ETV Bharat / entertainment

ওৰ পৰিল সুস্মিতা সেন আৰু ললিত মোডীৰ সম্পৰ্ক !

author img

By

Published : Sep 6, 2022, 2:12 PM IST

ললিত মোডীয়ে ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ বায়’ আৰু প্ৰফাইল ফটো সলনি কৰিলে । তাৰ পিছতে ললিত মোদী আৰু সুস্মিতা সেনৰ সম্পৰ্ক বিচ্ছেদৰ বাতৰিৰে ভৰি পৰিছে সামাজিক মাধ্যম (Lalit Modi and Sushmita Sen) । 14 জুলাইত ললিত মোডীয়ে সুস্মিতা সেনৰ সৈতে একাধিক ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি ঘোষণা কৰিছিল ।

Lalit Modi and Sushmita Sen
সুস্মিতা সেন আৰু ললিত মোডীৰ সম্পৰ্ক

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ : অলপতে আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোডী আৰু সুস্মিতা সেনৰ সম্পৰ্কৰ বাতৰিয়ে তোলপাৰ লগাইছিল ৷ 1994 চনৰ মিছ ইউনিভাৰ্ছ গৰাকীৰ সৈতে সম্পৰ্ক আছে বুলি ঘোষণা কৰাৰ পিছৰে পৰা ললিত মোডী আৰু সুস্মিতা আছে বাতৰিৰ শিৰোনামত । এতিয়া আকৌ দুয়ো লাইমলাইটলৈ আহিছে ব্ৰেকআপৰ বাতৰিৰে ।

শেহতীয়াকৈ ললিত মোদীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত বায়’ আৰু প্ৰফাইল ফটো সলনি কৰাৰ পিছত সুস্মিতাৰে সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে বুলি নানা জল্পনা কল্পনা চলিছে (Lalit Modi instagram)। 14 জুলাইত ললিত মোডীয়ে সুস্মিতা সেনৰ সৈতে একাধিক ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ মাজৰ সম্পৰ্কৰ কথা ঘোষণা কৰিছিল ।

তেওঁলোকৰ সম্পৰ্কৰ কথা ঘোষণা কৰাৰ উপৰিও তেওঁ নিজৰ ইনষ্টা একাউণ্টটোও আপডেট কৰিছিল । সুস্মিতাৰ সৈতে ফটো আপলোড কৰি ললিতে লগতে লিখিছিল "অৱশেষত মোৰ partner in crime ৰ সৈতে নতুন জীৱন আৰম্ভ কৰিলোঁ । মোৰ প্ৰেম @sushmitasen47" । এতিয়া, তেওঁ নিজৰ বায়’ৰ পৰা সুস্মিতা আৰু তেওঁৰ নাম থকা ফটোখন আঁতৰাই পেলাইছে । ব্ৰেকআপৰ বাতৰি বিয়পি পৰাৰ লগতে নেটিজেনে টুইটাৰত এটা মিম ফেষ্ট আৰম্ভ কৰে । চাওক নেটিজেনৰ কিছুমান হাস্যকৰ প্ৰতিক্ৰিয়া ।

ললিত 1991 চনৰ অক্টোবৰ মাহত মিনাল সাগ্ৰানীৰ সৈতে বিবাহপাশত হৈছিল । তেওঁলোকৰ দুটা সন্তান, পুত্ৰ ৰুচিৰ আৰু কন্যা আলিয়া । মিনালৰ প্ৰথম বিবাহৰ পৰা থকা সন্তান কৰিমা সাগ্ৰানীৰো চোৱা চিতা কৰিছিল ললিতে । দুৰ্ভাগ্যজনকভাৱে 2018 চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল মিনালে ।

আনহাতে 2018 চনত ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হোৱা মডেল ৰহমান শ্বলৰ সৈতে সুস্মিতাৰ সম্পৰ্ক আছিল যদিও যোৱা বছৰ তেওঁৰ সৈতে বিচ্ছেদ ঘটায় সুস্মিতাই (Sushmita Sen instagram) । ৰেনী আৰু আলিছা নামৰ দুগৰাকী কন্যা তুলি লৈছিল সুস্মিতাই (Sushmita Sen daughters)।

লগতে পঢ়ক : প্ৰাক্তন প্ৰেমিক ৰহমান শ্বলৰ সৈতে দেখা গ’ল সুস্মিতা সেনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.