ETV Bharat / entertainment

ভাইজানে অনুৰাগীক নিদিলে ঈদৰ শুভেচ্ছা

author img

By

Published : Jul 11, 2022, 6:58 PM IST

SALMAN KHAN
ভাইজানে অনুৰাগীক নিদিলে ঈদৰ শুভেচ্ছা

কালি সমগ্ৰ দেশতে উদযাপন কৰা হ’ল ঈদ । অভিনেতা শ্বাহৰুখ খানে তেওঁৰ পুত্ৰ অব্ৰামৰ সৈতে বিশেষ দিনটোত অনুৰাগীসকলক শুভেচ্ছা জনোৱাৰ পৰিৱৰ্তে অভিনেতা ছলমান খানে হতাশ কৰিলে তেওঁৰ অনুৰাগীসকলক । ভাইজানে অনুৰাগীলৈ নপঠিয়ালে ঈদ বিশেষ কোনো বাৰ্তা (Salman Khan on eid) ৷

চিটাৰা ডেস্ক, 11 জুলাই : কালি সমগ্ৰ দেশতে পৱিত্ৰ ঈদ উদযাপন কৰা হয় । সাধাৰণ মানুহৰ পৰা চেলেব্ৰিটীলৈকে সকলোৱে নিজাববীয়াকৈ উদযাপন কৰে ঈদ । বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু ছলমান খানে প্ৰতিবছৰেই ঈদৰ এই বিশেষ দিনটোত অনুৰাগীসকলক অভিনন্দন জনাই । অনুৰাগীসকল প্ৰতিবাৰেই ৰৈ থাকে প্ৰিয় তাৰকাৰ শুভেচ্ছা বাণীলৈ ৷

প্ৰতিবাৰৰ দৰে এইবাৰো অভিনেতা দুজনৰ অনুৰাগীসকলে তেওঁলোকক লগ কৰিবলৈ তেওঁলোকৰ ঘৰৰ বাহিৰত গোট খাইছিলহি । শ্বাহৰুখ খানে তেওঁৰ পুত্ৰ অব্ৰামৰ সৈতে অনুৰাগীসকলক ঈদৰ শুভেচ্ছা জনালে কিন্তু অভিনেতা ছলমান খানে অনুৰাগীসকলক হতাশ কৰি এবাৰো দৰ্শন দিবলৈ নাহিল ঘৰৰ বাহিৰলৈ (Salman Khan latest updates)।

অভিনেতা ছলমান খানৰ এক আভাস পাবলৈ হাজাৰ হাজাৰ অনুৰাগী তেওঁৰ ঘৰৰ বাহিৰত সমবেত হৈছিল । কিন্তু তেওঁলোকে তেওঁলোকৰ প্ৰিয় তাৰকাৰ এক আভাসো লাভ নকৰিলে । অৱশ্যে খোদ ছলমানেই এই দীৰ্ঘদিনীয়া পৰম্পৰা ভংগ কৰিলে ।

দৰাচলতে লৰেন্স বিষ্ণয়ীৰ পৰা পোৱা মৃত্যুৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ছলমানে নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত লয় (Salman Khan death threat) । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ছলমান খানৰ বাসগৃহৰ ওচৰত ১০ জন বিশেষ বাহিনীৰ বিষয়া মোতায়েন কৰা হৈছে । বিষয়াসকলে ছলমানৰ সৈতে চলচ্চিত্ৰৰ ছেটতো উপস্থিত থাকে । কেৱল সেয়াই নহয়, তেওঁৰ ভৱন আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত ১৫ টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে ।

উল্লেখ্য যে, ২৯ মে'ত পঞ্জাৱৰ মানসা জিলাত পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল । পাঞ্জাৱী গায়কজনৰৰ হত্যাৰ পিছত বলীউড অভিনেতা ছলমান খানকো মৃত্যুৰ ভাবুকি দিয়া হৈছিল ।

কেৱল সেয়াই নহয়, কেইবাখনো প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে এজন চোকা শ্বুটাৰে ছলমানক হত্যা কৰিবলৈ তেওঁৰ ঘৰৰ বাহিৰতো উপস্থিত হৈছিল । কিন্তু শ্বুটাৰে কিবা কৰাৰ আগতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল । অভিনেতাজনৰ পিতৃ চেলিম খানেও এখন ভাবুকিপূৰ্ণ পত্ৰ পাইছিল । লগতে অভিনেতাজনৰ উকীল হাছিমাল সাৰস্বতেও মৃত্যুৰ ভাবুকি লাভ কৰিছিল ।

লগতে পঢ়ক: ঈদত শ্বৰাৰা পিন্ধি নিজকে সজাই পৰাই তুলিলে হিনা খানে, চাওক ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.