ETV Bharat / entertainment

KKR VS MI: শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ বিষয়ে কি ক’লে শ্বাহৰুখ খানে

author img

By

Published : Apr 17, 2023, 9:39 PM IST

SHAH RUKH KHAN BIG THING FOR SACHIN TENDULKAR SON ARJUN TENDULKAR AFTER KKR VS MI CRICKET MATCH IPL 2023
ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ পুত্ৰৰ বিষয়ে এক ডাঙৰ কথা কৈছে অভিনেতা শ্বাহৰুখ খানে

ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ পুত্ৰৰ বিষয়ে এক ডাঙৰ কথা ক’লে অভিনেতা শ্বাহৰুখ খানে (IPL 2023) । সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 17 এপ্ৰিল: চলচ্চিত্ৰ জগতৰ কিং খানে ক্ৰিকেট জগতৰ ভগৱান বুলি অভিহিত মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুনৰ বিষয়ে ক’লে এক ডাঙৰ কথা । অৰ্জুনৰ সন্দৰ্ভত শ্বাহৰুখ খানে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট ৷ অভিনেতাগৰাকীৰ এই পোষ্ট সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত (KKR VS MI cricket match) । এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আই পি এলত আত্মপ্ৰকাশ কৰা মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ তথা শচীনৰ পুত্ৰৰ বিষয়ে শ্বাহৰুখ খানে প্ৰশংসা কৰিছে (KKR VS MI)।

উল্লেখ্য যে, বলীউডৰ বাদশ্বাহ তথা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানে নিজৰ টুইটাৰ একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰি মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ তথা ক্ৰিকেটৰ কিংবদন্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰক প্ৰশংসা কৰি কয়, ‘‘IPL যিমানেই প্ৰতিযোগিতামূলক নহওক কিয়, কিন্তু বন্ধুৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰক খেলপথাৰত দেখিলে আনন্দ আৰু সুখৰ কথা । অৰ্জুনলৈ শুভেচ্ছা আৰু কি গৌৰৱৰ মুহূৰ্ত শচীন তেণ্ডুলকাৰ ! বহুত ভাল !’’

  • As competitive as this IPL may be… but when u see a friends son #ArjunTendulkar take the field it is a matter of such happiness and joy. Wish Arjun all the best and @sachin_rt what a proud moment!! Wow!

    — Shah Rukh Khan (@iamsrk) April 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আই পি এলত আত্মপ্ৰকাশ কৰিছে অৰ্জুন টেণ্ডুলকাৰে । একে সময়তে শ্বাহৰুখ খানে পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অভিনেতা আৰু শচীন দুয়োৰে অনুৰাগীয়ে পোষ্টটোত মন্তব্য প্ৰকাশ কৰা দেখা যায় (Sachin Tendulkar son Arjun) ।

আনহাতে, যদি আমি ক্ৰিকেট প্ৰেমীৰ কথা কওঁ, আই পি এল আৰম্ভ হোৱাৰ পৰাই শ্বাহৰুখে প্ৰতিখন খেল উপভোগ কৰিবলৈ অবিৰতভাৱে ষ্টেডিয়ামত উপস্থিত হৈ থকা দেখা যায় । শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছৰ এখন খেলৰ সময়ত শ্বাহৰুখে কলকাতাৰ ইডেন গাৰ্ডেনছত উপস্থিত হৈ থকা দেখা পোৱা গৈছিল (IPL 2023)। কিং খানৰ লগতে তেওঁৰ কন্যা সুহানা খান আৰু সুহানৰ বিএফএফ শনয়া কাপুৰো উপস্থিত আছিল ।

ইফালে কিং খানৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে শ্বাহৰুখ খানৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি পাঠানে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল ৷ পাঠানৰ পিচত শ্বাহৰুখৰ আহিবলগীয়া ছবি হৈছে ডাংকি আৰু জৱানো ।

লগতে পঢ়ক: Suhana Khan: মেবেলিনৰ নতুন এম্বেছাদৰ হোৱা সুহানাক প্ৰশংসা পিতৃ শ্বাহৰুখ খানৰ, পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ সুহানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.