্কত থকাতো বুজাই নেকি ? নহয়...মাথোঁ মিডিয়াই আজেবাজে কথা কয়"।

এই কথা কোৱাৰ পিছতে শ্বেহনাজে সংবাদ মাধ্যমক তেওঁৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত প্ৰশ্ন উত্থাপন নকৰিবলৈ আহ্বান জনায় ৷ ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় আৰু বিতৰ্কিত টিভি ৰিয়েলিটী শ্ব’ বিগবছ 13 ৰ জৰিয়তে শ্বেহনাজ গীল দৰ্শকৰ আপোন হৈ পৰে ৷ এই অনুষ্ঠানটোৰ পিছৰে পৰা আজি শ্বেহনাজ গীল বলীউডৰ নামী-দামী তাৰকাসকলৰ সৈতে জিলিকি উঠিছে ।

ছ’চিয়েল মিডিয়াত শ্বেহনাজ গীলৰ আছে অসংখ্য অনুৰাগী । ছলমান খানৰ ছবিৰে বলীউডত ভূমূকি মাৰিব তাৰকা গৰাকীয়ে ।

লগতে পঢ়ক : মোক পুৰুষৰ প্ৰয়োজন নাই বুলি কৈ নিজকেই বিয়া পাতিলে এইগৰাকী টিভি তাৰকাই

Last Updated :Aug 18, 2022, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.