ETV Bharat / entertainment

ধিংকা-চিকা গীতটিৰ নৃত্য পৰিচালক মুদাছাৰ খানৰ বিয়াত গ্ৰেণ্ড এন্ট্ৰি ছলমান খানৰ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 4:26 PM IST

Salman Khan's video from choreographer Mudassar Khan's wedding reception storms social media
বিবাহপাশত আৱদ্ধ হ’ল মুদাছাৰ খান

Mudassar Khan Wedding: বিবাহপাশত আৱদ্ধ হ’ল মুদাছাৰ খান ৷ মুদাছাৰ এই উদ্যোগটোৰ এগৰাকী জনপ্ৰিয় নৃত্য পৰিচালক । নৃত্য শিল্পী ৰিয়া কিশনচন্দনীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলে মুদাছাৰে ।

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ: বলীউডৰ নৃত্য পৰিচালক মুদাছাৰ খানক চিনি পাই নে ? নিশ্চয় চিনি পাব ৷ কিয়নো মুদাছাৰে ছলমান খানৰ ছবি ‘ৰেডী’ৰ ধিংকা-চিকা গীতটিৰ নৃত্য পৰিচালনা কৰিছিল । ইয়াৰ উপৰিও তেওঁ ডান্স ৰিয়েলিটি শ্ব’ ডি আই ডিৰ বিচাৰক হিচাপেও কাম কৰি আহিছে । বৰ্তমান মুদাছাৰ খানে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে । নৃত্য পৰিচালক ৰিয়া কিশনচন্দনীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে মুদাছাৰ । মুদাছাৰ খানে বিয়াত পালে এক বিশেষ উপহাৰ । ছুপাৰষ্টাৰ ছলমান খানে চেলিব্ৰিটি অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল এই বিয়াত । ভাইজানে বিয়াৰ অনুষ্ঠানটোত এনে এক গ্ৰেণ্ড এন্ট্ৰি কৰে যে সকলোৱে ভাইজানকে চাই থাকে । ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

মুদাছাৰ খান এই উদ্যোগটোৰ এজন জনপ্ৰিয় নৃত্য পৰিচালক । ছলমান খানকে ধৰি বহু চেলিব্ৰিটিৰ সৈতে কাম কৰিছে মুদাছাৰে । সেয়েহে, অভিনেতাগৰাকীৰ বিয়াত অতিথি হিচাপে অংশগ্ৰহণ কৰে ছলমান খানে ৷ ক’লা চাৰ্ট আৰু পেণ্ট পৰিধান কৰি বিয়াৰ অনুষ্ঠানত উপস্থিত হয় ছুপাৰষ্টাৰগৰাকী । ইফালে ক’লা শ্বিমাৰ শ্বেৰৱানী পৰিধান কৰা মুদাছাৰে ছলমানক আদৰিবলৈ সাবটি ধৰে । মুদাছাৰে ভিডিঅ’টোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ছলমান খানক বিয়ালৈ অহাৰ বাবে ধন্যবাদ জনায় ।

ছ’চিয়েল মিডিয়াত মুদাছাৰ খানে শ্বেয়াৰ কৰিছে তেওঁৰ বিয়াৰ ফটো । অনুৰাগীয়ে তেওঁক নতুন আৰম্ভণিৰ বাবে অভিনন্দন জনাইছে । মুদাছাৰৰ বিবাহ ৰিয়া কিশনচন্দনীৰ সৈতে হৈছে । দুয়োগৰাকীয়ে বহুদিনৰে পৰা ইগৰাকীয়ে সিগৰাকীক ডেট কৰি আছিল । অৱশেষত এই সম্পৰ্ক বিয়ালৈ ৰূপান্তৰ হয় ৷ বিয়াৰ ফটোত ইগৰাকী সিগৰাকীৰ সৈতে সুখী দেখা গৈছে । দৰা-কইনা দুয়োকে অফ হোৱাইট হেভি ৱৰ্ক আউটফিট পৰিধান কৰিছিল ।

ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি মুদাছাৰ খানে এটা ৰোমান্টিক কেপচনো লিখিছিল । কেপচনত পত্নীৰ বাবে লিখিছিল, ‘‘আপুনি পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ । আমাৰ দুয়োটা পৰিয়ালৰ কৃপাত আমি পৰিয়ালটোৰ আশীৰ্বাদত একত্ৰিত হ’বলৈ সক্ষম হৈছো । প্ৰাৰ্থনাত মনত ৰাখিব ।’’

লগতে পঢ়ক: ভাৰতৰ মোজীৰ সৈতে বিবাহপাশত হ’ল আৱদ্ধ পাক অভিনেত্ৰী মদীহা ইমাম, অৰুণাচলত অনুষ্ঠিত অভ্যৰ্থনা অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.