ETV Bharat / entertainment

Kangana Ranaut: ৰামায়ণত ৰাম হ’ব ৰণবীৰ কাপুৰ, কংগনা ৰানাৱটে পোষ্ট শ্বেয়াৰ কৰি ক’লে- এটা বগা নিগনি. .

author img

By

Published : Jun 11, 2023, 10:20 PM IST

No druggie soy boy should play Lord Ram: Kangana Ranaut takes veiled dig at Ranbir Kapoor
কংগনা ৰানাৱটে নিতেশ তিৱাৰীৰ ৰামায়ণক সমালোচনা কৰিছে

এইবাৰৰ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিতেশ তিৱাৰীৰ ৰামায়ণক সমালোচনা কৰিছে । অভিনেত্ৰীগৰাকীয়ে পৰিচালকগৰাকীৰ কাষ্টিংক লৈও প্ৰশ্ন উত্থাপন কৰিছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 11 জুন: ভগৱান শ্ৰী ৰাম আৰু মাতৃ সীতাৰ কাহিনীৰ আধাৰত নিৰ্মিত ‘আদিপুৰুষ’ ছবিৰ পিচত ৰামায়ণৰ ওপৰত আন এখন ছবি নিৰ্মাণৰ খবৰ আহিছে। জনপ্ৰিয় পৰিচালক নিতেশ তিৱাৰীয়েও নিৰ্মাণ কৰিবলৈ ওলাইছে ৰামায়ণ ছবিখন । যোৱা কেইবাদিনৰ পৰা এই ছবিখনক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে ৷

একে সময়তে এই ছবিখনৰ অভিনেতা-অভিনেত্ৰীক লৈও যথেষ্ট চৰ্চা চলিছে । শেহতীয়াকৈ খবৰ আহিছিল যে নিতেশে নিজৰ ৰামায়ণৰ বাবে ৰণবীৰ কাপুৰক ৰাম হিচাপে চূড়ান্ত কৰিছে, আনহাতে আলিয়া ভাটক সীতাৰ ৰূপত নিৰ্বাচিত কৰিছে (Kangana Ranaut on rejecting dhanush film) ৷ কেৱল ইমানেই নহয়, কেজিএফৰ ফেম যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব বুলিও চৰ্চা চলিছে । এতিয়া এই খবৰবোৰ দেখি ক্ষুব্ধ হৈ পৰিছে বলীউডৰ বিতৰ্কিত কুইন কংগনা ৰানাৱট । শেহতীয়াকৈ কাৰো নাম নোলোৱাকৈয়ে ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি ব্যক্ত কৰিলে ক্ষোভ (Kangana Ranaut on Ranbir Kapoor playing ram) ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, এই ছবিখনৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, কোনো অভিনেতা-অভিনেত্ৰীৰ বিষয়েও একো কোৱা হোৱা নাই। কিন্তু, মিডিয়া ৰিপ’ৰ্টত ৰণবীৰ কাপুৰ ৰাম হোৱাৰ খবৰ অহাৰ পিচত কংগনাই ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰে (Kangana Ranaut on Ranbir Kapoor ramayan) ৷

কংগনা ৰানাৱটে পোষ্টটো শ্বেয়াৰ কৰি কি লিখিছে

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘‘আজিকালি আন এক আগন্তুক বলীউড ৰামায়ণৰ কথা শুনিবলৈ পাইছো । য’ত এটা বগা নিগনি যি এজন তথাকথিত অভিনেতা। যাক ছান টেনৰ অতি প্ৰয়োজন আৰু কোনে পিআৰৰ সৈতে উদ্যোগটোত বেয়া কাম কৰাৰ বাবে জনপ্ৰিয় । যি নাৰীত্বৰ বাবে পৰিচিত আৰু ড্ৰাগছ আসক্ত । যিয়ে নিজকে শিৱৰূপে ত্ৰিলজীত চিত্ৰিত কৰিবলৈ বিফল চেষ্টা কৰিছিল । যিটো কোনেও দেখা নাই আৰু কোনেও ইয়াৰ দ্বিতীয় অংশ বনোৱা নাই । এতিয়া নিজকে আড়ম্বৰপূৰ্ণ ৰাম বনাবলৈ সাজু হৈছে (Kangana Ranaut on Ranbir Kapoor) ।’’

No druggie soy boy should play Lord Ram: Kangana Ranaut takes veiled dig at Ranbir Kapoor
কংগনা ৰানাৱটে নিতেশ তিৱাৰীৰ ৰামায়ণক সমালোচনা কৰিছে

কংগনাই লগতে লিখিছে যে ‘‘যেতিয়া এজন যুৱ ছুপাৰষ্টাৰ যিজনক স্ব-নিৰ্মিত বুলি গণ্য কৰা হয় । ফেমিলি মেন আৰু যি পৰম্পৰাগত হয় । বাল্মিকী জীৰ বৰ্ণনা অনুসৰি, যাৰ ৰং, ৰূপ আৰু বৈশিষ্ট্য ৰামৰ লগত হুবহু মিল আছে, তেওঁ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছে । এইটো কেনেকুৱা কলি যুগ । কোনো হালধীয়া ৰঙৰ ড্ৰাগছ আসক্তই ৰামৰ চৰিত্ৰত অভিনয় কৰিব নালাগে । জয় শ্ৰী ৰাম । আপুনি মোক এবাৰ টাৰ্গেট কৰিলে মই মৃত্যুৰ আগলৈকে টাৰ্গেট কৰিম। মোৰ পৰা আঁতৰি থাকক।’’

লগতে পঢ়ক: Animal Pre Teaser Video: ৰক্তপিপাসু এনিমেল হৈ পৰিল ৰণবীৰ কাপুৰ, টিজাৰত ৰণবীৰৰ ভয়ানক ৰূপ দেখি গাৰ নোম শিয়ৰি যাব আপোনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.