ETV Bharat / entertainment

Jawan box office collection: ৬ দিনত ৬০০ কোটি টকা উপাৰ্জন কৰি ইতিহাস ৰচিলে জৱানে, ৭ম দিনৰ সংগ্ৰহ কিমান হ’ব জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 2:18 PM IST

শ্বাহৰুখ খানৰ অভিনীত ছবি জৱানে মুক্তিৰ পিছৰে পৰা অভিলেখ ভংগ কৰি আহিছে । ৬ দিনত বক্স অফিচত ৬০০ কোটি টকা উপাৰ্জন কৰিছে । একেদৰে ছবিখনে অতি সোনকালে ঘৰুৱা বক্স অফিচতো ৪০০ কোটি টকাৰ ক্লাবত যোগদান কৰিব । আনহাতে, ৭ম দিনৰ উপাৰ্জনৰ অনুমান ২০% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ।

jawan-box-office-collection-numbers-likely-to-decline-over-20-percent-for-shah-rukh-khan-starrer-on-day-7
জৱান বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: মুক্তিৰ পিচতে বক্স অফিচত ইতিহাস ৰচনা কৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘জৱান’। জৱানৰ জনপ্ৰিয়তা দেশৰ লগতে বিদেশতো দেখা গৈছে । ৭ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ আজি ৭ দিন হ’ল । ৬ দিনীয়া সংগ্ৰহত বিশ্বব্যাপী বক্স অফিচত ৬০০ কোটি টকা অতিক্ৰম কৰি আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে ছবিখনে । ইফালে ভাৰতত ৩৫০ কোটিৰো অধিক ধন উপাৰ্জন কৰাৰ লগতে ৭ ম দিনত ৪০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব বুলি অনুমান কৰা হৈছে ।

সেকনিল্কৰ মতে কিং খানৰ অভিনীত এই ছবিখনে বক্স অফিচত দেখুৱাইছে ভাল ফলাফল । মুক্তিৰ দিনটোত ভাৰতৰ সকলো ভাষাতে ৭৫ কোটি টকা উপাৰ্জন কৰে ছবিখনে । দ্বিতীয় আৰু তৃতীয় দিনা ছবিখনে বক্স অফিচত ক্ৰমে ৫৩.২৩ কোটি আৰু ৭৭.৮৩ কোটি টকা সংগ্ৰহ কৰে । চতুৰ্থ দিনত ৮০.১ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে পঞ্চম আৰু ষষ্ঠ দিনত ক্ৰমে ৩০.৫ কোটি আৰু ২৭.২২ কোটি টকা সংগ্ৰহ কৰে ।

একেদৰে ৭ম দিনত ছবিখনে ২১.৬২ কোটি টকা (আনুমানিক) উপাৰ্জন কৰিব পাৰে । ৭ম দিনটোত আন দিনৰ তুলনাত ছবিখনৰ উপাৰ্জন ২০.৫৭% হ্ৰাস পাইছে। যদি এই অনুমানে ঠিকেই হয়, তেন্তে ছবিখনৰ মুঠ ঘৰুৱা বক্স অফিচ উপাৰ্জন ৩৬৭.৯২ কোটি টকালৈ বৃদ্ধি পাব । ইফালে মুক্তিৰ ষষ্ট দিনত বিশ্বব্যাপী বক্স অফিচত ৬২৮.০৪ কোটি টকা সংগ্ৰহ কৰি ইতিহাস ৰচনা কৰিছে ছবিখনে ।

জৱানৰ ৱৰ্ল্ডৱাইড সংগ্ৰহ

প্ৰথম দিনঃ ১২৯.৬০ কোটি টকা

দ্বিতীয় দিনঃ ১১০.৮৭ কোটি টকা

তৃতীয় দিন : ১৪৪.২২ কোটি টকা

চতুৰ্থ দিনঃ ১৩৬.১০ কোটি টকা

পঞ্চম দিনঃ ৫৪.১০ কোটি টকা

ষষ্ঠ দিন : ৫৩.১৫ কোটি টকা

ইয়াৰ লগে লগে বিশ্বব্যাপী বক্স অফিচত মুঠ সংগ্ৰহ হৈছেগৈ ৬২৮.০৪ কোটি টকা ৷

হিন্দী, তামিল আৰু তেলুগু ভাষাত বিশ্বজুৰি মুক্তি লাভ কৰিছিল জৱান । এই একচন থ্ৰিলাৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান, দক্ষিণৰ অভিনেতা বিজয় ছেঠুপথি, অভিনেত্ৰী নয়নতৰা, সান্য মালহোত্ৰা আৰু প্ৰিয়মণি । ছবিখনত বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু সঞ্জয় দত্তকো কেমিঅ’ চৰিত্ৰত দেখা গৈছে । ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল পুনে, মুম্বাই, হায়দৰাবাদ, চেন্নাই, ৰাজস্থান আৰু ঔৰংগাবাদত ।

লগতে পঢ়ক: Jawan craze in Assam: ধুবুৰীত কিং খানৰ গাত ঢালিলে গাখীৰ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.