ETV Bharat / entertainment

বিশ্বকাপৰ ফাইনেলৰ মাজতে অনুৰাগীক ছলমান খানে দিলে ভাল খবৰ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 3:18 PM IST

Salman Khan Confirm Tiger 4: ছলমান খান আৰু কেটৰিণা কাইফৰ ‘টাইগাৰ ৩’ ছবিখনে বক্স অফিচত ঢৌ তুলিছে । ইফালে এই ছবিখন বক্স অফিচত চলি থকাৰ সময়তে ‘টাইগাৰ ৪’ ৰ ইংগিত দিয়ে ছলমান খানে ।

Salman Khan drops hint about Tiger 4 along with Katrina Kaif at World Cup final 2023 - watch
ছলমান খানে নিশ্চিত কৰিলে টাইগাৰ ৪

চিটাৰা ডেস্ক, 20 নৱেম্বৰ: ছলমান খান আৰু কেটৰিণা কাইফৰ অভিনীত ছবি ‘টাইগাৰ ৩’ ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে । দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পোৱা ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । ইয়াৰ লগে লগে মুক্তি পোৱাৰ আঠ দিনৰ ভিতৰতে ছবিখনে ঘৰুৱা বজাৰত ২২০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইফালে এই ছবিখন ছবিগৃহত চলি থকাৰ মাজতে এতিয়া ছলমান খানে ‘টাইগাৰ ৪’ নিৰ্মাণৰ ইংগিত দিছে ৷ দেওবাৰে ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ ২০২৩ ৰ চূড়ান্ত খেলখন চলি থকাৰ সময়ত ছলমান খানে ‘টাইগাৰ ৪’ৰ কথা নিশ্চিত কৰে ।

ছলমান খানে নিশ্চিত কৰিলে ‘টাইগাৰ ৪’

আচলতে দেওবাৰে আইচিচি বিশ্বকাপ ২০২৩ ৰ ফাইনেলৰ সময়ত ছলমান আৰু কেটৰিণাই তেওঁলোকৰ শেহতীয়া মুক্তি পোৱা টাইগাৰ ৩ ৰ প্ৰচাৰ কৰিছিল । এই সময়চোৱাত কেটৰিণাই ক্ৰিকেটাৰ বিৰাট কোহলীৰ খেলৰ প্ৰতি থকা নিষ্ঠা আৰু আবেগক প্ৰশংসা কৰিছিল । কেটৰিণাই ক’লে, "আৰচিবিৰ হৈ আইপিএল খেলিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা বিৰাটৰ যাত্ৰা আৰু গ্ৰাফ চাওক ৷" ইয়াৰ পিচতে ছলমানে স্পষ্টকৈ কয়, ‘‘আপুনি টাইগাৰ ১ ৰ পৰা টাইগাৰ ৩ লৈকেও দেখিছে আৰু সেইটোও ৫৭ বছৰত । এতিয়া ৬০ বছৰ বয়সত টাইগাৰ ৪ ৰ বাবে অপেক্ষা কৰক ।"

'টাইগাৰ ৩'ৰ উপাৰ্জন

‘টাইগাৰ ৩’ৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাইছে । ৪৪.৫ কোটি টকাৰ সংগ্ৰহৰে আৰম্ভ হোৱা ছবিখনে তেতিয়াৰ পৰাই বিপুল সংকলন লাভ কৰি আহিছে । অৱশ্যে ইয়াৰ মাজতে ছবিখনৰ উপাৰ্জন কিছু কমি আহিছিল । দ্বিতীয় দেওবাৰে ইণ্ডিয়া বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ ২০২৩ৰ ফাইনেল মেচৰ বাবে ছবিখনৰ উপাৰ্জনত প্ৰভাৱ পৰিছিল আৰু ছবিখনে দেওবাৰে মাত্ৰ ১০.২৫ কোটি টকা উপাৰ্জন কৰিছিল । ইয়াৰ লগে লগে ‘টাইগাৰ ৩’ৰ আঠ দিনৰ মুঠ উপাৰ্জন এতিয়া ২২৯.৬৫ কোটি টকা হৈছেগৈ । দ্বিতীয় সপ্তাহত ছবিখনৰ উপাৰ্জন বৃদ্ধিৰ আশা কৰিছে নিৰ্মাতাসকলে ।

‘টাইগাৰ ৩’ৰ কথা ক’বলৈ গ’লে ই টাইগাৰ ফ্ৰেঞ্চাইজিৰ তৃতীয় পাৰ্ট আৰু YRF ৰ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি । ‘টাইগাৰ ৩’ত ছলমান খানে এজেণ্ট টাইগাৰৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছে আৰু কেটৰিণা কাইফে জোয়াৰ চৰিত্ৰত পুনৰ অভিনয় কৰিছে । ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি সকলোকে আচৰিত কৰি তুলিছে ইমৰাণ হাছমীয়ে । ৰেৱতী, ৰিদ্ধি ডোগ্ৰাকে ধৰি বহু অভিনেতাই এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

লগতে পঢ়ক: টিম ইণ্ডিয়াৰ সমৰ্থনত পোষ্ট শ্বেয়াৰ বলীউডৰ পৰা দক্ষিণলৈকে বহু তাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.