ETV Bharat / entertainment

Raghav Juyal: ডেংগু ৰোগত আক্ৰান্ত হৈও ছবিৰ বাবে শ্বুটিং কৰিছিল ৰাঘৱ জুৱালে

author img

By

Published : Apr 14, 2023, 8:08 PM IST

ছুপাৰষ্টাৰ ছলমান খানৰ আগন্তুক ছবি ‘কিছি কা ভাই কিছি কি জান’ত ৰাঘৱ জুৱালক দেখা পোৱা যাব ৷ শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰৰ সময়ত ৰাঘৱে ক’লে কিদৰে ডেংগু ৰোগত আক্ৰান্ত হৈও ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিছিল (Raghav Juyal) ৷

Kisi Ka Bhai Kisi Ki Jaan: Raghav Juyal reveals he shot for film despite having dengue
ৰাঘৱে ক’লে কিদৰে ডেংগু ৰোগত আক্ৰান্ত ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিছিল

চিটাৰা ডেস্ক, ১৪ এপ্ৰিল: আহি আছে বলীউডৰ ভাইজান ছলমান খানৰ আগন্তুক ছবি 'কিছি কা ভাই কিছি কি জান' (Kisi Ka Bhai Kisi Ki Jaan) ৷ এটা সপ্তাহ পিচত ছবিগৃহত মুক্তি পাব ছবিখন ৷ এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বেহনাজ গীল, পলক তিৱাৰী ৷ ইফালে এই ছবিখনত ৰাঘৱ জুৱালক এক আকৰ্ষণীয় চৰিত্ৰত দেখা যাব (Raghav Juyal in KKBKKJ) । সম্প্ৰতি ছবিখন মুক্তি পোৱাৰ পূৰ্বে ছবিখনৰ সম্পূৰ্ণ কাষ্ট ব্যস্ত হৈ আছে ছবিখনৰ প্ৰচাৰত ৷

এই ছবিখনৰ প্ৰচাৰৰ সময়তে ৰাঘৱ জুৱালে কিছু শ্বেয়াৰ কৰে (Raghav shot for KKBKKJ while he Suffers dengue) ৷ ৰাঘৱে কয় যে, ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত তেওঁ ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ পিচতো তেওঁ ছবিখনৰ বাবে শ্বুটিং কৰে । ৰাঘৱে কয়, "কিছি কা ভাই কিচি কি জান' ছবিখনৰ শ্বুটিং কৰি থাকোঁতে মোৰ ডেংগু ধৰা পৰিছিল । শ্বুটিং সম্পূৰ্ণ কৰিবলৈ সময় সীমিত হোৱাৰ বাবেই প্ৰডাকচনক ক্ষতি কৰিবলৈ নিবিচাৰিলোঁ, গতিকে শ্বুটিংটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত ল’লোঁ ।"

অভিনেতাগৰাকীয়ে লগতে কয়, "মোৰ অৱস্থাৰ প্ৰতি দলটোৱে অতি বুজাবুজি আৰু দয়ালু আছিল । মই সুখী যে মই এই কামটো কৰিবলৈ সক্ষম হ’লোঁ কাৰণ মই যিখিনিৰ মাজেৰে পাৰ হৈ আহিছিলো সেয়া মোৰ চৰিত্ৰটোৱে অনুভৱ কৰাতকৈ সম্পূৰ্ণ পৃথক আছিল ৷"

ফাৰহাদ ছামজীৰ দ্বাৰা পৰিচালিত কিছি কা ভাই কিছি কি জান ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ছলমান খান, মুখ্য চৰিত্ৰত পূজা হেগড়ে আৰু ভেংকটেশ দগ্গুবাটিয়ে । শ্বেহনাজ গীল, ভূমিকা চাওলা, জগাপতি বাবু, ৰাঘৱ জুৱাল, সিদ্ধাৰ্থ নিগম, জছি গীল, বিজেন্দৰ সিং আৰু পলক তিৱাৰীও ছবিখনৰ অংশ । কিছি কা ভাই কিছি কি ২১ এপ্ৰিলত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ।

শেহতীয়া নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰ উন্মোচন কৰিছে । ট্ৰেইলাৰৰ আৰম্ভণিতে ছলমান খান আৰু পূজা হেগড়েৰ মাজত ৰোমান্টিক কেমিষ্ট্ৰী দেখিবলৈ পোৱা যায় । তেওঁ নিজৰ প্ৰেম আৰু পৰিয়ালক ৰক্ষা কৰাৰ উদ্দেশ্যে ফাইট কৰা দেখা যায় । (ANI)

লগতে পঢ়ক: Salman Shehnaaz : শ্বেহনাজক কলত ছলমানে দিছিল ছবিৰ অফাৰ; কিন্তু শ্বেহনাজে ব্লক কৰিছিল ছলমানৰ নম্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.