ETV Bharat / entertainment

Jailer twitter review: ব্লকবাষ্টাৰৰ টেগ লাভ কৰিলে ৰজনীকান্তৰ জেইলাৰ ছবিখনে

author img

By

Published : Aug 10, 2023, 1:57 PM IST

আজি মুক্তি লাভ কৰিলে ৰজনীকান্তৰ ছবি জেইলাৰ ৷ জেইলাৰ মুক্তিৰ পিচতে টুইটাৰত ছবিখনক ব্লকবাষ্টাৰৰ টেগ প্ৰদান কৰিছে অনুৰাগীসকলে ৷

Jailer Twitter review: Fans declare Rajinikanth's film a blockbuster, hail director Nelson Dilipkumar for significant comeback
মুক্তি লাভ কৰিলে ৰজনীকান্তৰ ছবি জেইলাৰ

চিটাৰা ডেস্ক, 10 আগষ্ট: অপেক্ষাৰ অন্ত পৰিল ! অৱশেষত ৰজনীকান্তৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘জেইলাৰ’ ছবিগৃহত মুক্তি লাভ কৰিলে ৷ ছবিখনৰ মুক্তিৰ লগে লগে ৰজনীকান্তৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ ৷ ছুপাৰষ্টাৰগৰাকীৰ অনুৰাগীসকলে দক্ষিণৰ বহু ৰাজ্যৰ ছবিগৃহৰ বাহিৰত ঢোল, ক্ৰেকাৰ, বেনাৰ আদিৰে ছবিখনৰ প্ৰিমিয়াৰ উদযাপন কৰে । দুবছৰ পিচত পুনৰ এই ছবিখনৰ জৰিয়তে ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ৰজনীকান্ত ৷ যাৰ বাবে অনুৰাগীৰ মাজত দেখা গৈছে উল্লাস ৷

  • #Jailer flash back portions was one of the major highlight & enjoyed it to the max👌🤩
    Superstar #Rajinikanth getup was a total surprise & his Commendable role peaked there❤️‍🔥
    HUKUM !!

    — AmuthaBharathi (@CinemaWithAB) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পুৱা 6 বজাত ছবিগৃহত মুকলি হয় জেইলাৰ আৰু তেতিয়াৰ পৰাই টুইটাৰত #Jailer হেচটেগ ট্ৰেণ্ড হৈ আছে । ৰজনীকান্তৰ অনুৰাগীসকলে ৰজনীকান্তক পৰ্দাত দেখা পোৱাৰ লগে লগে ছবিগৃহত হুটিং আৰু নৃত্য কৰা দেখা যায় ৷ ইতিমধ্যেই ছবিখনক ব্লকবাষ্টাৰ বুলি অভিহিত কৰিছে অনুৰাগীয়ে ৷ কিছুমানৰ মতে ছবিখনৰ প্ৰধান আকৰ্ষণ হৈছে মাজৰ ভাগ আৰু ক্লাইমেক্স ।

অনিৰুদ্ধ ৰবিচন্দৰৰ গীত আৰু সংগীতে ছবিখনত যেন এক প্ৰকাৰে প্ৰাণ ঢালি দিছে ৷ কাভালা আৰু হুকুমৰ দৰে গীতৰ প্ৰতি দৰ্শকৰ প্ৰতিক্ৰিয়া আৰু উন্মাদনা ইতিমধ্যে ছ’চিয়েল মিডিয়াত দেখা গৈছে ৷ মেথিউৰ চৰিত্ৰত মোহনলাল আৰু এন্টাগ’নিষ্টৰ চৰিত্ৰত শিৱৰাজকুমাৰৰ সংযোজনে ছবিখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

ৰজনীকান্তৰ সমৰ্থকসকলে তেওঁৰ নতুন ছবিখনক কেৱল দক্ষিণ ভাৰততে নহয়, আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আদি কেইবাখনো বিদেশী ৰাষ্ট্ৰতো বিশেষ উদযাপন বাবে আদৰণি জনাইছে। সমগ্ৰ বিশ্বতে ছুপাৰষ্টাৰগৰাকীৰ উন্মাদনা দেখা পোৱা গৈছে । ইফালে টুইটাৰত ছুপাৰষ্টাৰগৰাকীৰ বহু অনুৰাগীয়ে নিজৰ মন্তব্য শ্বেয়াৰ কৰে ।

  • #Jailer review (THREAD) 🎬

    POSITIVES-

    - Two men, Rajinikanth & Anirudh literally carried the film all the way 🫡🔥

    - Villain characterization was better this time

    - Interval block 🥵

    - Cameo’s were a banger & that climax smoking shot of all 3 of them was a paisa vasool 🥶❤️‍🔥 pic.twitter.com/dbnTzjMobM

    — 𝙎𝘼𝙈𝙐𝙀𝙇 ✨ (@itsnot_samhere) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেতাজনৰ এজন অনুৰাগীয়ে টুইট কৰি কয় যে, "#জেলাৰৰ ফ্লেছ বেক পৰ্চনছ আছিল অন্যতম ডাঙৰ হাইলাইট আৰু ইয়াক উপভোগ কৰিছিলো ৷ ছুপাৰষ্টাৰ #ৰজনীকান্তৰ গেটআপটো সম্পূৰ্ণ আচৰিত আছিল আৰু তেওঁৰ প্ৰশংসনীয় ভূমিকাৰ বিষয়ে ক’বলৈ ভাষা নাই !!"

লগতে পঢ়ক: Mahesh Babu Bday Spcl: মহেশ বাবুৱে নাজানে তেলেগু ! মুখস্থ কৰি কয় সংলাপ, জানক মহেশ বাবুৰ বিষয়ে কিছু নজনা কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.