ETV Bharat / entertainment

Ganapath Teaser OUT: গণপতৰ টিজাৰ মুকলি, একচন অৱতাৰত দেখা গ’ল টাইগাৰ শ্ৰফ, কৃতি সেননক

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 4:39 PM IST

Ganapath Teaser released, Tiger Shroff and Kriti sanon in action avatar
গণপতৰ টিজাৰ মুকলি

টাইগাৰ শ্ৰফ, কৃতি সেনন আৰু অমিতাভ বচ্চনৰ অভিনীত একচন ছবি 'গণপত: এ হিৰো ইজ বৰ্ণ'ৰ টিজাৰ মুকলি হ’ল । চাওক টিজাৰ ৷

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: টাইগাৰ শ্ৰফ, কৃতি সেনন আৰু অমিতাভ বচ্চনৰ অভিনীত আগন্তুক একচন থ্ৰিলাৰ ছবি ‘গণপত: এ হিৰো ইজ বৰ্ণ’ৰ টিজাৰৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীৰ বাবে আহিছে এটা ভাল খবৰ । আজি অৰ্থাৎ ২৯ ছেপ্টেম্বৰত মুকলি হ’ল গণপত ছবিখনৰ টিজাৰ ।

উল্লেখ্য যে, পূৰ্বে ছবিখনৰ অফিচিয়েল টিজাৰ 27 ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰে মুক্তি পোৱাৰ কথা আছিল যদিও কিবা কাৰণত সেয়া পিছুৱাই দিয়া হয় ৷ 27 ছেপ্টেম্বৰত নিৰ্মাতাই ঘোষণা কৰে যে ছবিখন 27 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 29 ছেপ্টেম্বৰতে হে মুক্তি দিয়া হ’ব ৷ কথা মতেই কাম, অৱশেষত আজি মুক্তি দিয়া হ’ল ছবিখনৰ টিজাৰ ৷

কেনেকুৱা গণপতৰ টিজাৰ ?

গণপতৰ টিজাৰটো ১.৪৫ মিনিটৰ । ইয়াৰ কাহিনী আৰম্ভ হৈছে ২০৭০ খ্ৰীষ্টাব্দৰ পৰা আৰু পৰৱৰ্তী দৃশ্যত যান্ত্ৰিকীকৰণ আৰু তাৰ পিচত মানুহৰ মাজত যুদ্ধ দেখা পোৱা যায় । টিজাৰত দেখা গৈছে যে এই ছবিখন বৰ্তমান সময়তকৈ বহু আগুৱাই গৈছে । টিজাৰত কৃতি সেননেও একচন কৰি থকা দেখা গৈছে আৰু এটা দৃশ্যত অমিতাভ বচ্চনক পুনৰবাৰ তেওঁৰ ফ্লপ ছবি ‘থগছ অৱ হিন্দুস্তান’ৰ লুকত দেখা গৈছে।

  • " class="align-text-top noRightClick twitterSection" data="">

কেতিয়া মুক্তি পাব ছবিখন ?

ছবিখন এই দশেৰা অৰ্থাৎ ২০ অক্টোবৰত চিনেমাগৃহত মুক্তি পাব । ইয়াৰ পূৰ্বে ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰা হৈছিল । নতুন পোষ্টাৰখনত টাইগাৰ শ্ৰফ আৰু কৃতি সেননক পোজ দিয়া দেখা গৈছিল । বিকাশ বাহলে পৰিচালনা কৰিছে এই ছবিখন । 'গণপত- এ হিৰো ইজ বৰ্ণ' এখন কল্পনাতীত হাই একচনৰ ছবি ।

বাসু ভগনানী, জেকী ভগনানী, দীপশিখা দেশমুখ আৰু বিকাশ বেহেলে ছবিখনৰ প্ৰযোজনা কৰিছে । এই ছবিখন হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কানাড়া ভাষাত সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি পাব । ‘গণপত’ৰ উপৰিও টাইগাৰক অক্ষয় কুমাৰৰ সৈতে আগন্তুক একচন ছবি ‘বড়ে মিঞাঁ ছোটে মিঞাঁ’তো দেখা যাব ।

আলী আব্বাছ জাফৰৰ পৰিচালিত ‘বড়ে মিঞাঁ ছোটে মিঞাঁ’ ছবিখন ২০২৪ চনৰ ঈদ উপলক্ষে মুক্তি পাব । আনহাতে, ‘দ্য ক্ৰু’ত কৃতিক দেখা যাব বলিউডৰ ‘বেবো’ কৰীণা কাপুৰ খান, টাবু আৰু পাঞ্জাবী তাৰকা দিলজিৎ দোসাঞ্জৰ সৈতে । ইয়াৰ উপৰিও প্ৰবীণ অভিনেত্ৰী কাজলৰ সৈতে ‘ডু পট্টি’ ছবিতো দেখা যাব কৃতিক ।

লগতে পঢ়ক: Salaar Release Date: প্ৰভাস বনাম শ্বাহৰুখ খান ! ঘোষণা হ’ল ‘ছালাৰ’ৰ নতুন মুক্তিৰ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.