ETV Bharat / entertainment

ভাৰতৰ মোজীৰ সৈতে বিবাহপাশত হ’ল আৱদ্ধ পাক অভিনেত্ৰী মদীহা ইমাম, অৰুণাচলত অনুষ্ঠিত অভ্যৰ্থনা অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:59 PM IST

Pak Actress Syeda Madiha Imam-Moji Basar wedding: ভাৰতৰ মোজী বাছাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে পাকিস্তানী অভিনেত্ৰী মদীহা ইমাম ৷ শেহতীয়াকৈ অৰুণাচল প্ৰদেশত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয় । সাংসদ কিৰেণ ৰিজিজুৱেও নৱবিবাহিত দম্পতীক অভিনন্দন জনায় ।

Pak Actress Syeda Madiha Imam and Moji Basar from Arunachal Pradesh hold wedding reception in India
অৰুণাচলী যুৱকৰ সৈতে পাক অভিনেত্ৰীৰ বিবাহ

চিটাৰা ডেস্ক, ১ ডিচেম্বৰ: পাকিস্তানী অভিনেত্ৰী চৈয়দা মদীহা ইমাম শ্ব’বিজৰ জগতখনৰ এক সুপৰিচিত নাম, যিয়ে বহু পাকিস্তানী টেলিভিছন ড্ৰামা আৰু ছবি যেনে- 'ইছক জালেবী', 'চৌৰাহা', 'দিল-ই-মমিন', 'মেৰা ৰব ৱাৰিছ’ আৰু ‘নাজাৰ কে ছামনে’ আদিত অভিনয় কৰিছে । কেৱল ইমানেই নহয়, ভাৰতীয় অভিনেত্ৰী মনীষা কৈৰালা আৰু ৰোহিত ছাৰাফৰ সৈতে ২০১৭ চনৰ ‘ডিয়াৰ মায়া’ ছবিখনতো মদীহাই অভিনয় কৰিছিল । যিয়ে নহওক, আপুনি হয়তো ভাবিছে পাকিস্তানী অভিনেত্ৰীৰ বিষয়ে কিয় লিখি আছো ৷ কিন্তু ৰ’ব এইগৰাকী পাকিস্তানী অভিনেত্ৰীৰ ভাৰতৰ সৈতে আছে এক সম্পৰ্ক ৷ কি সম্পৰ্ক আছে সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

এজন ভাৰতীয় যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে এইগৰাকী পাকিস্তানী অভিনেত্ৰী

২০২৩ চনৰ আৰম্ভণিতে মদীহা ইমামে মোজী বাছাৰ নামৰ এজন ভাৰতৰ যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । মদীহাৰ স্বামী মোজীৰ ঘৰ উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশত । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মদীহাই প্ৰকাশ কৰে যে মোজীক প্ৰথমে কামৰ জৰিয়তে লগ পাইছিল, সেয়েহে তেওঁলোকৰ মাজত সহজেই গঢ় লৈ উঠিছিল বন্ধুত্বৰ সম্পৰ্ক ৷ লাহে লাহে এই বন্ধুত্বৰ সম্পৰ্ক পৰিণত হয় প্ৰেমলৈ ৷ অৱশেষত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয় ।

ভাৰতত বিশেষভাৱে আদৰণি জনোৱা হ’ল মদীহা ইমাম-মোজী বাছাৰক

নৱবিবাহিত দম্পতী মদীহা ইমাম আৰু মোজী বাছাৰে শেহতীয়াকৈ মোজীৰ গৃহ চহৰ অৰুণাচললৈ আহিছিল । ২৬ নৱেম্বৰত ভাৰতত মদীহা ইমাম আৰু মোজী বাছাৰক সুন্দৰভাৱে আদৰণি জনোৱা হয় । নৱবিবাহিত দম্পতীৰ বিয়া উদযাপনৰ বাবে মোজীৰ পৰিয়ালে ডাঙৰ আয়োজন কৰিছিল, যাৰ কিছু আভাস অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ।

ৰিচেপচনত গোলাপী ৰঙৰ অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত পোছাক ‘গেইল’ পৰিধান কৰে অভিনেত্ৰীগৰাকীয়ে ৷ এই সাজত মদীহাক খুব ধুনীয়া দেখা গৈছে ৷ ইফালে ক’লা টাক্সেডো পৰিধান কৰিছিল দৰা মোজীয়ে । অভ্যৰ্থনা অনুষ্ঠানত মোজীৰ পৰিয়াল, ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ লগতে একাংশ বিশিষ্ট চৰকাৰী বিষয়াও উপস্থিত থাকে ।

সাংসদ কিৰেণ ৰিজিজুৱেও মদীহা ইমাম-মোজী বাছাৰক অভিনন্দন জ্ঞাপন কৰে

পৃথিৱী বিজ্ঞান মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত নৱবিবাহিত দম্পতীক শুভেচ্ছা জনায় । নিজৰ পোষ্টত এই দম্পতীৰ সৈতে এখন মৰমলগা ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘ইটানগৰ, অৰুণাচল প্ৰদেশত নৱবিবাহিত সুন্দৰ দম্পতী মোজী বাছাৰ আৰু মদীহা ইমামলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ । মোজীৰ পিতৃ-মাতৃলৈও অভিনন্দন । টমো বাছাৰ আৰু শ্ৰীমতী ৰিংম বাছাৰ আৰু পৰিয়ালৰ সদস্যসকলৰ, এক সুন্দৰ জীৱন হওক @madihaimam আৰু @Mojibasar !”

ডুবাইত মদীহা ইমাম-মোজী বাছাৰেও অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল

২০২৩ চনৰ ৩ মে’ত মদীহা ইমামে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে ঘোষণা কৰিছিল যে তেওঁ মোজী বাছাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । বিয়াৰ দিনা মদীহাই পৰিধান কৰিছিল এক সাধাৰণ আৰু আকৰ্ষণীয় ৰঙা ৰঙৰ লেহেংগা । আনহাতে, দৰা মোজীয়ে পৰিধান কৰিছিল ক্ৰীম ৰঙৰ শ্বেৰৱানী । পোষ্টটোৰ কেপচনত অভিনেত্ৰীগৰাকীয়ে লিখিছিল, “১-৫-২০২৩ তাৰিখে বিবাহিত । আমি আমাৰ জীৱনৰ এই নতুন অধ্যায়টো আৰম্ভ কৰাৰ সময়ত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো ।’’

পিচলৈ ২০২৩ চনৰ ২৬ অক্টোবৰত নৱবিবাহিত দম্পতীয়ে ডুবাইত তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰে । এই অনুষ্ঠানৰ বাবে মদীহাই পৰিধান কৰিছিল 'HSY'ৰ এটা সুন্দৰ আৰু গধুৰ এম্ব্ৰয়ডাৰী ড্ৰেছ । গধুৰ সোণালী আৰু সেউজীয়া ৰঙৰ গহনা চেটেৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল মদীহাই । আনহাতে মোজীয়ে বগা চাৰ্টৰ সৈতে ক’লা টাক্সেডো বাছি লৈছিল ।

অৱশ্যে মদীহা ইমাম-মোজী বাছাৰৰ বিয়াৰ বাবে নেটিজেনৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে ৷ ভাৰতৰ একাংশ লোকে মদীহা ইমাম-মোজী বাছাৰৰ বিয়াৰ বাবে তেওঁলোকক অভিনন্দন জনাইছে ৷ ইয়াৰ বিপৰীতে একাংশ পাকিস্তানী লোকে মদীহাৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে ৷ যিহেতু মদীহা এগৰাকী মুছলমান যুৱতী, গতিকে অমুছলমান যুৱকৰ সৈতে মদীহাৰ বিবাহক গ্ৰহণ কৰিব পৰা নাই পাকিস্তানী লোকে ৷

লগতে পঢ়ক: সোণৰ গহনাৰে ভৰপূৰ কইনা লিন, বগা ধুতি-কুৰ্তা পৰিহিত দৰা ৰণদ্বীপ, চাওক বিয়াৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.