ETV Bharat / entertainment

How to Become Mr World: মিষ্টাৰ ৱৰ্ল্ড হোৱাৰ গোটেই প্ৰক্ৰিয়াটো কি ? ভাৰতত প্ৰথম কোনে প্ৰথম অৰ্জন কৰিছে এই খিতাপ

author img

By

Published : Aug 10, 2023, 6:07 PM IST

How to Become Mr World: know about Rules and Requirements
মিষ্টাৰ ৱৰ্ল্ড হোৱাৰ গোটেই প্ৰক্ৰিয়াটো জানি লওক

মিছ ইউনিভাৰ্ছ আৰু মিছ ৱৰ্ল্ডৰ দৰে সৌন্দৰ্য প্ৰতিযোগিতাৰ অতিশয় শলাগ লোৱা হয়। কিন্তু আপুনি জানেনে মিষ্টাৰ ৱৰ্ল্ড কম্পিটিচন কি আৰু ইয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটো কি ?

চিটাৰা ডেস্ক, 10 আগষ্ট: মিছ ইণ্ডিয়া, মিছ ইউনিভাৰ্ছকে ধৰি বহুতো সৌন্দৰ্য প্ৰতিযোগিতাৰ নাম আপুনি নিশ্চয় শুনিছে । এই সৌন্দৰ্য প্ৰতিযোগিতাসমূহো অতি জনপ্ৰিয় ৷ কিন্তু মিষ্টাৰ ৱৰ্ল্ডৰ বিষয়ে অতি কম মানুহেহে জানে । এই সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে নাৰীৰ সৌন্দৰ্যক যিদৰে দেখা যায়, একেদৰে পুৰুষৰ বাবেও মিষ্টাৰ ৱৰ্ল্ডৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । য’ত বিভিন্ন ঠাইৰ লোকে অংশগ্ৰহণ কৰে ।

মিষ্টাৰ ৱৰ্ল্ড কম্পিটিচন কি ?

মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ উদ্যোগত মিষ্টাৰ ৱৰ্ল্ড কম্পিটিচন অনুষ্ঠিত হয় । ই এক প্ৰকাৰৰ পুৰুষৰ সৌন্দৰ্য প্ৰতিযোগিতা । এই প্ৰতিযোগিতা ১৯৯৬ চনৰ পৰা আৰম্ভ হৈছিল । ইয়াত বহুতো ভিন্ন ৰাউণ্ড ৰখা হয় । ২০১৬ চনৰ ১৯ ​​জুলাইত ভাৰতৰ ৰোহিত খাণ্ডেলৱালে মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ মিষ্টাৰ ৱৰ্ল্ডৰ সৈতে চুক্তি স্বাক্ষৰিত হয় আৰু এই সময়ছোৱাত তেওঁ লণ্ডনত থাকে ।

মিছ ৱৰ্ল্ড হোৱাৰ প্ৰক্ৰিয়া কি ?

এতিয়া বহুতে হয়তো জানিব খোজে যে এই প্ৰতিযোগিতাত যোগদান কৰিবলৈ কি কৰিব লাগে । উল্লেখ্য যে, মিষ্টাৰ ৱৰ্ল্ড হ’বলৈ প্ৰথমে আপোনাৰ বয়স ১৭ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব । একে সময়তে আপোনাৰ উচ্চতা ৫ ফুট ৭ ইঞ্চিতকৈ অধিক হ’ব লাগিব । আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে আপুনি অবিবাহিত হ’ব লাগিব । আনকি আপুনিও বাগদানো কৰিব নোৱাৰিব ৷ ইয়াৰ উপৰিও আপোনাৰ হাতত থাকিব লাগে পাছপ’ৰ্ট ।

কি কি যত্ন ল’ব লাগিব আপুনি

১- নিজৰ প্ৰতিটো শব্দ বা কথা ভাৱি চিন্তি ক’ব লাগিব ৷

২- শৰীৰটো সুস্থ কৰি ৰাখিব লাগিব। দাঁতৰ পৰা আৰম্ভ কৰি গোটেই শৰীৰলৈকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব ।

৩- এই প্ৰতিযোগিতাত আপোনাৰ মুখখন অতি গুৰুত্বপূৰ্ণ। সেইবাবেই চুলিৰ ষ্টাইলটো অতি সাৱধানে কৰিব ।

৪- আপোনাৰ শৰীৰটো সুন্দৰ দেখাটো অতিকৈ গুৰুত্বপূৰ্ণ । গতিকে আপোনাৰ ফিটনেছ যিমান পাৰে ভাল ৰাখক ৷

৫- আপোনাৰ সাজ-পোছাক এনেকুৱা হ’ব লাগি যাতে মানুহে আপোনাক এবাৰ চালে চাইয়ে থাকে। সেইবাবেই সঠিক ৰঙৰ কাপোৰ বাছি ল’ব লাগিব ।

যিকি নহওক ইয়াৰ বাহিৰেও এনে বহু কথা আছে যিবোৰ এই প্ৰতিযোগিতাৰ সময়ত মানি চলিব লাগিব । যেনে প্ৰতিটো নিয়ম সঠিকভাৱে পালন কৰিব লাগিব । এটা ভুলে আপোনাক এই প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিব পাৰে ৷

লগতে পঢ়ক: Jailer twitter review: ব্লকবাষ্টাৰৰ টেগ লাভ কৰিলে ৰজনীকান্তৰ জেইলাৰ ছবিখনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.