ETV Bharat / entertainment

Tapori Satya Passes Away: কানাড়া অভিনেতা তথা পৰিচালক তপৰি সত্য আৰু নাই

author img

By

Published : Apr 24, 2023, 9:35 PM IST

কানাড়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক তপৰি সত্যৰ দেহাৱসান । মাত্ৰ ৪৩ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে (Tapori Satya Passes Away) ।

Kannada actor director Tapori Satya passes away at the age of 43
অভিনেতা তথা পৰিচালক তপৰি সত্যৰ দেহাৱসান

চিটাৰা ডেস্ক, 24 এপ্ৰিল: কানাড়া চলচ্চিত্ৰ জগতৰ বাবে এটা দুখবৰ ৷ ইহলীলা সম্বৰণ কৰিলে জনপ্ৰিয় কানাড়া অভিনেতা তথা পৰিচালক তপৰি সত্যই (Tapori Satya Passes Away)। সোমবাৰে ৪৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে (Kannada actor Tapori Satya) ।

জানিব পৰা মতে কানাড়া অভিনেতা-পৰিচালকগৰাকীৰ বৃক্ক বিকল হোৱাত বহু দিনৰ পৰা চিকিৎসাধীন হৈ আছিল ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে পৰিচালকগৰাকীয়ে । মৃত্যুৰ সময়ত অভিনেতাগৰাকীয়ে মাতৃ, পত্নী আৰু তিনিগৰাকী কন্যা সন্তানক এৰি থৈ যায় । তথ্য অনুসৰি তেওঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল (Kannada actor director Tapori Satya) ।

উল্লেখ্য যে, তপৰি সত্যৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছে চলচ্চিত্ৰ জগতক । এটা টিভি নিউজ চেনেলৰ সৈতে হোৱা কথা-বতৰাত অভিনেতাগৰাকীৰ মাতৃ ৰুকাম্মাই কয়, ‘‘সত্য এসপ্তাহ ধৰি আই চি ইউত আছিল, তেওঁ সদায় ছবিৰ প্ৰতি উৎসৰ্গিত আছিল । সত্যই প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ মোৰ আৰু মোৰ পৰিয়ালৰ যত্ন ল’ব, সত্যৰ মৃত্যুত আমি স্তম্ভিত হৈছো ।’’ সত্যৰ মৃতদেহ জনসাধাৰণৰ অন্তিম দৰ্শনৰ বাবে বানাশংকৰীস্থিত তেওঁৰ বাসগৃহত ৰখা হ’ব (Tapori Satya dead)।

আজি শেষ ৰীতি-নীতি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । যোগেশ আৰু নন্দিতাৰ অভিনীত 'নন্দ লাভ নন্দিতা' ছবিত খলনায়কৰ স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল তপৰি সত্যই । ২০০৮ চনত মুক্তি পোৱা ছবিখন বক্স অফিচত হিট হৈছিল । ‘মেলা’ নামৰ এখন ছবি পৰিচালনা কৰি তেওঁ পৰৱৰ্তী পৰিচালনাৰ উদ্যোগৰ বাবে সাজু হৈছিল (Tapori Satya passes away at 43) ।

খবৰ অনুসৰি তেওঁ পৰৱৰ্তী পৰিচালনাৰ উদ্যোগৰ কাম আৰম্ভ কৰিছে আৰু অডিচন প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । এনে পৰিস্থিতিত তেওঁৰ পৃথিৱীৰ পৰা আঁতৰি যোৱাটো অনুৰাগীৰ লগতে ছবিজগতৰ বাবেও এক ডাঙৰ ক্ষতি (Tapori Satya passes away) ।

লগতে পঢ়ক: Sampath J Ram Suicide : কিয় আত্মহত্যা কৰিলে কানাড়া অভিনেতা সম্পথ জয়ৰামে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.