ETV Bharat / entertainment

Shah Rukh Khan: নাৰী শক্তিক লৈ শ্বাহৰুখ খানৰ টুইট

author img

By ANI

Published : Sep 14, 2023, 1:36 PM IST

‘জৱান’ ছবিখনত নাৰী চৰিত্ৰৰ শক্তিক উদযাপন কৰা হয় । সেয়া লাগিলে ভিলেইনৰ লগত যুঁজ দিয়াই হওক অথবা আৱেগিক দৃশ্যৰেই হওক ছবিখনত নাৰী চৰিত্ৰত অতি সুন্দৰকৈ দেখুৱা হৈছে ৷ ছবিখনক ব্লকবাষ্টাৰ হিচাপে গঢ়ি তোলাত নাৰীৰ অনবদ্য অৱদান আছে এই ছবিখনত ৷ শেহতীয়া এই ছবিখনৰ নাৰীৰ শক্তিৰ বিষয়ে এটা টুইট কৰিছিল অনুৰাগীয়ে ৷ এই টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এছ আৰ কেয়ে ৷

"Our daughters are our future": Shah Rukh Khan
‘জৱান’ ছবিখনত নাৰী চৰিত্ৰৰ শক্তিক উদযাপন কৰা হয়

চিটাৰা ডেস্ক, ১৪ ছেপ্টেম্বৰ: বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান কেৱল এজন ভাল অভিনেতাই নহয়, তেওঁ এজন ভাল ব্যক্তিত্বৰ গৰাকীও ৷ নাৰীৰ প্ৰতি থকা কিং খানৰ প্ৰেম আৰু সন্মান সকলোৰে পৰিচিত । সেয়া লাগিলে সৰু ছোৱালীয়ে হওক বা বৃদ্ধাই হওক, তেওঁ সদায় মহিলাৰ সন্মান কৰা দেখা যায় ৷ মহিলাৰ স’তে কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া আমি নিশ্চয় শিকিব লাগে শ্বাহৰুখ খানৰ পৰা ৷

শেহতীয়াকৈ বিশ্বজুৰি মুক্তি লাভ কৰিছে তেওঁৰ বহু প্ৰত্যাশিত ছবি জৱান ৷ জৱান ছবিখনত দেখুওৱা হৈছে নাৰী শক্তি ৷ ‘জৱান’ত এক প্ৰকাৰে নাৰী চৰিত্ৰৰ শক্তিক উদযাপন কৰা হৈছে । ভিলেইনৰ লগত যুঁজ দিয়াৰ পৰা আৰম্ভ কৰি আৱেগিক দৃশ্যৰে পৰ্দাত নাৰীক অতি সুন্দৰকৈ দেখুৱা হৈছে ৷ শ্বাহৰুখৰ ‘জৱান’ ছবিখনত মহিলাসকলে নিঃসন্দেহে ছবিখনক ব্লকবাষ্টাৰ হিচাপে গঢ়ি তোলাত অনুঘটক হিচাপে কাম কৰিছে ।

‘জৱান’ত মহিলা চৰিত্ৰৰ অভিনয়ত আপ্লুত হৈছে দৰ্শক

শেহতীয়াকৈ এজন অনুৰাগীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত তেওঁৰ কন্যাই অংকণ কৰা এখন হৃদয়স্পৰ্শী ছবি শ্বেয়াৰ কৰিছিল ৷ ছবিখনত গোলাপী ৰঙেৰে লোকজনৰ কন্যাই লিখিছিল ‘Vikram Rathore’ ৷

  • She has got it right… #Jawan is indeed about girl power. Vikram Rathore agrees too.
    Our daughters are our future… give my love to her with a big hug!!! https://t.co/WUymuRE1QA

    — Shah Rukh Khan (@iamsrk) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীজনে লিখিছে, "আমি দ্বিতীয়বাৰৰ বাবে যেতিয়া জৱান ছবিখন ছবিগৃহৰ পৰা উপভোগ কৰি ঘৰলৈ উভতি আহিছিলোঁ, তেতিয়া মোৰ ১১ বছৰীয়া কন্যাজনীয়ে পোনে পোনে নিজৰ ৰুমলৈ গৈ ছবি আঁকিবলৈ ধৰিলে । দুঘণ্টামানৰ পিচত নিজৰ ৰুমৰ পৰা ওলাই আহিলে ৷ ৰুমৰ পৰা আহি ক’লে যে তাই বিক্ৰম ৰাথোৰক বহু ভাল পাইছিল । তেতিয়া মই তাইক সুধিছিলো গোলাপী ৰং কিয় ব্যৱহাৰ কৰিছা ? তেতিয়া তাই ক’লে জৱান ছবিখন হৈছে নাৰী শক্তিৰ ছবি ৷ এই সন্দৰ্ভত কিবা ক’ব নে @iamsrk ৷"

২৩ বছৰীয়া কন্যা সুহানাৰ পিতৃ শ্বাহৰুখ খানে এই টুইটৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুৰাগীৰ কন্যাৰ এই প্ৰচেষ্টাক শলাগ লয় । ইয়াৰ উত্তৰত শ্বাহৰুখে লিখিছে, "তাই ঠিকেই বুজি পাইছে... #জৱান সঁচাকৈয়ে গাৰ্ল পাৱাৰৰ আধাৰত নিৰ্মিত ছবি । বিক্ৰম ৰাথোৰেও মান্তি এই কথাত । আমাৰ ছোৱালী, আমাৰ ভৱিষ্যত... মোৰ ফালৰ পৰা তাইক মৰম দিয়ক !"

এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত নয়নতৰা, দীপিকা পাডুকন, প্ৰিয়মণি, সন্যা মালহোত্ৰা, ৰিধি ডোগ্ৰা, লেহৰ খান, গিৰিজা ওক আৰু সঞ্জিতা ভট্টাচাৰ্যক নাৰী শক্তিৰ ৰূপত দেখুৱা হৈছে । ইফালে ছবিখন মুক্তিৰ পিচতে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ গ্লোবেল বক্স অফিচত ৬০০ কোটি টকাৰ সীমা অতিক্ৰম কৰা এইখন সৰ্বাধিক দ্ৰুততম হিন্দী চিনেমা হিচাপে পৰিগণিত হৈছে । ছবিখনে এই মাইলৰ খুঁটিত উপনীত হ’বলৈ মাত্ৰ সময় লাগিছিল পাঁচদিন । (ANI)

লগতে পঢ়ক: Jawan box office collection: ৬ দিনত ৬০০ কোটি টকা উপাৰ্জন কৰি ইতিহাস ৰচিলে জৱানে, ৭ম দিনৰ সংগ্ৰহ কিমান হ’ব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.