ETV Bharat / entertainment

Animal Pre Teaser Video: ৰক্তপিপাসু এনিমেল হৈ পৰিল ৰণবীৰ কাপুৰ, টিজাৰত ৰণবীৰৰ ভয়ানক ৰূপ দেখি গাৰ নোম শিয়ৰি যাব আপোনাৰ

author img

By

Published : Jun 11, 2023, 1:09 PM IST

মুক্তি পালে ৰণবীৰ কাপুৰৰ একচন ড্ৰামা ছবি এনিমেলৰ প্ৰি-টিজাৰ । ছবিখনৰ প্ৰথম টিজাৰ ভিডিঅ’টোত ৰণবীৰ কাপুৰৰ লুকৰ পৰা আৰম্ভ কৰি তেওঁৰ ষ্টাইললৈকে সকলো ব্যতিক্ৰম দেখা পোৱা গৈছে ৷ চাওক এনিমেলৰ প্ৰি-টিজাৰ (Animal Pre Teaser) ৷

Animal pre-teaser out: Ranbir Kapoors fierce avatar will pique your interest
এনিমেলৰ প্ৰি-টিজাৰ মুকলি

চিটাৰা ডেস্ক, 11 জুন : বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ আটাইতকৈ প্ৰত্যাশিত ছবি এনিমেলৰ বাবে অপেক্ষা কৰি আছে অনুৰাগী (Ranbir Kapoor Animal) ৷ অৱশেষত অন্ত পৰিল অপেক্ষাৰ ৷ কিয়নো আহি গ’ল এনিমেলৰ প্ৰি-টিজাৰ ভিডিঅ’ (Ranbir Kapoor) ৷ ছ’চিয়েল মিডিয়াত মুক্তি পালে ছবিখনৰ প্ৰি-টিজাৰ । প্ৰি-টিজাৰ ভিডিঅ’টোত ৰণবীৰ কাপুৰক সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত দেখা পোৱা গৈছে ৷ হাতত কুঠাৰ লৈ ধুতি পৰিধান কৰা ৰণবীৰ কাপুৰক দেখি অনুৰাগীৰ উত্তেজনা আৰু অধিক বাঢ়ি গৈছে ৷ সন্দীপ ৰেড্ডী ভাংগাৰ ছবি এনিমেলৰ প্ৰি-টিজাৰ ভিডিঅ’ মুক্তি পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Ranbir Kapoor Films) ।

ছ’চিয়েল মিডিয়াত ৰণবীৰ কাপুৰৰ এনিমেলে সৃষ্টি কৰিছে আলোড়নৰ

টি ছিৰিজৰ ইউটিউব চেনেলত মুক্তি পালে ৰণবীৰ কাপুৰৰ এনিমেল ছবিখনৰ প্ৰি-টিজাৰ । প্ৰি-টিজাৰ ভিডিঅ’টোত বহু লোকে মাস্ক পৰিধান কৰা দেখা গৈছে, যিসকলৰ হাতত কুঠাৰ আছিল । ইয়াৰ পিচত বেকগ্ৰাইণ্ডত পাঞ্জাবী গান শুনা যায় আৰু তাৰ পিচত ৰণবীৰ কাপুৰৰ এণ্ট্ৰি হয় (Animal Pre Teaser Video) । বগা ধুতি আৰু চাৰ্ট পৰিধান, দীঘল চুলি, দীঘল দাড়ি আৰু হাতত কুঠাৰ লৈ ইটোৰ পিচত সিটোকৈ মাস্ক পৰিধান কৰা লোকক আক্ৰমণ কৰে (Ranbir Kapoor New Movie) ৷

ৰণবীৰ কাপুৰৰ সম্পূৰ্ণ মুখখন এনিমেল প্ৰি-টিজাৰত দেখা পোৱা নাই যদিও তেওঁৰ এক আভাসে অনুৰাগীৰ হৃদয়ত সৃষ্টি কৰিছে আলোড়নৰ (Ranbir Kapoor New Movie)।

  • " class="align-text-top noRightClick twitterSection" data="">

এনিমেল ছবিখনৰ কাহিনী কি ?

এনিমেল ছবিখনৰ কাহিনী সন্দৰ্ভত এতিয়াও নিৰ্মাতাসকলে কোনো বিশেষ প্ৰকাশ কৰা নাই যদিও শেহতীয়াকৈ ৰণবীৰ কাপুৰে সংবাদ মাধ্যমত জনোৱা মতে এই কাহিনীটো এটা ক্ৰাইম-ড্ৰামা (Animal Movie) । ৰণবীৰ কাপুৰে কয় যে পিতৃ-পুত্ৰৰ এই কাহিনীটোত কিছুমান টুইষ্ট এণ্ড টাৰ্ণ আছে যিবোৰ দৰ্শকে তেওঁৰ পৰা আশা নকৰে ।

এনিমেলৰ সন্দৰ্ভত ৰণবীৰ কাপুৰে লগতে কয় যে তেওঁক গ্ৰে শ্বেডৰ অৱতাৰত দেখা যাব । উল্লেখ্য যে, ৰণবীৰ কাপুৰৰ লগতে ৰশ্মিকা মান্দান্না (Rashmika Mandanna), ববী দেউল (Bobby Deol), অনিল কাপুৰ (Anil Kapoor) আৰু তৃপ্তী ডিমৰীকো (Tripti Dimri) এনিমেলত দেখা পোৱা যাব । অহা ১১ আগষ্টত পান ইণ্ডিয়া পৰ্যায়ত মুক্তি পাব ।

লগতে পঢ়ক: OMG 2 Release Date: ভগৱান শিৱৰ অৱতাৰত দেখা যাব অক্ষয় কুমাৰক, জানি লওক অ এম জি 2ৰ মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.