ETV Bharat / entertainment

ভাগিনীয়েকৰ ছবিৰ প্ৰদৰ্শনীত ষ্টাইলত প্ৰৱেশ ছলমান খানৰ, এইসকল তাৰকাকো দেখা গ’ল দৰ্শনীত

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:07 PM IST

Salman Khan and other stars attends 'Farrey' premiere in Mumbai
ফাৰেৰ প্ৰদৰ্শনীত ষ্টাইলত প্ৰৱেশ ছলমান খানৰ

Farrey Special Screening: বুধবাৰে মুম্বাইত অনুষ্ঠিত হয় ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ প্ৰথম ছবি ‘ফাৰে’ৰ বিশেষ প্ৰদৰ্শনী । এই প্ৰদৰ্শনীত উপস্থিত থাকে কেটৰিণা কাইফ, কিয়াৰা আদবানীকে ধৰি বলীউডৰ চেলিব্ৰিটি ।

চিটাৰা ডেস্ক, 23 নৱেম্বৰ: ছলমান খানৰ ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰীৰ প্ৰথমখন ছবি ‘ফাৰে’ ২৪ নৱেম্বৰত চিনেমাগৃহত মুক্তি লাভ কৰিব ৷ বুধবাৰে মুম্বাইত ফাৰে ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়, য’ত কেটৰিণা কাইফ, সোণম কাপুৰ, ছানি দেওল, অনন্যা পাণ্ডে, কিয়াৰা আদৱানীকে ধৰি বলীউডৰ বহু তাৰকা উপস্থিত থাকে । ভাগিনীয়েকৰ ছবিৰ বিশেষ দৰ্শনীত ষ্টাইলত প্ৰৱেশ কৰে ছুপাৰষ্টাৰ ছলমান খান ৷ ছুপাৰষ্টাৰগৰাকীৰ ষ্টাইলে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ।

ফাৰে ছবিখনৰ প্ৰদৰ্শনীত ষ্টাইলিছ লুকট এণ্ট্ৰি ছলমান খানৰ

22 নৱেম্বৰত বলীউডৰ তাৰকাসকলে ফাৰেৰ বিশেষ প্ৰদৰ্শনীত উপস্থিত হয় । অৱশ্যে সকলোৰে মাজত দৃষ্টি আকৰ্ষণ কৰে ছলমান খানে । এই উপলক্ষে ছলমানে পৰিধান কৰিছিল কেজুৱেল তথা ষ্টাইলিছ এনচেম্বল – টি-চাৰ্ট, জিন্স আৰু চিগনেচাৰ ব্ৰেচলেটৰ সৈতে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ভাইজানে ।

ফাৰেৰ দৰ্শনীত উপস্থিত হৈছিল কেটৰিণা কাইফ ৷ কেটৰিণা কাইফে ফাৰেৰ দৰ্শনীৰ বাবে বাছি লৈছিল ৰঙা অফ শ্বোল্ডাৰ মিডি ড্ৰেছ ।

ইফালে কেজুৱেল আৰু ক্লাছি লুকত ফাৰেৰ দৰ্শনীত উপস্থিত হৈছিল অভিনেত্ৰী কিয়াৰা আদৱানী ৷ ডেনিম আৰু হিলৰ সৈতে বেগী বেলেন্সিয়াগা টপ পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

অভিনেত্ৰী অনন্যা পাণ্ডেক ব্লেজাৰৰ সৈতে চুটি ড্ৰেছ পৰিধান কৰি ফাৰেৰ দৰ্শনীত উপস্থিত হোৱা দেখা গৈছিল ।

এইখিনিতে ক’ব লাগিব যে যিকোনো অনুষ্ঠানেই হওক, সোণম কাপুৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । ফাৰেৰ স্ক্ৰীনিঙতো গ্লেমাৰাছ লুকত এণ্ট্ৰি কৰে অভিনেত্ৰীগৰাকীয়ে ৷ ক’লা আৰু বাদামী ৰঙৰ প্ৰিণ্টেড ড্ৰেছত দীঘল বুটৰ সৈতে অতি সুন্দৰ দেখা যায় সোণমক ।

ইয়াৰ উপৰিও গদৰ 2 তাৰকা ছানী দেওল আৰু প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাইকো এই প্ৰদৰ্শনীত দেখা গৈছিল । এই উপলক্ষে দুয়োজনে ক’লা সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল ।

লগতে পঢ়ক: ৫৭ বছৰ বয়সতো নিজকে কেনেকৈ ফিট ৰাখিছে ভাইজানে ? নিজেই প্ৰকাশ কৰিলে ৰহস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.