ETV Bharat / entertainment

Salaar Release Date: প্ৰভাস বনাম শ্বাহৰুখ খান ! ঘোষণা হ’ল ‘ছালাৰ’ৰ নতুন মুক্তিৰ তাৰিখ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 1:04 PM IST

প্ৰভাসৰ অভিনীত ছালাৰৰ মুক্তিৰ তাৰিখ ঘোষণা ৷ আদিপুৰুষৰ ফ্লপৰ পিচত এই ছবিখনক লৈ প্ৰভাসৰ বহু আশা । ইফালে বাহুবলী তাৰকাৰ এই আগন্তুক ছবিখনৰ নতুন পোষ্টাৰ আৰু মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে ৷ কিন্তু ছবিখনৰ মুক্তিৰ তাৰিখৰ পৰা নিশ্চিত যে প্ৰভাসৰ ছালাৰ শ্বাহৰুখ খানৰ ছবি ডাংকিৰ সৈতে বক্স অফিচত সংঘৰ্ষ হ’ব।

Salaar vs Dunki release clash confirmed, makers of Prabhas starrer announce date with new poster
ছালাৰৰ মুক্তিৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ: দক্ষিণ চিনেমাৰ ছুপাৰষ্টাৰ প্ৰভাসৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘ছালাৰ’ সন্দৰ্ভত এটা ডাঙৰ খবৰ আহিছে ৷ এই ছবিখনৰ নতুন মুক্তিৰ তাৰিখলৈ অনুৰাগীসকলে বহুদিনৰে পৰা অপেক্ষা কৰি আছিল । এনে পৰিস্থিতিত শুকুৰবাৰে নিৰ্মাতাই ঘোষণা কৰিছে ‘ছালাৰ-পাৰ্ট 1 ছিজফাইৰ’ৰ নতুন মুক্তিৰ তাৰিখ ।

ইয়াৰ লগতে ছবিখনৰ পৰা প্ৰভাসৰ শেহতীয়া পোষ্টাৰো শ্বেয়াৰ কৰিছে । ‘ছালাৰ’ৰ নতুন মুক্তিৰ তাৰিখে নিশ্চিত কৰিছে যে কে জি এফৰ পৰিচালক প্ৰশান্ত নীলৰ এই ছবিখনে শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘ডাংকি’ৰ সৈতে বক্স অফিচত সংঘৰ্ষ কৰিব ৷

ছালাৰৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা

প্ৰভাসৰ ‘ছালাৰ’ বহুদিনৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । এই ছবিখনৰ বাবে অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল । কে জি এফ অধ্যায় ২ ৰ সফলতাৰ পিচত এতিয়া প্ৰভাসৰ ছালাৰত ব্যস্ত হৈ পৰিছে পৰিচালক প্ৰশান্ত নীল । ইতিমধ্যে Salaar-Part-1 Ceasefire ৰ টিজাৰ মুকলি কৰা হৈছে, যিটো চোৱাৰ পিচত এই ছবিখনৰ বাবে অনুৰাগীৰ উৎসুকতা আৰু অধিক বৃদ্ধি পাইছে ।

কিন্তু এতিয়া আপোনাৰ উত্তেজনাৰ মাত্ৰা দুগুণ হ’ব, কাৰণ ছালাৰৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে ৷ শুকুৰবাৰে প্ৰভাসে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত ছালাৰৰ শেহতীয়া পোষ্টাৰ শ্বেয়াৰ কৰে, য’ত অভিনেতাজনৰ শক্তিশালী ৰূপ দেখা গৈছে । এই পোষ্টাৰৰ লগতে বাহুবলী ছুপাৰষ্টাৰে ‘ছালাৰ’ ছবিখন 2023 চনৰ 22 ডিচেম্বৰত ছবিগৃহত মুক্তি পাব বুলি ঘোষণা কৰিছে ৷

‘ডাংকি’ৰ সৈতে 'ছালাৰ'ৰ প্ৰতিযোগিতা

শেহতীয়াকৈ এটা খবৰ আহিছিল যে ‘ছালাৰ’ ছবিখনে হয়তো শ্বাহৰুখ খানৰ পৰৱৰ্তী ছবি ‘ডাংকি’ৰ সৈতে প্ৰতিযোগিতাত কৰিব পাৰে । এনে পৰিস্থিতিত ছালাৰৰ নতুন মুক্তিৰ তাৰিখ ঘোষণাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিছে যে বক্স অফিচত ‘ছালাৰ’ আৰু ‘ডাংকি’ৰ মাজত নিশ্চিতভাৱে জনপ্ৰিয়তাৰ যুঁজ হ’ব । কাৰণ দুয়োখন ছবিৰ মুক্তিৰ তাৰিখ 22 ডিচেম্বৰ ৷

লগতে পঢ়ক: Chandramukhi 2 Collection Day 1: প্ৰথম দিনাই বক্স অফিচত চূড়ান্তভাৱে বিফল কংগনা ৰাণাৱটৰ চন্দ্ৰমুখী ২

লগতে পঢ়ক: Prabhas wax statue: মহীশূৰ সংগ্ৰহালয়ৰ পৰা কিয় আঁতৰোৱা হ’ব প্ৰভাসৰ প্ৰতিমূৰ্তি ? জানি লওক কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.