ETV Bharat / entertainment

Samantha Ruth Prabhu Injured : শ্বুটিঙত কেনেকৈ আঘাতপ্ৰাপ্ত হ’ল সামান্থা ৰুথ প্ৰভু ?

author img

By

Published : Feb 28, 2023, 1:31 PM IST

SAMANTHA RUTH PRABHU INJURED ON THE SETS OF CITADEL INDIA SEE PIC
আঘাতপ্ৰাপ্ত সামান্থা ৰুথ প্ৰভু

দক্ষিণ চলচ্চিত্ৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু এইকেইদিন ব্যস্ত অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া নতুন চিৰিজক লৈ ৷ কিন্তু ‘চিটাডেল’ নামৰ চিৰিজৰ শ্বুটিঙৰ সময়ত অভিনেত্ৰীগৰাকীৰ লগত ঘটিল অঘটন (Samantha Ruth Prabhu Injured) ৷ সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰহিট তথা Highest-paid অভিনেত্ৰী হৈছে সামান্থা ৰুথ প্ৰভু (Samantha Ruth Prabhu) ৷ তেলেগু আৰু তামিল ছবিৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা সামান্থা বৰ্তমান ব্যস্ত হৈ আছে নিজৰ আগন্তুক চিৰিজক লৈ ৷ শেহতীয়াকৈ দক্ষিণ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ অভিনীত ছবি পুষ্পা - দ্য ৰাইজৰ আইটেম গীতৰ বাবে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল সামান্থাই ৷

সামান্থা ৰুথ প্ৰভু বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক চিৰিজ 'চিটাডেল'ৰ শ্বুটিঙত ৷ চিটাডেল হৈছে প্ৰিয়ংকা চোপ্ৰাৰ বিদেশী ধাৰাবাহিক চিটাডেলৰ হিন্দী সংস্কৰণ । একচন থ্ৰীলাৰ ভৰ্তি চিটাডেলত সামান্থাৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব বলীউডৰ অভিনেতা বৰুণ ধাৱনক । এই ছিৰিজৰ শ্বুটিং বহু আগতেই আৰম্ভ কৰিছে সামান্থাই । কিন্তু শেহতীয়াকৈ চিটাডেলৰ শ্বুটিং কৰি থাকোতেই আহত হয় সামান্থা (Samantha Ruth Prabhu Injured) ৷

SAMANTHA RUTH PRABHU INJURED ON THE SETS OF CITADEL INDIA SEE PIC
আঘাতপ্ৰাপ্ত সামান্থা ৰুথ প্ৰভু

শেহতীয়াকৈ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে আহত হোৱা দুখন হাতৰ এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ ফটোখনত অভিনেত্ৰীগৰাকীৰ হাত দুখনত স্পষ্টকৈ দেখা পোৱা গৈছিল আঘাতৰ চিন ৷ সামান্থাৰ হাত দুখন সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত, দাগবোৰ স্পষ্টকৈ দোখা পোৱা গৈছিল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সামান্থাই তেওঁৰ চিৰিজৰ বিষয়ে তথ্য দিয়া এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল । ভিডিঅ'টোত অভিনেত্ৰীগৰাকীক ধাৰাবাহিকখনৰ একচন দৃশ্যৰ অনুশীলন কৰা দেখা গৈছিল। একচন পৰিচালক ইয়াঞ্চিক বেনৰ তত্বাৱধানত সামান্থাই অনুশীলন কৰিছিল ষ্টাণ্টবোৰ (Samantha injured on Citadel set)।

উল্লেখ্য যে চিটাডেল চিৰিজখন হৈছে আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিকৰ ভাৰতীয় অভিযোজন। ৰুছ’ ব্রাদার্ছে প্রস্তুত কৰিছে এই চিৰিজখন ৷ বিদেশী চিটাডেল ছিৰিজত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা । প্ৰিয়ংকাৰ লগতে ৰিচাৰ্ড মেডেন আৰু ষ্টেনলি টুচিক মুখ্য চৰিত্ৰত দেখা পোৱা যাব । ২৭ ফেব্ৰুৱাৰীত অৰ্থাৎ যোৱা নিশা চিটাডেলৰ প্ৰথমটো লুক অনুৰাগীৰ বাবে মুকলি কৰি দিয়ে প্ৰিয়ংকা চোপ্ৰাই ৷ অভিনেত্ৰীগৰাকীৰ লুকত স্বামী নিক জ’নাছকে ধৰি বহু বলীউডৰ তাৰকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । একে সময়তে সামান্থাইও এই সন্দৰ্ভত মন্তব্য কৰিছে ।

লগতে পঢ়ক: Sonu Sood Meets Amarjeet Jaiker : অৰিজিত সিঙক প্ৰত্যাহ্বান দিবলৈ কোন এই অমৰজিৎ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.