ETV Bharat / entertainment

Sonu Sood Meets Amarjeet Jaiker : অৰিজিত সিঙক প্ৰত্যাহ্বান দিবলৈ কোন এই অমৰজিৎ ?

author img

By

Published : Feb 28, 2023, 11:35 AM IST

চনু চুডৰ মহানুভৱতা ৷ প্ৰত্যেক সময়ত দুখীয়া দৰিদ্ৰক সহায় কৰা চনু চুডে এইবাৰ বিহাৰৰ এজন প্ৰতিভাৱান যুৱকক সুযোগ প্ৰদান কৰিছে নিজৰ ছবিত গীত গাবলৈ ৷ অৰিজিত সিঙক প্ৰত্যাহ্বান দিব পৰা কন্ঠ যুৱকজনৰ (Sonu Sood Meets Amarjeet Jaiker) ৷

Sonu Sood meets amarjeet jaikar in Mumbai Bihar viral boy Amarjeet Jaikar
চনু চুডৰ আগন্তুক ছবিত গীত গাব অমৰজিতে

চিটাৰা ডেস্ক, 28 ফেব্ৰুৱাৰী: ৰূপালী পৰ্দাত খলনায়ক বাস্তৱ জীৱনত নায়ক ৷ বিগত কিছু সময় ধৰি ‘দুখীয়াৰ ভগৱান’ হিচাপে পৰিগণিত হৈছে এগৰাকী অভিনেতা ৷ আপুনি হয়তো অনুমান কৰিব পাৰিছে তেওঁ কোন ? অভিনেতাগৰাকীৰ নাম হৈছে চনু চুড ৷ এইগৰাকী অভিনেতাৰ মহানুভৱতা কৰ’ণা যুগৰ পৰা এতিয়ালৈকে অব্যাহত আছে । বহু দৰিদ্ৰ তথা আৰ্তজন সহায়ৰ বাবে সদায় আগত থাকে চনু ।

নিস্বাৰ্থ ভাৱে ৰাইজৰ সেৱাত কাম কৰি যায় অভিনেতাগৰাকী ৷ কেৱল সহায় কৰাই নহয়, আৰ্তজনৰ বাহিৰেও চনুৱে ৰাজপথৰ পৰা দক্ষ লোকক তুলি আনি তাৰকা বনোৱাৰো চেষ্টা কৰিছে অভিনেতাগৰাকীয়ে । শেহতীয়াকৈ বিহাৰৰ অমৰজিত জয়কাৰ নামৰ এজন যুৱকে ছ’চিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ’ আপলোড কৰিছে ৷ ভিডিঅ’টোত নিজৰ উজ্জ্বল কণ্ঠৰে এটি গীত গোৱা পৰিলক্ষিত হৈছে (Viral Bihar boy Amarjeet Jaikar) ৷

প্ৰতিভাৱান যুৱকজনৰ এই ভিডিঅ’টো পাইগৈ চনুৰ ওচৰ ৷ ভিডিঅ’টোত অমৰজিতৰ প্ৰতিভা প্ৰত্যক্ষ কৰি অভিনেতাজনে পলম নকৰাকৈয়ে অমৰজিতক তেওঁৰ আগন্তুক ছবিত গীত গাবলৈ প্ৰস্তাৱ দিয়ে । প্ৰতিভাৱান অমৰজিতেও পলম নকৰাকৈ অভিনেতাগৰাকীৰ প্ৰস্তাৱ গ্ৰহণ কৰি মুম্বাইলৈ ৰাওনা হয় (Viral singer Amarjeet Jaikar met Sonu Sood) ৷ বিহাৰৰ পৰা মুম্বাইলৈ যাত্ৰা কৰি অৱশেষত মুম্বাইস্থিত চনু চুডৰ বাসগৃহত উপস্থিত হয় আৰু চনু চুডৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰে ছ’চিয়েল মিডিয়াত (Sonu Sood Meets Amarjeet Jaiker) ৷

অমৰজিতে নিজৰ ইনষ্টাগ্ৰামত এই ছবিখন শ্বেয়াৰ কৰি লিখিছে, "আপুনিয়েই সমগ্ৰ ভাৰতবৰ্ষত মোৰ অলপ স্বীকৃতি পোৱাৰ কাৰণ, চনু চুড ছাৰ’।" ইফালে একেখন ছবি শ্বেয়াৰ কৰি চনু চুডে নিজৰ টুইটত লিখিছে, "বিহাৰৰ নাম আলোকিত কৰিবা ভাই ।" উল্লেখ্য যে, অমৰজিতৰ ইনষ্টাগ্ৰামত একাউন্টত ১৪ হাজাৰ ফ’ল’ৱাৰ আছে । অতি গাঁৱলীয়া আৰু নিজৰ স্বাভাৱিক ৰূপত গীত গায় অমৰজিতে আৰু নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰে (Sonu Sood meets viral Bihar boy Amarjeet Jaikar in Mumbai) ৷

অৰিজিত সিঙৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি অমৰজিৎ ?

সহজ সৰল দেখাত অমৰজিত বিশেষ প্ৰতিভাৰ গৰাকী ৷ অমৰজিতৰ কন্ঠত যেন বিৰাজমান মা সৰস্বতী ৷ অমৰজিতৰ কন্ঠই মোহিত কৰিব পাৰে আপোনাক ৷ বিশিষ্ট গায়ক অৰিজিত সিঙৰ কন্ঠৰ লগত ফেৰ মাৰিব পৰা কন্ঠ অমৰজিতৰ ৷

লগতে পঢ়ক: Akshay Kumar : ফ্লপৰ সন্মুখীন হোৱা অক্ষয়ে ছবি জগতৰ পৰা বিৰতি ল’ব খুজোতেই অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.