ETV Bharat / entertainment

Salman Shehnaaz : শ্বেহনাজক কলত ছলমানে দিছিল ছবিৰ অফাৰ; কিন্তু শ্বেহনাজে ব্লক কৰিছিল ছলমানৰ নম্বৰ

author img

By

Published : Apr 14, 2023, 12:34 PM IST

ছলমান খানে শ্বেহনাজ গীলক ফোনযোগে ‘কিছি কা ভাই কিছি কি জান’ ছবিখনৰ প্ৰস্তাৱ আগবঢ়াছিল (Salman Shehnaaz) ৷ কিন্তু শ্বেহনাজে ছলমানৰ নম্বৰটো ব্লক কৰি দিছিল । কিয় জানেনে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

SHEHNAAZ GILL HAD BLOCKED SALMAN KHANS CONTACT NUMBER KNOW WHY
শ্বেহনাজে কিয় ব্লক কৰিছিল ছলমানৰ নম্বৰ

চিটাৰা ডেস্ক, 14 এপ্ৰিল: অতি শীঘ্ৰেই ছবিগৃহত মুক্তি লাভ কৰিব বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ আগন্তুক ছবি ‘কিছি কা ভাই কিছি কি জান’। ছবিখন মুক্তি পাবলৈ মাজত মাত্ৰ এসপ্তাহ বাকী আছে (KKBKKJ cast in Kapil Sharma Show)। এনে পৰিস্থিতিত ছলমান খানে তেওঁৰ সমগ্ৰ দলৰ সৈতে পূৰ্ণ গতিত ছবিখনৰ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব শ্বেহনাজ গীল, পলক তিৱাৰীয়ে ৷

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ছবিখনৰ প্ৰচাৰৰ বাবে ছবিখনত অভিনয় কৰা কাষ্টৰ সৈতে জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’’ত উপস্থিত হয় (Shehnaaz in Kapil Sharma) । দ্য কপিল শৰ্মা শ্ব’ত শ্বেহনাজ গীলে ছলমান খানৰ বিষয়ে এক ডাঙৰ কথা প্ৰকাশ কৰে । শ্বেহনাজে কয় যে তেওঁ নজনাকৈয়ে ছলমান খানৰ নম্বৰটো ব্লক কৰিছিল (Salman Shehnaaz)।

শ্বেহনাজে কিয় ব্লক কৰিছিল ছলমান খানৰ নম্বৰ ?

শ্বেহনাজ গীলে শ্ব’টোত কয় যে অমৃতসৰত থকাৰ সময়ত তেওঁক ছলমান খান নামেৰে এটা ফোন আহিছিল । কলত শ্বেহনাজক কিচি কা ভাই কিচি কি জান ছবিখনৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু শ্বেহনাজে কয় যে এনে অফাৰৰ বহু ফোন আহি থাকে আৰু এই বুলি কৈ নম্বৰটো ব্লক কৰি দিয়ে । ইয়াৰ পিচত শ্বেহনাজক এটা মেছেজ আহে যে ছলমান খানে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে (Shehnaaz gill blocked Salman khans number)।

পিচত কেনেকৈ ছলমান খানৰ লগত কথা পাতিলে শ্বেহনাজ গীলে ?

ইয়াৰ পিচত শ্বেহনাজ গীলে ট্ৰুকলাৰত নম্বৰটো চেক কৰিলে, তাৰ পিচত অভিনেত্ৰীগৰাকীয়ে অনুভৱ কৰিলে যে আচলতে ছলমান খানেই তেওঁক ফোন কৰিছিল । ইয়াৰ পিচত শ্বেহনাজে ছলমানৰ সৈতে যোগাযোগ কৰে (Shehnaaz says she blocked Salman Khans number)।

শ্ব’টোত শ্বেহনাজে নিজৰ প্ৰথম ছবিখনৰ অভিজ্ঞতাৰ বিষয়ে কয় যে তেওঁ ছলমান খানৰ সৈতে কাম কৰি অতি আৰাম অনুভৱ কৰিছিল । উল্লেখ্য যে, ২১ এপ্ৰিলত মুক্তি পাব কিছি কা ভাই কিছি কি জান ছবিখন আৰু কিছুদিনৰ পিচত ছবিখনৰ এডভান্স বুকিং আৰম্ভ হ’ব ।

লগতে পঢ়ক: Palak Tiwari: ছলমানৰ ছবিৰ চেটত ছোৱালীৰ বাবে নিয়ম;পিন্ধিব নোৱাৰিব ৰিভিলিং কাপোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.