ETV Bharat / entertainment

Shah Rukh Khan: শ্বাহৰুখ খানৰ জন্মদিনেই কাল হ’ল নেকি বহু অনুৰাগীৰ বাবে ?

author img

By ANI

Published : Nov 3, 2023, 4:46 PM IST

শ্বাহৰুখ খানৰ জন্মদিনত অঘটন ৷ মন্নতৰ বাহিৰত কিং খানক শুভেচ্ছা জনাবলৈ অহা অনুৰাগীৰ পৰা চুৰি হ’ল 30 টা মোবাইল ফোন ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Mumbai: More than 30 fans of SRK robbed of their mobile phones
শ্বাহৰুখ খানৰ জন্মদিনত অঘটন

চিটাৰা ডেস্ক, ৩ নৱেম্বৰ: ২ নৱেম্বৰত বলীউডৰ কিং শ্বাহৰুখ খানে উদযাপন কৰিছে ৫৮ সংখ্যক জন্মদিন । কিং খানৰ জন্মদিন অনুৰাগীৰ বাবে কোনো উৎসৱতকৈ কম নহয় ৷ সেয়েহে, প্ৰতি বছৰে শ্বাহৰুখ খানৰ জন্মদিনত তেওঁৰ মুম্বাইৰ বাসগৃহ ‘মন্নত’ৰ বাহিৰত বিপুল সংখ্যক অনুৰাগীয়ে ভিৰ কৰে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ এইবাৰো মাজনিশা হাজাৰ হাজাৰ অনুৰাগী মন্নতৰ বাহিৰত সমবেত হয় ৷ কিং খানক জন্মদিনৰ শুভেচ্ছা জনাবলৈ দূৰ-দূৰণিৰ পৰা আহিছিল অনুৰাগী ৷ কিন্তু কিং খানক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহি বিপদত পৰিল বহু অনুৰাগী ৷

ঘটনাৰ বিৱৰণী অনুসৰি, অনুৰাগীয়ে মাজনিশা মন্নতৰ বাহিৰত তেওঁৰ প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছিল । কিন্তু এনে কৰিবলৈ গৈ বিপদত পৰিল একাংশ অনুৰাগী । দৰাচলতে ভিৰৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ৷ বহু অনুৰাগীৰ পৰা চুৰি কৰি লৈ যায় তেওঁলোকৰ মোবাইল ফোন । মহাৰাষ্ট্ৰ আৰক্ষীয়ে শ্বেয়াৰ কৰিছে এই তথ্য ।

চোৰ হ’ল অনুৰাগীৰ মোবাইল

শেহতীয়াকৈ নিউজ এজেন্সী এ এন আইয়ে এটা টুইট কৰি লিখিছে, ‘‘মন্নতৰ বাহিৰত সমবেত হোৱা অনুৰাগীৰ ভিতৰত ৩০ জন লোকৰ মোবাইল চুৰি হৈছে । ভিৰৰ সুবিধা লৈ চোৰে চুৰি কৰি লৈ যায় অনুৰাগীৰ মোবাইল ফোন । বান্দ্ৰা আৰক্ষীত থানাত ৰুজু হৈছে গোচৰ ।’’

  • Maharashtra | More than 30 mobile phones of fans gathered outside 'Mannat' yesterday, stolen. The thieves took advantage of the crowd that had gathered there to catch a glimpse of Shah Rukh Khan on his birthday. Case registered at Bandra Police Station: Mumbai Police

    — ANI (@ANI) November 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে শ্বাহৰুখ খানৰ বাবে এইবাৰ তেওঁৰ জন্মদিনটো আছিল অতিকৈয়ে বিশেষ ৷ তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰ ছবি 'জৱান' নেটফ্লিক্সত মুক্তি দিয়া হৈছে । ইয়াৰ উপৰিও শ্বাহৰুখে অনুৰাগীক আন এক উপহাৰ দিয়ে । তেওঁৰ বহু প্ৰত্যাশিত ছবি ডাংকি, ডাংকিৰ প্ৰথমটো টিজাৰ মুকলি কৰিছে তেওঁৰ জন্মদিনত ৷ এই ছবিখনত শ্বাহৰুখৰ উপৰিও তাপসী পান্নু, বিকি কৌশল, দিয়া মিৰ্জা, ধৰ্মেন্দ্ৰ, বোমন ইৰাণী, সতীশ শ্বাহক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক: Shah Rukh Khan : টিম ইণ্ডিয়াই এনেদৰে জনালে কিং খানক জন্মদিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.