ETV Bharat / entertainment

Grammy awards not remembered Lata Mageshkar: গ্ৰেমি এৱাৰ্ডছৰ মঞ্চত স্মৰণ কৰা ন’হল লতাদীক

author img

By

Published : Apr 4, 2022, 5:32 PM IST

Lata Mageshkar
গ্ৰেমি এৱাৰ্ডছৰ মঞ্চত স্মৰণ কৰা ন’হল লতাদীক

অস্কাৰৰ পিছত এইবাৰ গ্ৰেমি এৱাৰ্ডছ্ত বাদ পৰি ৰ’ল প্ৰয়াত কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ নাম (Grammy awards latets updates) ৷ সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ উজাৰিছে অনুৰাগীয়ে ৷

চিটাৰা ডেস্ক, 4 এপ্ৰিল : সোমবাৰে লাছ ভেগাছত অনুষ্ঠিত হয় 64 সংখ্যক গ্ৰেমি বঁটা বিতৰণী অনুষ্ঠান (Grammy awards 2022) ৷ উক্ত বঁটা বিতৰণী অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা নহ’ল ভাৰতৰ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক (In memorian section of grammy awards) ৷ ইয়াৰ পূৰ্বে 27 মাৰ্চত অনুষ্ঠিত হৈ যোৱা অস্কাৰৰ বঁটা বিতৰণী অনুষ্ঠানতো বাদ পৰি ৰৈছিল ভাৰত ৰত্ন গৰাকী ৷

বৰ্তমানে টুইটাৰত আলোচনা চলিছে ৰেকৰ্ডিং একাডেমীৰ ওপৰত ৷ দৰাচলতে এই ৰেকৰ্ডিং একাডেমীয়েই হলীউডৰ এই ডাঙৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে (Grammy awards latets updates) ৷ এনে এখন বৃহৎ মঞ্চত লতা মংগেশকাৰৰ দৰে চিৰসেউজ সংগীতশিল্পী এগৰাকীৰ নাম বাদ পৰি ৰোৱাটো নিশ্চয়কৈ আশ্বৰ্যৰ বিষয় ৷

সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে একাধিক অনুৰাগীয়ে ৷ এজনে লিখিছে, কেৱল আমেৰিকান সংগীত আৰু আমেৰিকাৰ সংগীত শিল্পীক সন্মান জনোৱা এই অনুষ্ঠান মহত্বহীন ৷ আন এজনে লিখিছে, শ্ৰদ্ধাঞ্জলি শাখাত প্ৰয়াত শিল্পী সকলৰ মাজত ভাৰতৰ আটাইতকৈ নামজ্বলা শিল্পী গৰাকীৰ নাম উল্লেখ নোহোৱাটো নিশ্চয়কৈ গৰিহণাৰ যোগ্য ৷

ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ পিছৰ স্বাস্থ্য়জনিত সমস্যাত 6 জানুৱাৰীত লতাদীয়ে ইহসংসাৰৰ পৰা বিদায় মাগে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ ৷

লগতে পঢ়ক: Oscar 2022 ceremony: অস্কাৰৰ মঞ্চত উপেক্ষিত হৈ ৰ’ল লতা মংগেশকাৰ, দিলীপ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.