ETV Bharat / entertainment

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ খবৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মনোজ বাজপেয়ীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:07 PM IST

Manoj Bajpayee: শেহতীয়াকৈ খবৰ পোৱা গৈছিল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত চম্পাৰণ বিহাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীয়ে । এতিয়া এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে অভিনেতাগৰাকীয়ে ।

Manoj Bajpayee reacted to reports that he will contest the Lok Sabha elections 2024
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি মনোজ বাজপেয়ীয়ে

চিটাৰা ডেস্ক, ৫ জানুৱাৰী: সমাগত ২০২৪ চনৰ লোকসভা নিৰ্বাচন । ইতিধ্যেই সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনৰ প্ৰস্তুতি । ইফালে বলীউডৰ বহু চেলিব্ৰিটিয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও চৰ্চা আৰম্ভ হৈছে ৷ অৱশ্যে এই খবৰত কিমান সত্য সত্যতা আছে সেয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিচত হে গ’ম পোৱা যাব ৷ ইয়াৰ মাজতে এতিয়া লোকসভা নিৰ্বাচনৰ সৈতে নাম জড়িত হৈ পৰিছে জনপ্ৰিয় অভিনেতা মনোজ বাজপেয়ীৰ । ছ’চিয়েল মিডিয়াত মনোজ বাজপেয়ীয়ে ৰাজনীতিত যোগদান কৰা বহু বাতৰি ইতিমধ্যেই প্ৰকাশ পাইছে ৷ এতিয়া ইয়াক লৈ অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কি ক’লে জানো আহক ৷

মনোজ বাজপেয়ীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ?

কিছুদিনৰ পৰা বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ পৰা মনোজ বাজপেয়ীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি ছ’চিয়েল মিডিয়া আৰু বহু প্লেটফৰ্মত বাতৰি প্ৰকাশ পাইছিল । অৱশ্যে ৰাজনীতিত যোগদানৰ খবৰ সন্দৰ্ভত নিজৰ অফিচিয়েল একাউণ্ট এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে ভাইৰেল খবৰটোক কেৱল উৰাবাতৰি বুলি অভিহিত কৰিছে । দৰাচলতে এটা নিউজ চেনেলে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে,‘‘ বলীউডৰ অভিনেতা মনোজ বাজপেয়ীয়ে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পশ্চিম চম্পাৰণ লোকসভা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা ।’’

এই পোষ্টটো শ্বেয়াৰ কৰি অভিনেতাজনে এক্সত লিখিছে, ‘‘ঠিক আছে, এই কথা আপোনাক কোনে কৈছে বা যোৱা নিশা সপোন দেখিছিলা নেকি বাৰু ? কওঁকচোন ৷’’

কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে ৰাজনীতিত প্ৰৱেশৰ কথা মুকলিকৈ কৈছিল । অভিনেতাগৰাকীয়ে কৈছিলে, ‘‘যোৱা ২৫ বছৰে যেতিয়াই নিৰ্বাচন আহে তেতিয়াই বিহাৰ আৰু মোৰ চহৰত উৰাবাতৰি উৰিবলৈ আৰম্ভ কৰে যে মই নিৰ্বাচনত অৱতীৰ্ণ হ’ম ।’’

মনোজ বাজপেয়ীয়ে ৰাজনীতিত যোগদান কৰিব নে ?

মনোজ বাজপেয়ীয়ে লগতে কয়, ‘‘প্ৰতিবাৰেই মোৰ কোনোবা বন্ধুৱে মোক ফোন কৰি নিশ্চিত কৰে যে মনোজে কোনো দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে নে নাই, কাৰণ তেওঁ সেই সংসদীয় সমষ্টিৰ কোনোবা এটা দলৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হৈছে । মই তাক সান্ত্বনা দিব লাগে যে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো ৷ ’’ ইয়াৰ সমান্তৰালকৈ মনোজ বাজপেয়ীয়ে ৰাজনীতিত নাযায় বুলিও নিশ্চিত কৰিছিল । তেওঁ কয় যে তেওঁ নিজৰ অভিনয় যাত্ৰাক আৰু আগুৱাই নিব বিচাৰে ।

লগতে পঢ়ক: ভগ্নী আইৰা খানৰ বিয়াত অংশগ্ৰহণ প্ৰেমিকাসহ ইমৰাণ খানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.