ETV Bharat / entertainment

টাইগাৰ ৩ ৰ সফলতাত ছলমান খানক ছানী দেওলে ক’লে এই কথা

author img

By ANI

Published : Nov 21, 2023, 12:14 PM IST

Sunny Deol Post: টাইগাৰ ৩ ৰ সফলতাৰ পিচতে ছলমান খানৰ বাবে পোষ্ট শ্বেয়াৰ কৰিছে ছানী দেওলে । পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিলে এই কথা ৷

"Jeet Gaye": Sunny Deol praises Salman Khan on success of 'Tiger 3'
টাইগাৰ ৩ ৰ সফলতাৰ পিচতে ছলমান খানৰ বাবে পোষ্ট ছানী দেওলৰ

চিটাৰা ডেস্ক, ২১ নৱেম্বৰ: দীপাৱলী উপলক্ষে মুক্তি পোৱা ছলমান খানৰ টাইগাৰ ৩ ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে । ১২ নৱেম্বৰত চিনেমাগৃহত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত ভাল ফলাফল লাভ কৰা দেখা গৈছে । ছবিখনত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে কেটৰিণা কাইফ আৰু ইমৰাণ হাশ্বমীক । কেৱল দেশতেই নহয়, বিশ্বজুৰি ভাল উপাৰ্জন কৰিছে ছবিখনে । ইফালে গদৰ ২ ৰ অভিনেতা ছানী দেওলে টাইগাৰ ৩ৰ সফলতাত সুখ প্ৰকাশ কৰিছে । অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত ছলমান খানৰ সৈতে নিজৰ এখন ফটো শ্বেয়াৰ কৰিছে । যিটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

টাইগাৰ ৩ ৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে প্ৰথম দিনাই ভাৰতত ৪৩ কোটি টকাৰ ব্যৱসায় কৰিছিল । টাইগাৰ ৩ য়ে মুকলি দিনৰ সংগ্ৰহতেই গদৰ ২ ৰ সংগ্ৰহক পিছ পেলাইছিল । বিশ্বব্যাপী টাইগাৰ ৩ য়ে এই পৰ্যন্ত ৩৭১ কোটি টকা সংগ্ৰহ কৰিছে । ছবিখনৰ এই সফলতাৰ পিচতে ছানীয়ে ছলমানক অভিনন্দন জনাইছে ।

ছলমানৰ সৈতে শ্বেয়াৰ কৰিলে নিজৰ ফটো

ছলমান খানক সাৱটি ধৰা এখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ছানী দেওলে । ফটো শ্বেয়াৰ কৰি ছানী দেওলে লিখিছে – বিজয়ী ।

ফটোখনক লৈ অনুৰাগীৰ মন্তব্য

ছানী দেওলৰ এই পোষ্টটোত অনুৰাগীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । এজন অনুৰাগীয়ে লিখিছে- বলীউডৰ দুই সিংহ একেলগে । আনহাতে আন এজনে লিখিছে- দুয়োজনেই একচন ভৰ্তি চিনেমা এখন লৈ আহিব লাগে ৷ যেনে জীত । এজন অনুৰাগীয়ে লিখিছে- জীত ২ ৰ পৰিকল্পনা কৰিছে নেকি ?

উল্লেখ্য যে, জীত ছবিখনত ছলমান খান আৰু ছানী দেওলে একেলগে কাম কৰিছে । এই ছবিখন ১৯৯৬ চনত মুক্তি লাভ কৰিছিল । জীত ছবিখনত ছলমান আৰু ছানীৰ সৈতে কৰিশ্মা কাপুৰ, অমৰীশ পুৰী আৰু টাবুৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । কিছুদিন পূৰ্বে ছানী দেওলে তেওঁৰ ইনষ্টা ষ্ট’ৰীত টাইগাৰ ৩ ৰ বাবে ছলমানক শুভকামনা জনাইছিল । তেওঁ লিখিছিল- টাইগাৰ জিন্দাবাদ ।

লগতে পঢ়ক: বিশ্বকাপৰ ফাইনেলৰ মাজতে অনুৰাগীক ছলমান খানে দিলে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.